--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: দ্ৰৌপদী মুৰ্মু দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাত উছাহৰ জোৱাৰ উঠিছে কোকৰাঝাৰতো৷ কোকৰাঝাৰত ফটকা ফুটাই বিজয়োৎসৱ পালন কৰিলে বিজেপিয়ে৷ এনডিএৰ  প্ৰাৰ্থী দ্ৰৌপদী মুৰ্মু দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাত কোকৰাঝাৰত বিজেপিয়ে ফটকা- আতচবাজী ফুটাই বিজয়োৎসৱ পালন কৰে৷

দেশৰ ইতিহাসত পোনপ্ৰথমবাৰৰ বাবে এগৰাকী আদিবাসী মহিলা দ্ৰৌপদী মুৰ্মুয়ে দেশৰ ৰাষ্ট্ৰপতি হিচাপে নিৰ্বাচিত হোৱাত কোকৰাঝাৰ বিজেপিয়ে বিজয়োৎসৱ পালন কৰাৰ লগতে দ্ৰৌপদী মুৰ্মুলৈ অভিনন্দন জ্ঞাপন কৰে। কোকৰাঝাৰ জিলা বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত জিলা বিজেপিয়ে বিজয়োৎসৱ পালন কৰাৰ লগতে জিলাখনৰ মণ্ডল পৰ্যায়তো বিজয়োৎসৱ পালন কৰে বিজেপিৰ নেতা- কৰ্মীসকলে৷ 

বিজয়োৎসৱ পালনৰ অন্তত কোকৰাঝাৰ জিলা বিজেপিৰ সভাপতি ৰাজকুমাৰ ব্ৰহ্মই ৰাষ্ট্ৰপতি হিচাপে দ্ৰৌপদী মুৰ্মু নিৰ্বাচিত হোৱাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ভূমিকাক প্ৰশংসা কৰে। বিজেপিয়ে যে সকলো জাতি - জনগোষ্ঠীক লৈ আগবাঢ়ি যাব খোজে ইয়ে ডাঙৰ প্ৰমাণ বুলি মন্তব্য কৰি ৰাজকুমাৰ ব্ৰহ্মই আজিৰ এই ক্ষণ ঐতিহাসিক ক্ষণ বুলি মন্তব্য কৰি নৱনিৰ্বাচিত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে থলুৱাৰ সুখ-দুখ বুজি পাব বুলি আশা প্ৰকাশ কৰিছে৷

কোকৰাঝাৰত আজিৰ বিজয়োৎসৱত বিটিআৰৰ পাৰিষদ তথা বিজেপি নেতা ৰাজীৱ কুমাৰ ব্ৰহ্মকে ধৰি জিলা বিজেপিৰ কেইবাগৰাকী নেতৃবৃন্দ উপস্থিত আছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
গোৱালপাৰাৰ মৰনৈত নৈত গা ধুবলৈ গৈ ২ কিশোৰীৰ মৃত্যু
প্রধানমন্ত্রীক সাক্ষাৎ কৰি ৰাজ্যৰ আৰ্থ-সামাজিক পৰিৱেশৰ বিষয়ে জনালে মুখ্যমন্ত্রীয়ে
হীৰেন ভট্টাচাৰ্যৰ জন্মগৃহ ৰূপান্তৰ হ'ব স্মৃতিক্ষেত্রলৈ
অভিনেত্ৰী নন্দিনী কাশ্যপৰ গাড়ীৰ খুন্দাত আহত ছামিউল হকৰ কৰুণ মৃত্যু
আজি আন্তজাৰ্তিক ব্যাঘ্ৰ দিৱস! বিশ্বৰ জনসংখ্যাৰ ৭৫ শতাংশ বাঘ সংৰক্ষিত হৈ আছে ভাৰতত
মাটি খান্দোতে মুছলমানৰ ঘৰত ওলাল শিৱলিংগ! মন্দিৰৰ বাবে মাটি দান কৰিলে মুছলমান পৰিয়ালটোৱে