--°C
Loading...
Listen to Article
2 min read
80%

অসমৰ সংগীত জগতৰ এচমকা জোনাকৰ নাম তৰালি শৰ্মা। তৰালি নামটোতেই যেন সোমাই আছে চিকিমিকি তৰাৰ জিকিমিকি পোহৰৰ অলেখ জোৱাৰ। গানেৰে,সুৰেৰে তৰালিয়ে সংগীত জগতত পোহৰ সিঁচে। তেওঁ এগৰাকী খুব ইতিবাচক চিন্তাধাৰাৰ ব্যক্তি। তৰালিৰ প্ৰতিটো কথাত, প্ৰতিটো কামত সেয়া স্পষ্ট ৰূপত ফুটি উঠে। তৰালি শৰ্মা বুলিলেই আমাৰ চকুত ভাঁহি উঠে কেঁকোৰা চুলি,মিঠা হাঁহি,গাম্ভীৰ্যৰে ভৰপূৰ, শান্ত-সৌম্য এক উজ্জ্বল প্ৰতিমা। সংগীত জগতত নিৰলস সাধনাৰে কাম কৰি থকা তৰালি শৰ্মা মাতে-কথায়েও বৰ অমায়িক স্বভাৱৰ। শিল্পী বুলি ক'লে আমি যি ধাৰণা কৰো তাকেই যেন প্ৰতিফলিত কৰে তৰালি শৰ্মা নামৰ সত্বাটোৱে।

তৰালিৰ কণ্ঠ মানুহৰ বৰ আপোন। বহু বছৰ ধৰি সুন্দৰ সুন্দৰ গীতেৰে তেওঁ শ্ৰোতাক মন্ত্ৰমুগ্ধ কৰি ৰাখিছে। অসমীয়া সংগীতপ্ৰেমী শ্ৰোতাৰ বাবে বৰ আপোন এই মনোমোহা কণ্ঠ। সৰুৰে পৰা ঘৰখনত সাংগীতিক পৰিৱেশ লাভ কৰা তৰালি প্ৰখ্যাত বাঁহীবাদক প্ৰয়াত প্ৰভাত শৰ্মাৰ সুযোগ্য কন্যা। ১৯৭৫ চনৰ ৪ আগষ্টত জন্ম লভিছিল তৰালিয়ে। তেওঁ ১২ বছৰ বয়সতে আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠিত এটি অনুষ্ঠানৰ বাবে সংগীত পৰিচালনা কৰি নিজ প্ৰতিভাৰ পৰিচয় দিছিল। ভ্ৰাম্যমাণ থিয়েটাৰৰ প্ৰথম গৰাকী মহিলা সংগীত পৰিচালক হৈ তৰালিয়ে ৰচিছিল অনন্য কৃতিত্ব। ২০০৩ চনত মুক্তিপ্ৰাপ্ত ছবি 'আকাশীতৰাৰ কথাৰে'ত ভক্তিমূলক 'কাকুতি ঘোষা' শীৰ্ষক গীতটিৰ বাবে শ্ৰেষ্ঠ মহিলা নেপথ্য গায়িকাৰ ৰাষ্ট্ৰীয় বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল শিল্পীগৰাকীয়ে।

তৰালিৰ প্ৰতিটো গীতৰ কথা শুনিলেই বুজিব পাৰি তেওঁ যে আলাসতে একো জন্ম দিয়া নাই। প্ৰতিটো গীতেই তেওঁ গঢ়ি-পিটি বহু কষ্ট কৰি ৰাইজৰ মাজলৈ উলিয়াই দিয়ে। সেয়েহে তৰালি শৰ্মা অসমৰ ৰাইজৰ অতি আদৰৰ…অতি সন্মানৰ। সুখবৰটো হ'ল শিল্পীগৰাকীৰ কণ্ঠত শেহতীয়াকৈ মুক্তি পাইছে এটি নতুন গীত..'মাতিলেই নামি অহা জোনাক'। তৰালিৰ নতুন এলবাম 'ডেউকা'ৰ প্ৰথমটো গীত 'মাতিলেই নামি অহা জোনাক'ৰ অডিঅ' আৰু ভিডিঅ' ২৪ নৱেম্বৰ, বুধবাৰে আনুষ্ঠানিকভাৱে মুকলি কৰা হয়। মু্ঠ ৮ টা গীত সন্নিবিষ্ট থাকিব 'ডেউকা' এলবামটোত। তৰালি শৰ্মাৰ আন এলবামসমূহৰ দৰে 'ডেউকা'কো অতি মৰমেৰে আৰু হেঁপাহেৰে আদৰি লওক সংগীতপ্ৰেমীসকলে। তৰালিৰ গীতৰ সুবাসে ডেউকা মেলক..জোনাক সিঁচক..অফুৰন্ত শুভকামনা।

-কস্তুৰী বৰঠাকুৰ

আৰু পঢ়কঃ মহাকাশ বিজ্ঞানত আলোড়ন তোলা যুৱ বিজ্ঞানী বৰ্ণালী দাসৰ বিষয়ে আমি কিমান জানো?


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ