--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দ্ৰৌপদী মুৰ্মু দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাত উছাহৰ জোৱাৰ উঠিছে কোকৰাঝাৰতো৷ কোকৰাঝাৰত ফটকা ফুটাই বিজয়োৎসৱ পালন কৰিলে বিজেপিয়ে৷ এনডিএৰ  প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাত কোকৰাঝাৰত বিজেপিয়ে ফটকা- আতচবাজী ফুটাই বিজয়োৎসৱ পালন কৰে৷

দেশৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে এগৰাকী আদিবাসী মহিলা দ্ৰৌপদী মুৰ্মুয়ে দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাত কোকৰাঝাৰ বিজেপিয়ে বিজয়োৎসৱ পালন কৰাৰ লগতে দ্ৰৌপদী মুৰ্মুলৈ অভিনন্দন জ্ঞাপন কৰে। কোকৰাঝাৰ জিলা বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত জিলা বিজেপিয়ে বিজয়োৎসৱ পালন কৰাৰ লগতে জিলাখনৰ মণ্ডল পৰ্যায়তো বিজয়োৎসৱ পালন কৰে বিজেপিৰ নেতা- কৰ্মীসকলে৷ 

বিজয়োৎসৱ পালনৰ অন্তত কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি ৰাজকুমাৰ ব্ৰহ্মই ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মুৰ্মু নিৰ্বাচিত হোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূমিকাক প্ৰশংসা কৰে। বিজেপিয়ে যে সকলো জাতি - জনগোষ্ঠীক লৈ আগবাঢ়ি যাব খোজে ইয়ে ডাঙৰ প্ৰমাণ বুলি মন্তব্য কৰি ৰাজকুমাৰ ব্ৰহ্মই আজিৰ এই ক্ষণ ঐতিহাসিক ক্ষণ বুলি মন্তব্য কৰি নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে থলুৱাৰ সুখ-দুখ বুজি পাব বুলি আশা প্ৰকাশ কৰিছে৷

কোকৰাঝাৰত আজিৰ বিজয়োৎসৱত বিটিআৰৰ পাৰিষদ তথা বিজেপি নেতা ৰাজীৱ কুমাৰ ব্ৰহ্মকে ধৰি জিলা বিজেপিৰ কেইবাগৰাকী নেতৃবৃন্দ উপস্থিত আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ