--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ উত্তৰাখণ্ডৰ উত্তৰকাশীত নিৰ্মাণৰত এটা  সুৰংগত আৱদ্ধ হৈ থকা  ৪১ জন শ্ৰমিকৰ বন্দিত্বৰ  দিন ৯ দিন হৈছে। কিন্তু এতিয়ালৈকে তেওঁলোকক উদ্ধাৰৰ কোো পথ বিচাৰি পোৱা হোৱা নাই।  সময় বাগৰাৰ লগে লগে তেওঁলোকৰ ঘৰলৈ উভতি অহাৰ আশাও ক্ষীণ  হৈ আহিছে! অৱশ্যে ধাৰণা কৰা হৈছে যে আবদ্ধ শ্ৰমিকসকল এতিয়াও বহু পৰিমাণে সুস্থ হৈ আছে। শ্ৰিমককেইজনক উদ্ধাৰ কৰাৰ বাবে  যুদ্ধকালীন তৎপৰতাৰে অভিযানত চলাই থকা  হৈছে। 

উদ্ধাৰ অভিযানত ৰাজ্য চৰকাৰৰ লগতে কেন্দ্ৰয়ো সহায় কৰিছে।  কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ইতিমধ্যে দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰিছে। আজি  প্ৰধানমন্ত্ৰীয়ে নিজেই পৰিস্থিতিটোৰ বিষয়ে বুজ লয়। প্ৰধানমন্ত্ৰী মোদীয়ে উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী ধামীলৈ ফোন কৰি শ্ৰমিকসকলক যিকোনো প্ৰকাৰে উদ্ধাৰ কৰা হ’ব বুলি কয়। প্ৰধানমন্ত্ৰীয়ে লগতে কয় যে আবদ্ধ হৈ থকা শ্ৰমিকসকলক সুস্থ কৰি ৰাখিবলৈ সকলো প্ৰচেষ্টা গ্ৰহণ কৰা হৈছে। 

এতিয়ালৈকে  তেওঁলোকে সুৰংগটোৰ ভিতৰলৈ পাইপেৰে প্ৰেৰণ কৰা শুকান খাদ্যত খাই দিন অতিবাহিত কৰিছে।  শুকান খাদ্য খাই জীয়াই থকা শ্ৰমিকসকলৰ কাষলৈ  ভাত , পিঠা আৰু তৰকাৰী প্ৰেৰণ কৰাৰ  কৰাৰ চেষ্টা চলাই থকা  হৈছে। ইয়াৰ বাবে বাগৰি পৰা   শিলটোৰ মাজেৰে তুলনামূলকভাৱে বহল গহ্বৰৰ এটা পাইপস্থাপন কৰা  হৈছে। পাইপডাল  প্ৰায় ৬০ মিটাৰ ধ্বংসাৱশেষৰ ভিতৰৰে  ৪২ মিটাৰলৈ নিব পৰা  গৈছে। অন্যান্য সামগ্ৰীৰ লগতে আৱদ্ধ শ্ৰমিকসকললৈ এণ্টি-ডিপ্ৰেচেণ্টো প্ৰেৰণ কৰা হৈছে। যাতে তেওঁলোকৰ মনৰ শক্তি বৃদ্ধি পায়। 

কালি কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীয়ে ঘোষণা কৰিছিল  যে  পাইপলাইনৰ জড়িয়তে  খাদ্য, ঔষধ, পানী আৰু অক্সিজেন প্ৰেৰণ কৰা হৈছে। এণ্টি-ডিপ্ৰেচেণ্ট প্ৰেৰণ কৰা হৈছে। শ্ৰমিকসকলক শুকান ফল দিয়া হৈছে। অত্যাধুনিক ড্ৰিলিং যন্ত্ৰই উদ্ধাৰ প্ৰচেষ্টা ত্বৰান্বিত কৰিব বুলিও তেওঁ কৈছিল। যদি সকলো ঠিকে থাকে শ্ৰমিকসকলক অহা দুদিনৰ ভিতৰত উদ্ধাৰ কৰিব পৰা যাব বুলি আশা কৰা হৈছে। 
 
এইক্ষেত্ৰত  বিশেষজ্ঞসকলৰ পৰামৰ্শ লোৱা হৈছে। ৰবটিক্স প্ৰযুক্তি ব্যৱহাৰ কৰি উদ্ধাৰ অভিযান চলোৱা হৈছে। ভাৰতীয় ভূতাত্ত্বিক জৰীপ বিভাগৰ  এটা দলে সুৰংগটোৰ গভীৰতা স্কেন কৰিবলৈ উপগ্ৰহ ছবি তুলিবলৈ চেষ্টা কৰি আছে। 

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰতিবাদৰ সময়ত হাঁপানীত আক্ৰান্ত হৈছিল শাবানা আজমী
৬খন দেশ, ৩খন মহাদেশত ২০৩০ বিশ্বকাপ
শিৱসাগৰৰ ঐতিহাসিক গোলাঘৰত এবুকু পানী; ৰংঘৰ-তলাতল ঘৰলৈ ভাবুকি
প্ৰতিকূল বতৰৰ বাবে চাৰিধাম যাত্ৰা সাময়িকভাৱে স্থগিত
মেলবৰ্নৰ ভাৰতীয় চলচ্চিত্র মহোৎসৱলৈ নিৰ্বাচিত মিচিং ভাষাৰ ছবি ‘য়াকাচিক অমীদী’
উত্তৰ-পূব সীমান্ত ৰে’লৱেৰ জাননী; উজনিমুৱা ৰে’লৰ চলাচলৰ পথ সলনি, ঠাই বিশেষে বন্ধ
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
Advertisement