--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কেন্দ্ৰীয় চৰকাৰ আৰু বংগৰ অগ্নিকন্যা মমতা বেনাৰ্জীৰ মাজৰ সংঘাতৰ আদি অন্ত নাই। নিৰ্বাচনত বিশাল বিজেপি বাহিনীক প্ৰতিহত কৰি নিজৰ পৰাক্ৰম প্ৰদৰ্শন কৰিবলৈ সক্ষম হোৱা মমতা বেনাৰ্জীৰ কাৰণে প্ৰধানমন্ত্ৰী মোদী নেতৃত্বৰ বিজেপি চৰকাৰখন যেন, দাঁতৰ কূটা, চকুৰ শাল। পদে পদে সংঘাত। আক্ৰমণ, প্ৰত্যাক্ৰমণ, শোধ-প্ৰতিশোধৰ অগনিৰে উত্তপ্ত দিল্লী-কলকতাৰ বতাহ।

কেৱল এই বৈৰীতাই নহয়, মমতা বেনাৰ্জীক লৈ এতিয়া জ্বলনো আৰম্ভ হৈছে কেন্দ্ৰীয় চৰকাৰৰ। মমতা বেনাৰ্জীৰ প্ৰতি ঈৰ্ষাত ছাটি-ফুটি কৰিবলৈ লৈছে কেন্দ্ৰ বিজেপি চৰকাৰে। এই কথা আমি কোৱা নাই, কৈছে স্বয়ং বংগৰ বাঘিনী মমতা বেনাৰ্জীয়ে। প্ৰধানমন্ত্ৰীক শিলৰ ৰসোগোল্লা খুৱাব খোজা মমতা বেনাৰ্জীয়ে এইবাৰ অভিযোগ কৰিছে যে, কেন্দ্ৰই ঈৰ্ষাৰ বশৱৰ্তী হৈ তেওঁক পদে পদে বাধা দিবলৈ আৰম্ভ কৰিছে। শনিবাৰে তেওঁ এই অভিযোগ কৰিছে। মূল কথাটো হ’ল, মমতা বেনাৰ্জী যাব বিচাৰিছিল ইটালীলৈ। এখন শান্তি সন্মিলনত তেওঁ ভাগ লোৱা কথা আছিল। ‘অল ফেইথ পীচ মিটিং’ নামৰ এই সন্মিলন আয়োজন কৰিছিল ৰোমৰ ছেণ্টএগিডিঅ’ সংস্থাই। পিছে মমতাক তালৈ যোৱাৰ অনুমতি নিদিলে দেশৰ বহিঃ পৰিক্ৰমা মন্ত্ৰণালয়ে। কাৰণ যিয়েই নহওক, ৰোম গমন সম্ভৱ নহ’ল মমতাৰ। তাৰ পাছতে তেওঁ অভিযোগ কৰিছে যে, কেন্দ্ৰই তেওঁৰ প্ৰতি ঈৰ্ষাত থাকিব নোৱাৰিহে এই কাম কৰিছে। মমতা বেনাৰ্জীয়ে অভিযোগ কৰিছে যে, কেন্দ্ৰই এই সন্মিলনলৈ তেওঁক যাবলৈ নিদিলে এই বুলি যে, এই সন্মিলন আপোনাৰ স্তৰৰ নহয়। একপ্ৰকাৰ অপমানেই কৰা হ’ল মুখ্যমন্ত্ৰী মমতাক।

মন কৰিবলগীয়া যে, এই দুদিনীয়া সন্মিলনলৈ আমন্ত্ৰণ জনোৱা হৈছে জাৰ্মান চেঞ্চেলৰ এঞ্জেলা মৰ্কেল, ইটালীৰ প্ৰধানমন্ত্ৰী মাৰিঅ’ ড্ৰাঘী, পোপ ফ্ৰান্সিছ আদিকে ধৰি বিশ্ব ৫০০গৰাকী বছা বছা অতিথিক। মমতাও আছিল এই তালিকাত। পিছে বিধি পথালি দিলে বিদেশ মন্ত্ৰণালয়ে। তেওঁক সেউজ সংকেট দিয়া নহ’ল। তাৰ পাছতে মমতাৰ অগ্নিবৰ্ষী ৰূপ। তেওঁ ঘোষণা কৰিছে, আপোনালোকে মোক বাধা দি ৰাখিব নোৱাৰে। মই বিদেশ ভ্ৰমণ কৰিবলৈ উত্ৰাৱল হৈ থকা নাই… কিন্তু এয়া এখন দেশক সন্মান জনোৱাৰ কথা। প্ৰধানমন্ত্ৰী মোদীয়ে হিন্দুৰ বিষয়ে কৈ আহিছে… ময়ো এগৰাকী হিন্দু নাৰী। মোক কিয় অনুমতি দিয়া নহ’ল? আপোনালোক অতি ঈৰ্ষাকাতৰ।
ৰোম গমনৰ বাট ৰোধ হোৱাৰ পাছত এই ৰুদ্ৰৰূপ ধাৰণ কৰিছে মমতা বেনাৰ্জীয়ে। অৱশ্যে এই সন্দৰ্ভত কেন্দ্ৰৰ প্ৰতিক্ৰিয়া একো জানিব পৰা হোৱা নাই। মমতাৰ প্ৰতি কিয় ইমান ঈৰ্ষাকাতৰ হৈছে কেন্দ্ৰ তাৰ উত্তৰো এতিয়া মমতা বেনাৰ্জীৰ মুখেৰে শুনিবলৈকে সকলোৱে অপেক্ষা কৰিছে। অৱশ্যে, ভবানীপুৰত নিজৰ শক্তি প্ৰদৰ্শনৰ বাবে এতিয়া দিনক ৰাতি কৰি লাগি পৰিছে মমতা বেনাৰ্জী। ৩০ ছেপ্টেম্বৰত সমষ্টিটোত অনুষ্ঠিত হ’ব উপ-নিৰ্বাচন।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ