--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২০ চনৰ দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ দিনা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল এটি কণমানি। টুইটাৰতো কণমানি শিশুটিৰ ফটো ট্ৰেণ্ডিঙত আছিল। মূৰত আপৰ টুপী,চকুত চশমা, ডিঙিত ক’লা মাফলাৰ,আঁকি লোৱা মোচ আৰু ৰঙা ৰঙৰ ছুৱেটাৰ পৰিহিত কণমানিটিয়ে ধাৰণ কৰিছিল অৰবিন্দ কেজৰিৱালৰ ৰূপ। এই ৰূপত কণমানিটি জনপ্ৰিয় হৈ পৰিছিল ‘দ্য বেবি মাফলাৰ মেন’ নামেৰে। দিল্লীৰ ৰাজপথত ঘূৰি চৰ্চিত হোৱা শিশুটিক কোনো কোনোৱে নাম দিলে ‘বেবি কেজৰিৱাল’ আৰু ‘ছ’টা কেজৰিৱাল’ আৰু কিছুমানে নাম দিলে মিনি কেজৰিৱাল। এই কণমানি কেজৰিৱালৰ নাম হৈছে অবয়ান তমাৰ। দিল্লীৰ ময়ুৰ বিহাৰত বাস কৰা আপ কৰ্মী ৰাহুল তমাৰৰ পুত্ৰ অবয়ান তমাৰৰ সেইসময়ত বয়স আছিল মাত্ৰ ১ বছৰ। সেই কণমানি অবয়ান তমাৰ এইবাৰ পঞ্জাৱৰ নিৰ্বাচনৰ পাছত পুনৰ চৰ্চিত হৈ পৰিছে। পঞ্জাৱৰ নৱ নিযুক্ত মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ দৰে পাগুৰি মাৰি অবয়ান উপস্থিত হয় আপৰ কাৰ্যালয়ত। অবয়ানৰ এই নতুন ৰূপেও সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। উল্লেখযোগ্য যে ২০১৫ চনতো বিধানসভা নিৰ্বাচনত আপে জয় লাভ কৰাৰ পাছত অবয়ানৰ পিতৃয়ে জ্যেষ্ঠ কন্যাকো কেজৰিৱাল সজাই দিল্লীৰ কাৰ্যালয়লৈ আনিছিল। এইবাৰো ভগৱন্ত মানৰ ৰূপত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে কণমানি অবয়ান। আৰু পঢ়কঃ হোলীৰ দিনটো কেনে যাব আপোনাৰ…ৰাশিফল চাওঁ আহক BFC Banner
FOLLOW US F
POPULAR
FEATURE
TRENDY
তেলেংগনাত ৰাষ্ট্ৰীয় এলিট মহিলা বক্সিং ; ‘টপ’ক প্ৰতিনিধিত্ব কৰি খেলিব দুই অসম কন্যা লাভলিনা-অংকুশিতাই
সফল অস্ত্ৰোপচাৰৰ পিছত অনুৰাগীলৈ বিশেষ বাৰ্তা সূৰ্যকুমাৰ যাদৱৰ
চি বি এছ ইত বছৰত দুবাৰ হ'ব দশম শ্ৰেণীৰ পৰীক্ষা
পাকিস্তানক 'পাৰমাণৱিক শত্রু' ঘোষণা কৰিব আমেৰিকাই
বিশ্বৰ ভিতৰত দক্ষিণ এছিয়াই আটাইতকৈ বেছি ভূগৰ্ভৰ জল ব্যৱহাৰ কৰে
প্ৰতিৰক্ষা ব্যয়ৰ বাবে কৰিব জি ডি পিৰ ৫% বাৰ্ষিক বিনিয়োগ
তৎকাল টিকট বুকিঙৰ নিয়ম সলনি: ১ জুলাইৰ পৰা IRCTC একাউণ্টৰ সৈতে আধাৰ লিংক কৰাটো বাধ্যতামূলক
ভাৰতত নিষিদ্ধ পাকিস্তানী ক্ৰিকেটাৰ কিন্তু ভাৰতৰ বাহিৰত আম্বানী, আদানী, শ্বাহৰুখ খানৰ হৈ খেলি আছে এইসকল ক্ৰিকেটাৰে
প্ৰেমিকাক কোলাত বহুৱাই ৰাজপথত প্ৰেমিকৰ বাইক ষ্টাণ্ট! ৫৩,৫০০ টকাৰ জৰিমনা আৰক্ষীৰ
লামডিঙত ন'বোৱাৰীৰ ৰহস্যজনক মৃত্যুক কেন্দ্ৰ কৰি সমগ্ৰ অঞ্চলজুৰি উত্তাল প্ৰতিবাদ
পশ্চিম কাৰ্বিআংলঙত চাকৰিৰ নামত ধন সংগ্ৰহৰ অভিযোগ এগৰাকী মহিলাৰ বিৰুদ্ধে
যোৰহাটৰ পুৰণা বাছ আস্থানত গেছৰ পাইপ ফটাত তীব্ৰ আতংক
ইৰানক লক্ষ্য কৰি মধ্যপ্রাচ্যত আমেৰিকাৰ ৰণসজ্জা
পুনৰ বাতিল ৪ আন্তঃৰাষ্ট্ৰীয়সহ ৮ বিমান সেৱা