--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হিমালয়ৰ পাদদেশত অৱস্থিত প্ৰাকৃতিক সৌন্দৰ্য্যৰে ভৰপূৰ হিন্দু তীৰ্থস্থান তথা দেৱভূমি বুলি জনাজাত উত্তৰাখণ্ড। শেহতীয়াকৈএটা বিশেষ খবৰৰ বাবে চৰ্চা লাভ কৰিছে ৰাজ্য খনে।উত্তৰাখণ্ডৰ পিথোৰাগড়স্থিত ওম পাৰ্বতৰ পৰা অদৃশ্য হৈ পৰিছে 'ওম' চিহ্ন।এই ঘটনাই স্তম্ভিত   কৰি তুলিছে উত্তৰাখণ্ডবাসীক ।

জানিব পৰা মতে, ওম পাৰ্বতৰ এই ওম চিহ্ন মানৱ সৃষ্ট নহয়, স্বাভাৱিকভাৱে গঢ় লৈ উঠিছিল এই চিহ্ন। জনসাধাৰণে প্ৰাকৃতিক কাৰণবসত এনেকুৱা হ’ব পাৰে বুলি ধাৰণা কৰিছে, একাংশ লোকে ইয়াত কোনো দুষ্ট চক্ৰৰ হস্তক্ষেপ আছে বুলি সন্দেহ প্ৰকাশ কৰিছে। ৰাজ্যখনৰ সংস্কৃতি আৰু ঐতিহ্যৰ বাহক আছিল ওম পাৰ্বত আৰু ইয়াৰ ওম চিহ্ন। এই ঘটনাৰ তদন্তৰ দাবী কৰিছে জনসাধাৰণে। ওম প্ৰতীক পুনৰুদ্ধাৰৰ বাবে অনুৰোধ জনাইছে চৰকাক।চৰকাৰে এই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে বুলি জানিব পৰা গৈছে।

ওম পৰ্বতৰ ওম চিহ্ন অদৃশ্য হোৱাৰ ঘটনাই স্তম্ভিত কৰি তুলিছে সাধাৰণ ৰাইজক।পৰ্বতটোত থকা ওম চিহ্নৰ বাবে জনাজাত এই পৰ্বত। হিন্দু ধৰ্ম অনুসৰি ইয়াক পবিত্ৰ বুলি গণ্য কৰা হয়। ওম চিহ্ন নোহোৱা হোৱাৰ কাৰণ এতিয়াও ৰহস্যৰ আৱৰ্তত।পৰ্বতৰ ওম চিহ্ন স্বাভৱিক ভবে দৃশ্যমান হ’ব বুলি আশা কৰিছে উত্তৰাখণ্ডবাসীয়ে

জলবায়ু পৰিৱৰ্তনৰ প্ৰভাৱ বুলিও কব খোজে একাংশ লোকে, বৰ্ধিত উত্তাপ আৰু বতৰৰ দ্ৰুত পৰিৱৰ্তনৰ বাবে ব্যাপকভাৱে বৰফৰ পৰিমাণ হ্ৰাস পাইছে। পৰিবেশ সুৰক্ষাৰ বাবে এতিয়াও সচেতন নহ’লে এনেদৰেই হেৰাই যাব প্ৰকৃতিৰ অপূৰ্ব সৃষ্টি।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ