--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এক মৰ্মান্তিক ঘটনা সংঘটিত হৈছে উত্তৰ প্ৰদেশত।  ঘৰৰ ভিতৰত চাৰিগৰাকী  ভাই-ভনীৰ মৃতদেহ উদ্ধাৰ হোৱাৰ ঘটনাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।ধাৰণা কৰা হৈছে যে  চাৰিগৰাকী ভাই-ভনীয়ে  ইজনে সিজনক বচাবলৈ চেষ্টা কৰোঁতে বিদ্যুৎস্পৃষ্ট হৈ মৃত্যুক সাৱটি লৈছিল। 

এই শোকাৱহ ঘটনাটো উত্তৰ প্ৰদেশৰ উন্নাওত সংঘটিত হৈছে।স্থানীয় লোক আৰু আৰক্ষী সূত্ৰৰ মতে, বীৰেন্দ্ৰ কুমাৰ আৰু শিৱদেৱী উন্নাও জিলাৰ লালমানখেদা গাঁৱৰ বাসিন্দা। তেওঁলোকৰ চাৰিটা সন্তান  আছে, তেওঁলোকৰ নাম ক্ৰমে  - মায়ংক (৯), হিংমাশী (৮), হিমাংক (৬) আৰু মানসী (৪)।  মাক-দেউতাক কিছুসময়ৰ বাবে ঘৰত নাছিল। 

যেতিয়া তেওঁলোক  ঘৰলৈ ঘূৰি আহিছিল, তেওঁলোকে তেওঁলোকৰ চাৰিটা সন্তানক মাটিত মৃত অৱস্থাত পৰি থকা দেখিবলৈ পাইছিল। তেওঁলোকে লগে লগে চুবুৰীয়াক  খবৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ  মৃতদেহকেইটা  উদ্ধাৰ কৰে। বাৰাসাগৰৰ এছএইচঅ' দিলীপ কুমাৰে কয়, "ধাৰণা কৰা হয় হৈছে যে টেবুলত ৰখা এখন ফেনৰ পৰাই চাৰিগৰাকী ভাই-ভনী  বিদ্যুৎস্পৃষ্ট হৈছিল।"

 ভাই-ভনীসকলে ইজনে সিজনক বচাবলৈ চেষ্টা কৰাৰ সময়তে তেওঁলোক আটাইৰে মৃত্যু ঘটা বুসলি সন্দেহ কৰা হৈছে। আৰক্ষীয়ে  অপ্ৰাকৃতিক মৃত্যুৰ এটা গোচৰ ৰুজু কৰিছে আৰু তদন্ত আৰম্ভ কৰিছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ