--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতীয় সংগীত জগতত কেতিয়াও পূৰণ নোহোৱা এক শূন্যতাৰ সৃষ্টি কৰি পৰলোকলৈ গমন কৰিলে কিংবদন্তি শিল্পী লতা মংগেশকাৰে। ২০২২ চনৰ ৬ ফেব্ৰুৱাৰী দিনটো ভাৰতীয়ৰ বুকুত এক নজহা-নপমা দুখ হৈ ৰৈ যাব কিয়নো সেইদিনাই সকলোকে শোকস্তব্ধ কৰি চিৰদিনলৈ গুচি গ'ল সুৰ সম্ৰাজ্ঞী লতা মংগেশকাৰ। লতাজীৰ মৃত্যুৰ পাছত তেওঁক সুঁৱৰি বহুজনে ফটো,ভিডিঅ' আদি ছ'চিয়েল মিডিয়াত শ্বেয়াৰ কৰি আছে। এইখিনিতে এটা ভিডিঅ' তীব্ৰ গতিত ভাইৰেল হৈছে। সৰু ক্লিপৰ ভিডিঅ'টোত লতাজীক কোনোবাই প্ৰশ্ন সোধা দেখা গৈছিল। লতাজীক সুধিছিল ''যদি তেওঁ পুনৰ জনম লাভ কৰে তেন্তে তেওঁ পুনৰ লতা মংগেশকাৰ হ'ব বিচাৰিব নেকি?'' এই প্ৰশ্নটোৰ উত্তৰ দিয়াৰ আগতে, লতা মংগেশকাৰে হাঁহিছিল আৰু কৈছিল ''আগতেও মোক এই প্ৰশ্ন সোধা হৈছিল, সেই উত্তৰ মোৰ ওচৰত আজিও একেই আছে। পুনৰ জনম নোপোৱাই ভাল। যদি মই কেনেবাকৈ পুনৰ জন্মগ্ৰহণ কৰোঁ তেন্তে মই কেতিয়াও লতা মংগেশকাৰ হ'ব নিবিচাৰো। এই জীৱনটোৰ দুখ কেৱল লতা মংগেশকাৰেহে জানে, বাকী কোনেও নাজানে।''এই কথা কওঁতে এক দুখৰ ছায়াই তেওঁৰ দুচকুত খেলা কৰি গৈছিল। লতা মংগেশকাৰৰ এই ভিডিঅ'টো তেওঁৰ এটা ফেন পেজে শ্বেয়াৰ কৰিছে। সঁচাকৈয়ে বুকুত কি দুখ কঢ়িয়াই এই পৃথিৱীক চিৰবিদায় জনালে সুৰ সম্ৰাজ্ঞীয়ে...এই প্ৰশ্ন এতিয়া বহুতৰে মনত জাগি উঠিছে। উল্লেখ্য যে যোৱা ৮ জানুৱাৰীত লতা মংগেশকাৰ কৰ'না ভাইৰাছত আক্ৰান্ত হৈছিল। তেওঁক মুম্বাইৰ ব্ৰিচ কেণ্ডি চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ইয়াৰ পাছত তেওঁৰ স্বাস্থ্য নিশ্চিতভাৱে উন্নত হৈছিল যদিও পুনৰ নিউমোনিয়াত আক্ৰান্ত হয়। ৫ ফেব্ৰুৱাৰীত লতাজীৰ স্বাস্থ্যৰ দ্ৰুত অৱনতি হয় আৰু তেওঁক ভেণ্টিলেটৰলৈ স্থানান্তৰিত কৰা হয়। অৱশেষত চিকিৎসকৰ আপ্ৰাণ চেষ্টাৰ পাছতো ৬ ফেব্ৰুৱাৰীত নিয়তিৰ কোলাত শুই পৰে লতা মংগেশকাৰ। আৰু পঢ়কঃ ৰাম মন্দিৰত বাজিব ৬ ফুট ওখ,৫ ফুট বহল ২১০০ কেজিৰ ঘণ্টা!২ কিঃমিলৈকে শুনিব ধ্বনি

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
ৰাষ্ট্ৰপতি মেক্ৰনৰে প্ৰধানমন্ত্ৰী মোদীৰ বাৰ্তালাপ; ভাৰত-ফ্ৰান্সৰ কৌশলগত সহযোগিতা বৃদ্ধিত গুৰুত্ব
দেৰগাঁৱৰ জাফ্ৰিনা ৰহমানৰ মৃত্যু হত্যা নে আত্মহত্যা? অভিযুক্ত স্বামী আৰক্ষী বাবেই সাৰি যাব নেকি?
শিলচৰত মৰ্মান্তিক ঘটনা! পুত্ৰই কৰা অপৰাধ সহ্য কৰিব নোৱাৰি চৰম সিদ্ধান্ত পিতৃৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা
স্বাধীনতা দিৱসৰ দিনটোতে আৰক্ষীৰ জালত পৰিল স্বাধীন বৰা সহ চাৰি ড্ৰাগছ সৰবৰাহকাৰী
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা