--°C
Loading...
Listen to Article
2 min read
80%

অসমৰ সংগীত জগতৰ এচমকা জোনাকৰ নাম তৰালি শৰ্মা। তৰালি নামটোতেই যেন সোমাই আছে চিকিমিকি তৰাৰ জিকিমিকি পোহৰৰ অলেখ জোৱাৰ। গানেৰে,সুৰেৰে তৰালিয়ে সংগীত জগতত পোহৰ সিঁচে। তেওঁ এগৰাকী খুব ইতিবাচক চিন্তাধাৰাৰ ব্যক্তি। তৰালিৰ প্ৰতিটো কথাত, প্ৰতিটো কামত সেয়া স্পষ্ট ৰূপত ফুটি উঠে। তৰালি শৰ্মা বুলিলেই আমাৰ চকুত ভাঁহি উঠে কেঁকোৰা চুলি,মিঠা হাঁহি,গাম্ভীৰ্যৰে ভৰপূৰ, শান্ত-সৌম্য এক উজ্জ্বল প্ৰতিমা। সংগীত জগতত নিৰলস সাধনাৰে কাম কৰি থকা তৰালি শৰ্মা মাতে-কথায়েও বৰ অমায়িক স্বভাৱৰ। শিল্পী বুলি ক'লে আমি যি ধাৰণা কৰো তাকেই যেন প্ৰতিফলিত কৰে তৰালি শৰ্মা নামৰ সত্বাটোৱে।

তৰালিৰ কণ্ঠ মানুহৰ বৰ আপোন। বহু বছৰ ধৰি সুন্দৰ সুন্দৰ গীতেৰে তেওঁ শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি ৰাখিছে। অসমীয়া সংগীতপ্ৰেমী শ্ৰোতাৰ বাবে বৰ আপোন এই মনোমোহা কণ্ঠ। সৰুৰে পৰা ঘৰখনত সাংগীতিক পৰিৱেশ লাভ কৰা তৰালি প্ৰখ্যাত বাঁহীবাদক প্ৰয়াত প্ৰভাত শৰ্মাৰ সুযোগ্য কন্যা। ১৯৭৫ চনৰ ৪ আগষ্টত জন্ম লভিছিল তৰালিয়ে। তেওঁ ১২ বছৰ বয়সতে আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত এটি অনুষ্ঠানৰ বাবে সংগীত পৰিচালনা কৰি নিজ প্ৰতিভাৰ পৰিচয় দিছিল। ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম গৰাকী মহিলা সংগীত পৰিচালক হৈ তৰালিয়ে ৰচিছিল অনন্য কৃতিত্ব। ২০০৩ চনত মুক্তিপ্ৰাপ্ত ছবি 'আকাশীতৰাৰ কথাৰে'ত ভক্তিমূলক 'কাকুতি ঘোষা' শীৰ্ষক গীতটিৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য গায়িকাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল শিল্পীগৰাকীয়ে।

তৰালিৰ প্ৰতিটো গীতৰ কথা শুনিলেই বুজিব পাৰি তেওঁ যে আলাসতে একো জন্ম দিয়া নাই। প্ৰতিটো গীতেই তেওঁ গঢ়ি-পিটি বহু কষ্ট কৰি ৰাইজৰ মাজলৈ উলিয়াই দিয়ে। সেয়েহে তৰালি শৰ্মা অসমৰ ৰাইজৰ অতি আদৰৰ…অতি সন্মানৰ। সুখবৰটো হ'ল শিল্পীগৰাকীৰ কণ্ঠত শেহতীয়াকৈ মুক্তি পাইছে এটি নতুন গীত..'মাতিলেই নামি অহা জোনাক'। তৰালিৰ নতুন এলবাম 'ডেউকা'ৰ প্ৰথমটো গীত 'মাতিলেই নামি অহা জোনাক'ৰ অডিঅ' আৰু ভিডিঅ' ২৪ নৱেম্বৰ, বুধবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। মু্ঠ ৮ টা গীত সন্নিবিষ্ট থাকিব 'ডেউকা' এলবামটোত। তৰালি শৰ্মাৰ আন এলবামসমূহৰ দৰে 'ডেউকা'কো অতি মৰমেৰে আৰু হেঁপাহেৰে আদৰি লওক সংগীতপ্ৰেমীসকলে। তৰালিৰ গীতৰ সুবাসে ডেউকা মেলক..জোনাক সিঁচক..অফুৰন্ত শুভকামনা।

-কস্তুৰী বৰঠাকুৰ

আৰু পঢ়কঃ মহাকাশ বিজ্ঞানত আলোড়ন তোলা যুৱ বিজ্ঞানী বৰ্ণালী দাসৰ বিষয়ে আমি কিমান জানো?


FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু