--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় সংগীত জগতত কেতিয়াও পূৰণ নোহোৱা এক শূন্যতাৰ সৃষ্টি কৰি পৰলোকলৈ গমন কৰিলে কিংবদন্তি শিল্পী লতা মংগেশকাৰে। ২০২২ চনৰ ৬ ফেব্ৰুৱাৰী দিনটো ভাৰতীয়ৰ বুকুত এক নজহা-নপমা দুখ হৈ ৰৈ যাব কিয়নো সেইদিনাই সকলোকে শোকস্তব্ধ কৰি চিৰদিনলৈ গুচি গ'ল সুৰ সম্ৰাজ্ঞী লতা মংগেশকাৰ। লতাজীৰ মৃত্যুৰ পাছত তেওঁক সুঁৱৰি বহুজনে ফটো,ভিডিঅ' আদি ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি আছে। এইখিনিতে এটা ভিডিঅ' তীব্ৰ গতিত ভাইৰেল হৈছে। সৰু ক্লিপৰ ভিডিঅ'টোত লতাজীক কোনোবাই প্ৰশ্ন সোধা দেখা গৈছিল। লতাজীক সুধিছিল ''যদি তেওঁ পুনৰ জনম লাভ কৰে তেন্তে তেওঁ পুনৰ লতা মংগেশকাৰ হ'ব বিচাৰিব নেকি?'' এই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগতে, লতা মংগেশকাৰে হাঁহিছিল আৰু কৈছিল ''আগতেও মোক এই প্ৰশ্ন সোধা হৈছিল, সেই উত্তৰ মোৰ ওচৰত আজিও একেই আছে। পুনৰ জনম নোপোৱাই ভাল। যদি মই কেনেবাকৈ পুনৰ জন্মগ্ৰহণ কৰোঁ তেন্তে মই কেতিয়াও লতা মংগেশকাৰ হ'ব নিবিচাৰো। এই জীৱনটোৰ দুখ কেৱল লতা মংগেশকাৰেহে জানে, বাকী কোনেও নাজানে।''এই কথা কওঁতে এক দুখৰ ছায়াই তেওঁৰ দুচকুত খেলা কৰি গৈছিল। লতা মংগেশকাৰৰ এই ভিডিঅ'টো তেওঁৰ এটা ফেন পেজে শ্বেয়াৰ কৰিছে। সঁচাকৈয়ে বুকুত কি দুখ কঢ়িয়াই এই পৃথিৱীক চিৰবিদায় জনালে সুৰ সম্ৰাজ্ঞীয়ে...এই প্ৰশ্ন এতিয়া বহুতৰে মনত জাগি উঠিছে। উল্লেখ্য যে যোৱা ৮ জানুৱাৰীত লতা মংগেশকাৰ কৰ'না ভাইৰাছত আক্ৰান্ত হৈছিল। তেওঁক মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ পাছত তেওঁৰ স্বাস্থ্য নিশ্চিতভাৱে উন্নত হৈছিল যদিও পুনৰ নিউমোনিয়াত আক্ৰান্ত হয়। ৫ ফেব্ৰুৱাৰীত লতাজীৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি হয় আৰু তেওঁক ভেণ্টিলেটৰলৈ স্থানান্তৰিত কৰা হয়। অৱশেষত চিকিৎসকৰ আপ্ৰাণ চেষ্টাৰ পাছতো ৬ ফেব্ৰুৱাৰীত নিয়তিৰ কোলাত শুই পৰে লতা মংগেশকাৰ। আৰু পঢ়কঃ ৰাম মন্দিৰত বাজিব ৬ ফুট ওখ,৫ ফুট বহল ২১০০ কেজিৰ ঘণ্টা!২ কিঃমিলৈকে শুনিব ধ্বনি

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন