--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ গুজৰাট চৰকাৰৰ অভিনৱ পদক্ষেপ। ২০২২-২৩ শিক্ষাবৰ্ষৰ পৰা ৰাজ্যজুৰি ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ পাঠ্যক্ৰমত ভগৱৎ গীতা বাধ্যতামূলক বুলি বৃহস্পতিবাৰে বিধানসভাত ঘোষণা কৰে। শিক্ষামন্ত্ৰী জিতু বাঘানীয়ে শিক্ষা বিভাগৰ বাবে বাজেট আৱণ্টনৰ ওপৰত কৰা আলোচনাৰ সময়ত চৰকাৰৰ নতুন পদক্ষেপৰ বিষয়ে বিধানসভাত ঘোষণা কৰে।মন্ত্ৰীগৰাকীয়ে কয়, ‘ভগৱৎ গীতাত সন্নিবিষ্ট মূল্যবোধ আৰু নীতিসমূহ বিদ্যালয় পৰ্যায়ত প্ৰৱৰ্তন কৰাৰ উদ্দেশ্যে কেন্দ্ৰৰ নতুন ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ (এনইপি) আওতালৈ বিষয়টো অনা হৈছে। এই প্ৰচেষ্টাই আধুনিক তথা প্ৰাচীন ভাৰতীয় সংস্কৃতি, পৰম্পৰা আৰু জ্ঞান প্ৰণালীৰ বিষয়ে শিক্ষাৰ্থীসকলক সম্যক জ্ঞান প্ৰদান কৰিব।’  ভগৱত্‍ গীতা অধ্যয়নৰ ফলত শিক্ষাৰ্থীয়ে ভাৰতৰ সমৃদ্ধ আৰু বৈচিত্ৰ্যময় সংস্কৃতিক লৈ গৌৰৱ অনুভৱ কৰিব বুলিও সদৰী কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে। সাংবাদিকৰ সৈতে হোৱা এক সাক্ষাত্‍কাৰত শিক্ষামন্ত্ৰী বাঘানীয়ে কয়, ‘সকলো ধৰ্মৰ মানুহে প্ৰাচীন হিন্দু শাস্ত্ৰত উল্লেখ কৰা নৈতিক মূল্যবোধ আৰু নীতিসমূহ গ্ৰহণ কৰিছে। সেয়েহে, আমি ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীৰ বিদ্যালয়ৰ পাঠ্যক্ৰমত ভগৱৎ গীতা প্ৰৱৰ্তন কৰাৰ সিদ্ধান্ত লৈছো। ষষ্ঠৰ পৰা অষ্টম শ্ৰেণীৰ শিক্ষাৰ্থীসকলৰ বাবে শাস্ত্ৰখন 'সৰ্বংগী শিক্ষা' (সামগ্ৰিক শিক্ষা)ৰ পাঠ্যপুথিত প্ৰৱৰ্তন কৰা হ'ব। নৱম শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ, ইয়াক প্ৰথম ভাষাৰ পাঠ্যপুথিত কাহিনী কোৱাৰ ৰূপত প্ৰৱৰ্তন কৰা হ'ব।’ কেৱল সেয়াই নহয়, বিদ্যালয়সমূহে শাস্ত্ৰখনত সন্নিবিষ্ট বিভিন্ন দিশসমূহ দৈনন্দিন জীৱনৰ নানা কাৰ্যকলাপৰ মাজেৰে প্ৰদৰ্শন কৰিব পাৰিব। প্ৰতিখন বিদ্যালয়ে প্ৰাৰ্থনা, শ্লোক আবৃত্তি, বোধগম্যতা, নাটক, কুইজ, পেইণ্টিং আৰু বাকপটুতা ইত্যাদি প্ৰতিযোগিতাৰো আয়োজন কৰিব পাৰিব বুলিও সদৰী কৰিছে শিক্ষামন্ত্ৰীয়ে। প্ৰতিখন বিদ্যালয়কে ভগৱৎ গীতাৰ সৈতে সংলগ্ন কিতাপ, অডিঅ'-ভিডিঅ' চিডিৰ দৰে অধ্যয়নৰ সামগ্ৰী প্ৰদান কৰিব বুলিও সদৰী কৰে ৰাজ্যখনৰ শিক্ষামন্ত্ৰীয়ে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ