--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২০ চনৰ দিল্লীৰ বিধানসভা নিৰ্বাচনৰ ফলাফলৰ দিনা ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছিল এটি কণমানি। টুইটাৰতো কণমানি শিশুটিৰ ফটো ট্ৰেণ্ডিঙত আছিল। মূৰত আপৰ টুপী,চকুত চশমা, ডিঙিত ক’লা মাফলাৰ,আঁকি লোৱা মোচ আৰু ৰঙা ৰঙৰ ছুৱেটাৰ পৰিহিত কণমানিটিয়ে ধাৰণ কৰিছিল অৰবিন্দ কেজৰিৱালৰ ৰূপ। এই ৰূপত কণমানিটি জনপ্ৰিয় হৈ পৰিছিল ‘দ্য বেবি মাফলাৰ মেন’ নামেৰে। দিল্লীৰ ৰাজপথত ঘূৰি চৰ্চিত হোৱা শিশুটিক কোনো কোনোৱে নাম দিলে ‘বেবি কেজৰিৱাল’ আৰু ‘ছ’টা কেজৰিৱাল’ আৰু কিছুমানে নাম দিলে মিনি কেজৰিৱাল। এই কণমানি কেজৰিৱালৰ নাম হৈছে অবয়ান তমাৰ। দিল্লীৰ ময়ুৰ বিহাৰত বাস কৰা আপ কৰ্মী ৰাহুল তমাৰৰ পুত্ৰ অবয়ান তমাৰৰ সেইসময়ত বয়স আছিল মাত্ৰ ১ বছৰ। সেই কণমানি অবয়ান তমাৰ এইবাৰ পঞ্জাৱৰ নিৰ্বাচনৰ পাছত পুনৰ চৰ্চিত হৈ পৰিছে। পঞ্জাৱৰ নৱ নিযুক্ত মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ দৰে পাগুৰি মাৰি অবয়ান উপস্থিত হয় আপৰ কাৰ্যালয়ত। অবয়ানৰ এই নতুন ৰূপেও সকলোৰে দৃষ্টি আকৰ্ষণ কৰে। উল্লেখযোগ্য যে ২০১৫ চনতো বিধানসভা নিৰ্বাচনত আপে জয় লাভ কৰাৰ পাছত অবয়ানৰ পিতৃয়ে জ্যেষ্ঠ কন্যাকো কেজৰিৱাল সজাই দিল্লীৰ কাৰ্যালয়লৈ আনিছিল। এইবাৰো ভগৱন্ত মানৰ ৰূপত ছ’চিয়েল মিডিয়াত ভাইৰেল হৈছে কণমানি অবয়ান। আৰু পঢ়কঃ হোলীৰ দিনটো কেনে যাব আপোনাৰ…ৰাশিফল চাওঁ আহক BFC Banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন