--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ফাগুন মাহৰ পূৰ্ণিমাত হিন্দু ধৰ্মৰ লোকসকলে উদযাপন কৰে ৰঙৰ উৎসৱ ফাকুৱা। ফাকুৱাক হোলী, দৌলোৎসৱ, ফল্গুৎসৱ, ফাগুৱা, মদনোৎসৱ আদি বিভিন্ন নামেৰে জনা যায়। সমগ্ৰ ভাৰতবৰ্ষতে হিন্দুসকলৰ প্ৰাচীনতম উৎসৱসমূহৰ ভিতৰত ফল্গুৎসৱ ফাগুন বা চ'ত মাহৰ পূৰ্ণিমা তিথিত পালন কৰা হয়। হোলী বা ফাকুৱা ৰঙৰ উৎসৱ। দৌল উৎসৱ উপলক্ষে আমাৰ দেশত হোলী বা ফাকুৱা পালন কৰা হয়। হোলীয়ে ৰ্ং-ধেমালি কৰি সকলোৰে ম্ংগল কামনা কৰা হয়। ঈৰ্ষা, খ্ং-ৰাগ, শত্ৰুতা পাহৰি এজনে আনজনৰ শাৰীৰিক, মানসিক স্বাস্থ্যৰ কামনা কৰে। হিন্দুসকলৰ আৰাধ্য দেৱতা শ্ৰীকৃষ্ণক উদ্দেশ্য কৰি এই উৎসৱ পালন কৰা হয়।ভাৰতৰ ভৰজ অঞ্চলত, য'ত হিন্দু দেৱতা কৃষ্ণ ডাঙৰ হৈছিল, কৃষ্ণৰ প্ৰতি ৰাধাৰ ঐশ্বৰিক প্ৰেমৰ স্মৰণত ৰং পঞ্চমীলৈকে উৎসৱ উদযাপন কৰা হয়। ধৰ্মীয় আৰু লৌকিক পৰম্পৰাৰে পালন কৰা হোলী উৎসৱৰ সৃষ্টিৰ সৈতে বহুতো পৌৰাণিক আখ্যান জড়িত হৈ আছে।এক আখ্যান অনুসৰি হিৰণ্যকশিপুৱে তেওঁৰ পুত্ৰ প্ৰহ্লাদক মাৰিবলৈ ভগ্নী হোলিকাক নিৰ্দেশ দিছিল। প্ৰহ্লাদ বিষ্ণুভক্ত আছিল বাবে হিৰণ্যকশিপুৱে সহ্য কৰিব পৰা নাছিল। হোলিকাই বৰ পাইছিল যে জুয়ে হোলিকাক কেতিয়াও স্পৰ্শ কৰিব নোৱাৰে। হোলিকাই প্ৰহ্লাদক লৈ জুইৰ মাজত বহোতে নিজেই নিঃশেষ হৈ গ'ল। স্বয়ং বিষ্ণুৱে ৰক্ষা কৰিছিল প্ৰহ্লাদক। হোলিকাই মৃত্যুক্ষণত নিজৰ ভুল বুজিব পাৰি প্ৰহ্লাদৰ ওচৰত ক্ষমা প্ৰাৰ্থনা কৰে। প্ৰহ্লাদে বৰ দিলে যে মৃত্যুৰ পিছত বছৰত অন্ততঃ এদিন মানুহে হোলিকাক স্মৰণ কৰিব। এই হোলিকাৰ পৰাই হোলী শব্দৰ সৃষ্টি হৈছে বুলিব পাৰি। সেয়ে বিভিন্ন ঠাইত ফাকুৱাৰ আগদিনা অপশক্তি হোলিকাক দাহ কৰা হয়। দৌলোৎসৱৰ সৈতে ফাকুৱাৰ আছে এক এৰাব নোৱাৰা সম্পৰ্ক। বৈষ্ণৱ বিশ্বাস অনুসৰি, ফাগুন মাহৰ পূৰ্ণিমা তিথিতি শ্ৰী কৃষ্ণই গোপী সকলৰ সৈতে বৃন্দাবনত ৰঙৰ খেলা খেলিছিল। তাৰ পৰাই দৌলোৎসৱৰৰ উৎপত্তি হয়। আনহাতে ফাগুনৰ মাহৰ পূৰ্ণিমা তিথিটোত শ্ৰীকৃষ্ণই গোপী সকলৰ সৈতে এই খেলা কৰাৰ বাবে সেই পূৰ্ণিমা তিথিটোক দৌল পূৰ্ণিমা বা ফল্গু পূৰ্ণিমা বুলিও কোৱা হয়। আঁৰত যি কাহিনীয়েই নাথাকক কিয় হোলীৰ উদ্দেশ্য হৈছে সমাজখনক ৰঙীন কৰা আৰু প্ৰফুল্লিত মন গঢ়া। শীত পাৰ হৈ বসন্তৰ দুৱাৰ মুখত এক ন উদ্যম প্ৰদানৰ কাৰক হৈ আমাৰ মাজলৈ আহে হোলী। হোলীৰ ৰঙে সকলোৰে জীৱন ৰঙীন কৰি তোলক সেই কামনা কৰে সকলোৱে। আৰু পঢ়কঃ ‘মিনি কেজৰিৱালে’ এইবাৰ ধাৰণ কৰিলে ভগৱন্ত মানৰ ৰূপ! পুনৰ ভাইৰেল Prag Cine Awards

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন