--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ তেওঁ এগৰাকী ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া। কিন্তু বহুতেই হয়তো তেওঁক আৰক্ষীৰ পোছাকত কোনো দিনেই দেখা নাই। কাৰণ তেওঁ চোৰাংচোৱা শাখাত কৰ্মৰত এগৰাকী বিষয়া। সেইবাবেই সাধাৰণ পোছাকত থাকিয়েই তেওঁ পালন কৰি গৈছে চৰকাৰী কৰ্তব্য। তেওঁ কোন? তেওঁ অসম সন্তান তপন কুমাৰ ডেকা।জ্যেষ্ঠ আইপিএছ বিষয়া তপন কুমাৰ ডেকাক শুকুৰবাৰে কেন্দ্ৰীয় চৰকাৰে বিশেষ নিৰ্দেশনাৰ জৰিয়তে দেশৰ ইণ্টেলিজেঞ্চ ব্যুৰো (আইবি)ৰ মুৰব্বী পদত নিযুক্তি দিছে। 

ডেকাই অৰবিন্দ কুমাৰৰ স্থলাভিষিক্ত হ’ব। উল্লেখ্য ইণ্টেলিজেঞ্চ ব্যুৰো (আইবি)ৰ বৰ্তমানৰ  মুৰব্বী
অৰবিন্দ কুমাৰৰকাৰ্যকাল ৩০ জুনত সমাপ্ত হ’ব। দেশৰ ইণ্টেলিজেঞ্চ ব্যুৰো (আইবি)ৰ মুৰব্বী পদত অধিষ্ঠিত হোৱা অসম তথা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ ভিতৰতে প্ৰথমগৰাকী বিষয়া হিচাবে পৰিগণিত হোৱা তপন কুমাৰ ডেকা অসমৰ বৰপেটা জিলাৰ বাসিন্দা।

 তেওঁ তেজপুৰত ডাঙৰ-দীঘল হৈছিল৷ ছাত্ৰাৱস্থাত সদৌ অসম ছাত্ৰ সন্থাৰ এগৰাকী নেতা হিচাবে পৰিচিত হৈ পৰা ডেকাই প্ৰথম প্ৰচেষ্টাতে ভাৰতীয় আৰক্ষী সেৱা (আইপিএছ) ত সফলতা লাভ কৰিছিল। ৫৮ বছৰীয়া ডেকাই বৰ্তমান আইবিৰ বিশেষ সঞ্চালক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে আৰু তেওঁ আইবিৰ অপাৰেচন শাখাৰ দায়িত্বত আছে।

সেইমৰ্মে  তেওঁ বৰ্তমান জম্মু-কাশ্মীৰত সন্ত্ৰাসবাদ বিৰোধী অভিযানৰ সৈতে এগৰাকী চোৰাংচোৱা বিষয়া হিচাবে জৰিত হৈ আছে৷   কেন্দ্ৰীয় চৰকাৰে  জাৰি কৰা এক চৰকাৰী নিৰ্দেশনা অনুসৰি তেওঁক দুবছৰৰ বাবে আইবিৰ নতুন সঞ্চালক হিচাপে দায়িত্ব দিয়া হৈছে। ডেকা  ১৯৮৮ বেটচৰ হিমাচল প্ৰদেশ কেডাৰৰ এজন আইপিএছ বিষয়া।

 ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা  অজিত ডোভালৰ ঘনিষ্ঠ হিচাবে  পৰিচিত  ডেকাই ভাৰতীয় চোৰাংচোৱা ব্যুৰোৰ বেছিভাগ শাখাতে  সৈতে কাম কৰিছে ।  তেওঁ ১৯৯৮ চনত তেওঁ ইন্টেলিজেন্স ব্যুৰোত যোগদান কৰিছিল। ইপিনে কেন্দ্ৰীয় চৰকাৰে গৱেষণা আৰু বিশ্লেষণ শাখাৰ (আৰ এণ্ড এডব্লিউ) নেতৃত্ব দি থকা সামন্ত গোৱেলৰ কাৰ্যকাল আৰু এবছৰ বৃদ্ধি কৰাৰ সিদ্ধান্তও লৈছে।





FOLLOW US F
POPULAR
FEATURE
TRENDY
কপিল শৰ্মাৰ নিৰাপত্তা বৃদ্ধি! বিষ্ণোই গেঙৰ ভাবুকিৰ পিছত এক্সন মোডত মুম্বাই আৰক্ষী
অস্তিত্বৰ সংকটৰ সন্মুখীন হ'লে পাকিস্তানে সূচনা কৰিব পাৰমাণৱিক যুদ্ধৰ
আমেৰিকাৰ সামগ্ৰীত ভাৰতৰো ৫০% শুল্ক!
অপাৰেচন সিন্দুৰৰ সফলতাৰ আঁৰত ভাৰতীয় প্ৰযুক্তি আৰু মেক ইন ইণ্ডিয়াঃ প্ৰধানমন্ত্ৰী মোদী
মাৰ্ঘেৰিটাত টালি টোপোলা বান্ধিছে অবৈধ বেদখলকাৰীয়ে
মই যি বাটেৰে ওলালো আজি! কেতিয়াও উভতি নহাৰ বাটেৰে গুচি গ'ল স্বনামধন্য নাট্যকাৰ, গীতিকাৰ হেমন্ত দত্ত
প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ দায়িত্বত মণিপুৰৰ মহিলা আদাছো কপেছা
উচ্ছেদৰ পাছতে ৰজাপুখুৰী, গেলাজান নিজৰ বুলি দাবী নগাৰ
৬০০ বছৰৰ পাছত ক্রাছেনিনিক'ভ আগ্নেয়গিৰিৰ উদ্গিৰণ হোৱাৰ বাবেই হৈছিল প্রবল ভূমিকম্প
শৰীৰত এই বস্তুটোৰ অভাৱৰ বাবে চুলি সৰি পৰে! পুষ্টিবিদে দিলে এই পৰামৰ্শ
কলিয়াবৰ-চামগুৰিত গৰু চিণ্ডিকেটৰ বৃহৎ গেং উৎখাত আৰক্ষীৰ! একেলগে আটক ২০ টাকৈ গৰুচোৰ
ৰোগীলৈ সকাহ চৰকাৰৰ! অত্যাৱশ্যকীয় ৩৫ বিধ ঔষধৰ দাম হ্রাস
অসমৰ ভোট জলকীয়াৰ বিশ্বমুখী যাত্ৰা! বহিঃৰাষ্ট্ৰলৈ ১ কোটি টকাৰ ৰপ্তানি
আঙুৰলতা ডেকাক অসম ৰাজ্যিক মহিলা আয়োগৰ অধ্যক্ষ পদত নিযুক্তি; ৰাজ্যত কিয় প্রতিক্ৰিয়াৰ সৃষ্টি?