--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ উত্তৰকাশীত নিৰ্মাণৰত এটা  সুৰংগত আৱদ্ধ হৈ থকা  ৪১ জন শ্ৰমিকৰ বন্দিত্বৰ  দিন ৯ দিন হৈছে। কিন্তু এতিয়ালৈকে তেওঁলোকক উদ্ধাৰৰ কোো পথ বিচাৰি পোৱা হোৱা নাই।  সময় বাগৰাৰ লগে লগে তেওঁলোকৰ ঘৰলৈ উভতি অহাৰ আশাও ক্ষীণ  হৈ আহিছে! অৱশ্যে ধাৰণা কৰা হৈছে যে আবদ্ধ শ্ৰমিকসকল এতিয়াও বহু পৰিমাণে সুস্থ হৈ আছে। শ্ৰিমককেইজনক উদ্ধাৰ কৰাৰ বাবে  যুদ্ধকালীন তৎপৰতাৰে অভিযানত চলাই থকা  হৈছে। 

উদ্ধাৰ অভিযানত ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰয়ো সহায় কৰিছে।  কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ইতিমধ্যে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিছে। আজি  প্ৰধানমন্ত্ৰীয়ে নিজেই পৰিস্থিতিটোৰ বিষয়ে বুজ লয়। প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ধামীলৈ ফোন কৰি শ্ৰমিকসকলক যিকোনো প্ৰকাৰে উদ্ধাৰ কৰা হ’ব বুলি কয়। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে আবদ্ধ হৈ থকা শ্ৰমিকসকলক সুস্থ কৰি ৰাখিবলৈ সকলো প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। 

এতিয়ালৈকে  তেওঁলোকে সুৰংগটোৰ ভিতৰলৈ পাইপেৰে প্ৰেৰণ কৰা শুকান খাদ্যত খাই দিন অতিবাহিত কৰিছে।  শুকান খাদ্য খাই জীয়াই থকা শ্ৰমিকসকলৰ কাষলৈ  ভাত , পিঠা আৰু তৰকাৰী প্ৰেৰণ কৰাৰ  কৰাৰ চেষ্টা চলাই থকা  হৈছে। ইয়াৰ বাবে বাগৰি পৰা   শিলটোৰ মাজেৰে তুলনামূলকভাৱে বহল গহ্বৰৰ এটা পাইপস্থাপন কৰা  হৈছে। পাইপডাল  প্ৰায় ৬০ মিটাৰ ধ্বংসাৱশেষৰ ভিতৰৰে  ৪২ মিটাৰলৈ নিব পৰা  গৈছে। অন্যান্য সামগ্ৰীৰ লগতে আৱদ্ধ শ্ৰমিকসকললৈ এণ্টি-ডিপ্ৰেচেণ্টো প্ৰেৰণ কৰা হৈছে। যাতে তেওঁলোকৰ মনৰ শক্তি বৃদ্ধি পায়। 

কালি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ঘোষণা কৰিছিল  যে  পাইপলাইনৰ জড়িয়তে  খাদ্য, ঔষধ, পানী আৰু অক্সিজেন প্ৰেৰণ কৰা হৈছে। এণ্টি-ডিপ্ৰেচেণ্ট প্ৰেৰণ কৰা হৈছে। শ্ৰমিকসকলক শুকান ফল দিয়া হৈছে। অত্যাধুনিক ড্ৰিলিং যন্ত্ৰই উদ্ধাৰ প্ৰচেষ্টা ত্বৰান্বিত কৰিব বুলিও তেওঁ কৈছিল। যদি সকলো ঠিকে থাকে শ্ৰমিকসকলক অহা দুদিনৰ ভিতৰত উদ্ধাৰ কৰিব পৰা যাব বুলি আশা কৰা হৈছে। 
 
এইক্ষেত্ৰত  বিশেষজ্ঞসকলৰ পৰামৰ্শ লোৱা হৈছে। ৰবটিক্স প্ৰযুক্তি ব্যৱহাৰ কৰি উদ্ধাৰ অভিযান চলোৱা হৈছে। ভাৰতীয় ভূতাত্ত্বিক জৰীপ বিভাগৰ  এটা দলে সুৰংগটোৰ গভীৰতা স্কেন কৰিবলৈ উপগ্ৰহ ছবি তুলিবলৈ চেষ্টা কৰি আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সাৱধান লখিমপুৰ সীমান্তবাসী!  অসম-অৰুণাচল সীমান্তত চলিব বোমা বিস্ফোৰণ, ৰকেট, গুলীচালনাৰ অনুশীলন
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ