--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত।  ঘৰৰ ভিতৰত চাৰিগৰাকী  ভাই-ভনীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।ধাৰণা কৰা হৈছে যে  চাৰিগৰাকী ভাই-ভনীয়ে  ইজনে সিজনক বচাবলৈ চেষ্টা কৰোঁতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটি লৈছিল। 

এই শোকাৱহ ঘটনাটো উত্তৰ প্ৰদেশৰ উন্নাওত সংঘটিত হৈছে।স্থানীয় লোক আৰু আৰক্ষী সূত্ৰৰ মতে, বীৰেন্দ্ৰ কুমাৰ আৰু শিৱদেৱী উন্নাও জিলাৰ লালমানখেদা গাঁৱৰ বাসিন্দা। তেওঁলোকৰ চাৰিটা সন্তান  আছে, তেওঁলোকৰ নাম ক্ৰমে  - মায়ংক (৯), হিংমাশী (৮), হিমাংক (৬) আৰু মানসী (৪)।  মাক-দেউতাক কিছুসময়ৰ বাবে ঘৰত নাছিল। 

যেতিয়া তেওঁলোক  ঘৰলৈ ঘূৰি আহিছিল, তেওঁলোকে তেওঁলোকৰ চাৰিটা সন্তানক মাটিত মৃত অৱস্থাত পৰি থকা দেখিবলৈ পাইছিল। তেওঁলোকে লগে লগে চুবুৰীয়াক  খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ  মৃতদেহকেইটা  উদ্ধাৰ কৰে। বাৰাসাগৰৰ এছএইচঅ' দিলীপ কুমাৰে কয়, "ধাৰণা কৰা হয় হৈছে যে টেবুলত ৰখা এখন ফেনৰ পৰাই চাৰিগৰাকী ভাই-ভনী  বিদ্যুৎস্পৃষ্ট হৈছিল।"

 ভাই-ভনীসকলে ইজনে সিজনক বচাবলৈ চেষ্টা কৰাৰ সময়তে তেওঁলোক আটাইৰে মৃত্যু ঘটা বুসলি সন্দেহ কৰা হৈছে। আৰক্ষীয়ে  অপ্ৰাকৃতিক মৃত্যুৰ এটা গোচৰ ৰুজু কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক