--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ এগৰাকী ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া। কিন্তু বহুতেই হয়তো তেওঁক আৰক্ষীৰ পোছাকত কোনো দিনেই দেখা নাই। কাৰণ তেওঁ চোৰাংচোৱা শাখাত কৰ্মৰত এগৰাকী বিষয়া। সেইবাবেই সাধাৰণ পোছাকত থাকিয়েই তেওঁ পালন কৰি গৈছে চৰকাৰী কৰ্তব্য। তেওঁ কোন? তেওঁ অসম সন্তান তপন কুমাৰ ডেকা।জ্যেষ্ঠ আইপিএছ বিষয়া তপন কুমাৰ ডেকাক শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে বিশেষ নিৰ্দেশনাৰ জৰিয়তে দেশৰ ইণ্টেলিজেঞ্চ ব্যুৰো (আইবি)ৰ মুৰব্বী পদত নিযুক্তি দিছে। 

ডেকাই অৰবিন্দ কুমাৰৰ স্থলাভিষিক্ত হ’ব। উল্লেখ্য ইণ্টেলিজেঞ্চ ব্যুৰো (আইবি)ৰ বৰ্তমানৰ  মুৰব্বী
অৰবিন্দ কুমাৰৰকাৰ্যকাল ৩০ জুনত সমাপ্ত হ’ব। দেশৰ ইণ্টেলিজেঞ্চ ব্যুৰো (আইবি)ৰ মুৰব্বী পদত অধিষ্ঠিত হোৱা অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমগৰাকী বিষয়া হিচাবে পৰিগণিত হোৱা তপন কুমাৰ ডেকা অসমৰ বৰপেটা জিলাৰ বাসিন্দা।

 তেওঁ তেজপুৰত ডাঙৰ-দীঘল হৈছিল৷ ছাত্ৰাৱস্থাত সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী নেতা হিচাবে পৰিচিত হৈ পৰা ডেকাই প্ৰথম প্ৰচেষ্টাতে ভাৰতীয় আৰক্ষী সেৱা (আইপিএছ) ত সফলতা লাভ কৰিছিল। ৫৮ বছৰীয়া ডেকাই বৰ্তমান আইবিৰ বিশেষ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু তেওঁ আইবিৰ অপাৰেচন শাখাৰ দায়িত্বত আছে।

সেইমৰ্মে  তেওঁ বৰ্তমান জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সৈতে এগৰাকী চোৰাংচোৱা বিষয়া হিচাবে জৰিত হৈ আছে৷   কেন্দ্ৰীয় চৰকাৰে  জাৰি কৰা এক চৰকাৰী নিৰ্দেশনা অনুসৰি তেওঁক দুবছৰৰ বাবে আইবিৰ নতুন সঞ্চালক হিচাপে দায়িত্ব দিয়া হৈছে। ডেকা  ১৯৮৮ বেটচৰ হিমাচল প্ৰদেশ কেডাৰৰ এজন আইপিএছ বিষয়া।

 ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা  অজিত ডোভালৰ ঘনিষ্ঠ হিচাবে  পৰিচিত  ডেকাই ভাৰতীয় চোৰাংচোৱা ব্যুৰোৰ বেছিভাগ শাখাতে  সৈতে কাম কৰিছে ।  তেওঁ ১৯৯৮ চনত তেওঁ ইন্টেলিজেন্স ব্যুৰোত যোগদান কৰিছিল। ইপিনে কেন্দ্ৰীয় চৰকাৰে গৱেষণা আৰু বিশ্লেষণ শাখাৰ (আৰ এণ্ড এডব্লিউ) নেতৃত্ব দি থকা সামন্ত গোৱেলৰ কাৰ্যকাল আৰু এবছৰ বৃদ্ধি কৰাৰ সিদ্ধান্তও লৈছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
পুনৰ বহিঃৰাজ্যত দুৰ্বৃত্তই আক্ৰমণ কৰিলে অসমীয়া যুৱকক; গুৰুতৰভাৱে আহত
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ