--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেওবাৰে সন্ধিয়া আকস্মিকভাৱে নতুন সংসদ ভৱন নিৰ্মাণস্থলীত উপস্থিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। কোৱাড সন্মিলনৰ পৰা ওভতাৰ পাছতে তেওঁ দেওবাৰে সন্ধিয়া বুজ লয় নতুন সংসদ ভৱনৰ নিৰ্মাণৰ অগ্ৰগতিৰ।

বগা পাইজামা-কূৰ্টা পি তেওঁ সমগ্ৰ নিৰ্মাণস্থলী পৰিদৰ্শন কৰে। মূৰত ছেফটী হেলমেট পিন্ধি তেওঁ ভৱন নিৰ্মাণৰ কাম-কাজৰ বুজ লয়। তেওঁৰ এই পৰিদৰ্শনকালৰ ভালেমান ছবি প্ৰকাশ কৰা হৈছে। তাত দেখা গৈছে তেওঁ নিৰ্মাণকাৰ্যত জড়িত শ্ৰমিকসকলৰ সৈতেও বাৰ্তালাপ কৰি আছে।

৯৭১কোটি টকা ব্যয়েৰে এই নতুন সংসদ ভৱন নিৰ্মাণ কৰি থকা হৈছে। প্ৰজেক্ট ভিষ্টাৰ অন্তৰ্গত এই নিৰ্মাণ অহা বছৰৰ ভিতৰত সম্পূৰ্ণ হৈ উঠাৰ সম্ভাৱনা আছে। উল্লেখ্য যে, সংসদ ভৱন নিৰ্মাণ আৰম্ভ হোৱাৰে পৰা প্ৰথমবাৰৰ বাবে মোদীয়ে এই স্থান পৰিদৰ্শন কৰিলে। তেওঁ পৰিদৰ্শনকালত সামগ্ৰিক অগ্ৰগতিৰ বুজ লোৱাৰ লগতে ইয়াৰে জড়িত কাৰিকৰসকলকো উতসাহিত কৰা পৰিলক্ষিত হয়।নতুন সংসদ ভৱন নিৰ্মাণস্থলীত উপস্থিত হ’ল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ