--°C
Loading...
Listen to Article
2 min read
80%

তালিবানে আফগানিস্তান দখলৰ পাছৰে পৰা নাৰীৰ ওপৰত এটাৰ পাছত আনটো ফৰমান জাৰি কৰি পৰিস্থিতি অধিক অৱনতি কৰি তুলিছে। ইফালে তালিবানে দিয়া নতুন নতুন ফৰমানে যেন বিপৰ্যস্ত কৰি তুলিছে মহিলাসকলৰ জীৱন।

ডিজিটেল ডেস্ক: আফগানিস্তান দখল কৰাৰ পিছৰে পৰা তালিবানে মহিলাৰ বাবে ইতিমধ্যে কেইবাটাও ফৰমান জাৰি কৰিছে। শেহতীয়াকৈ তালিবানে মহিলাসকলৰ এটা ওপৰত আনটো নতুন ফৰমান জাৰি কৰিয়েই আছে। তালিবানে মহিলাসকলে বিমানেৰে ভ্ৰমণ কৰাৰ ক্ষেত্ৰত ফৰমান জাৰি কৰি নাৰীৰ স্বাধীনতা আকৌ এবাৰ খৰ্ব কৰিছে। আফগানিস্তানৰ ‘এয়াৰলাইন’ কোম্পানীক মহিলাসকলক বিমানত উঠিবলৈ অনুমতি দিবলৈ নিৰ্দেশ দিয়া হৈছে যদিহে তেওঁলোকৰ লগত এজন পুৰুষ আত্মীয় থাকে। আফগানিস্তানত পুৰুষৰ অবিহনে মহিলাসকলে বিমানেৰে যাত্ৰা কৰাৰ ক্ষেত্ৰত নিষেধাজ্ঞা আৰোপ কৰিছে। আফগানিস্তানৰ আৰিয়ানা আফগান এয়াৰলাইন আৰু কাম এয়াৰৰ দুজন বিষয়াই দেওবাৰে জনোৱা অনুসৰি তালিবানে তেওঁলোকক পুৰুষ আত্মীয় অবিহনে মহিলাসকলক ভ্ৰমণ কৰিবলৈ অনুমতি নিদিয়াৰ নিৰ্দেশ দিছিল, বিষয়াসকলে নাম প্ৰকাশ নকৰাৰ চৰ্তত এএফপিক কৈছিল যে বৃহস্পতিবাৰে তালিবান প্ৰতিনিধিয়ে দুটা বিমান সেৱা কোম্পানী আৰু বিমানবন্দৰৰ বিষয়াৰ মাজত হোৱা বৈঠকৰ পিছত এই সিদ্ধান্ত গ্ৰহণ কৰে। তালিবান ক্ষমতালৈ অহাৰ পিছৰে পৰা মহিলাৰ স্বাধীনতাৰ ওপৰত কেইবাটাও নিষেধাজ্ঞা আৰোপ কৰি আহিছে। ইফালে মহিলাসকলক অকলে বিমান যাত্ৰা নিষিদ্ধ কৰাৰ কোনো নিৰ্দেশনা জাৰি কৰা হোৱা নাই বুলি প্ৰকাশ কৰিছে আফগানিস্তানৰ মন্ত্ৰালয়ে। তালিবানৰ সৈতে হোৱা বৈঠকৰ পিছত আৰিয়ানা আফগানৰ এজন জ্যেষ্ঠ বিষয়াই এই আদেশৰ বিষয়ে এয়াৰলাইনৰ কৰ্মচাৰীসকললৈ এখন পত্ৰ জাৰি কৰে। পত্ৰখনত ‘কোনো মহিলাক পুৰুষ আত্মীয় অবিহনে কোনো ঘৰুৱা বা আন্তঃৰাষ্ট্ৰীয় বিমানত ভ্ৰমণ কৰিবলৈ অনুমতি দিয়া নহয়,’ এএফপিয়ে তালিবানৰ পত্ৰৰ উদ্ধৃতি দি তালিবানৰ আদেশ নিশ্চিত কৰে। আনহাতে, এএফপিৰ মতে দুজন ট্ৰেভেল এজেণ্টেও নিশ্চিত কৰিছে যে তেওঁলোকে অকলশৰীয়া মহিলা যাত্ৰীসকলক টিকট প্ৰদান কৰা বন্ধ কৰিছে। উল্লেখ্য যে, ‘পুৰুষ আত্মীয় অবিহনে ভ্ৰমণ কৰি থকা একাংশ মহিলাক শুকুৰবাৰে কাবুলৰ পৰা ইছলামাবাদলৈ ৱৰ্ক এয়াৰৰ বিমানত উঠিবলৈ অনুমতি দিয়া হোৱা নাছিল’। বিমানখনৰ এগৰাকী যাত্ৰীয়ে এএফপিক জনায় যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ পাছপোৰ্ট থকা এগৰাকী আফগান মহিলাকো শুকুৰবাৰে ডুবাইঅভিমুখী বিমানত উঠিবলৈ অনুমতি দিয়া হোৱা নাই। তালিবানত মহিলাসকলক বেছিভাগ চৰকাৰী চাকৰি আৰু মাধ্যমিক বিদ্যালয়ৰ শিক্ষাৰ পৰাও বঞ্চিত কৰা হৈছে। একে সময়তে কোৰানৰ কঠোৰ নিয়ম অনুসৰিহে পোছাক পৰিধানৰ নিৰ্দেশ দিয়া হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
আমেৰিকাত বিপদৰ সম্মুখীন হৈছে প্রায় ২০ হাজাৰ প্ৰব্ৰজিত শিশু; বিতাৰণৰ প্ৰবল সম্ভাৱনা
‘ষ্টাৰ চিমেণ্ট’ক ৯০লাখ টকাৰ লুণ্ঠন চাইবাৰ চক্ৰৰ; চিআইডিৰ তৎপৰতাত উদ্ধাৰ সমগ্ৰ ধন
বানাক্ৰান্তৰ বাবে ১.৫ লাখ টকাৰ অনুদান বিশিষ্ট অভিনেত্ৰী সীমা বিশ্বাসৰ
উজনিৰ বান পৰিস্থিতিৰ বুজ ল’বলৈ তিনিদিনীয়া ভ্ৰমণসূচীৰে অসমলৈ আহিব কেন্দ্ৰীয় মন্ত্ৰী জে পি নাড্ডা
ব্ৰহ্মপুত্ৰৰ গৰাখহনীয়াৰ স্থায়ী সমাধানৰ বাবে কৌশলগত পদক্ষেপ; IIT গুৱাহাটীৰ সৈতে অসম চৰকাৰৰ সহযোগিতা
ডাৱৰ বিস্ফোৰণ নে অন্য কাৰণ? উজনি অসমৰ বানৰ কাৰণ সন্দৰ্ভত বিতৰ্ক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ