--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বাৰানসীৰ জিলা আদালত বুৰঞ্জীৰ নেৰেটিভ আৰু আদৰ্শৰ ৰণথলীত পৰিণত হোৱা পৰিলক্ষিত হৈছে। জ্ঞানবাপী মছজিদ-কাশী বিশ্বনাথৰ দৰে বিতৰ্কই এতিয়া তোলপাৰ লগাই আছে দেশজুৰি। কিন্তু তাৰ মাজতে এই প্ৰাচীন ঠাইডোখৰৰ ভালেসংখ্যক বাসিন্দাই এই বিতৰ্কক একাষৰীয়া কৰি তেওঁলোকৰ ভৱিষ্যতক লৈও উদ্বেগ-আশংকা প্ৰকাশ কৰা দেখা গৈছে।  
বাৰানসীৰ জ্ঞানবাপী মছজিদৰ সমীপৰ একাংশ বাসিন্দাই সংবাদ মাধ্যমৰ আগত তেওঁলোকৰ অভিজ্ঞতাৰ কথা প্ৰকাশ কৰিছে। ‘আমি জ্ঞানবাপী মছজিদৰ চৌহদত আগেয়ে ক্ৰিকেট খেলিছিলোঁ আৰু গাতে লাগি থকা মন্দিৰটোৰ পৰা লাড্ডু খাইছিলোঁ। আজি ৰাজনীতিকসকলে মছজিদ-মন্দিৰৰ নামত আমাক যুঁজত নমাইছে।’ এই কথা প্ৰকাশ কৰে জাভেদ আখতাৰ নামৰ এগৰাকী ৫০ বছৰীয়া লোকে। তেওঁ মোবাইল মেৰামতি কৰা দোকান এখন চলায় আহিছে।    

‘তেওঁলোক হিন্দু, আমি মুছলমান, আমি একেলগে খোৱা-বোৱা কৰোঁ।’ তেওঁৰ সমীপতে শাৰীৰ দোকান চলোৱা বল্লভ দাস আগৰৱালা নামৰ লোকজনলৈ আঙুলিয়াই তেওঁ এই মন্তব্য কৰে। আগৰালাই এই বিতৰ্কই তেওঁৰ ব্যৱসায়তো বিৰুপ প্ৰভাৱ পেলোৱাৰ আশংকা কৰিছে। ৬০ বছৰীয়া লোকজনে মন্তব্য কৰে যে, জ্ঞানবাপী মছজিদৰ দৰে বিতৰ্ক আৰু শত্ৰুতাপূৰ্ণ পৰিৱেশ ব্যৱসায়ৰ দিশৰ পৰাও হানিকাৰক। তেওঁ কয়, ‘পূৰ্বে বৃহৎসংখ্যক পৰ্যটক ইয়ালৈ আহিছিল আৰু আমাৰ উপাৰ্জনো ভাল হৈছিল। সেইবাবে আমি এইধৰণৰ বিতৰ্ক সৃষ্টি হোৱাটো নিবিচাৰোঁ।

উল্লেখ্য যে, এই মন্দিৰ-মছজিদৰ বিতৰ্ক আজিৰ নহয়। ১৯৯১চনতো মছজিদৰ ভূমি হিন্দু সম্প্ৰদায়ৰ হাতত গতাই দিয়াৰ দাবীৰে আবেদন কৰা হৈছিল যদিও সেয়া খাৰিজ হৈছিল। কিন্তু এতিয়া আকৌ বিতৰ্কৰ সূত্ৰপাত হৈছে কিয়? মছজিদৰ ভিতৰত শিৱলিংগ সদৃশ আকৃতি উদ্ধাৰ হোৱা আৰু দেৱালত হিন্দু ধৰ্মীয় অৱয়ব উদ্ধাৰ হোৱা তথা সেন্দুৰৰ দাগ চিহ্নিত হোৱাৰ দৰে ঘটনাক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।
এই বিতৰ্কৰ মাজতে মাজতে সাধাৰণ লোকসকলে অভিযোগ কৰিছে, ভাত-কাপোৰৰ সৈতে জড়িত সমস্যাবোৰৰ পৰা সাধাৰণ মানুহৰ দৃষ্টি আঁতৰাই ৰাখিবৰ বাবেই এনে বিতৰ্কৰ সূত্ৰপাত ঘটোৱা হৈছে। এই অভিযোগ উত্থাপন হোৱাটোৱে এতিয়া দেশৰ শাসকীয় পক্ষৰ বাবে উদ্বেগৰ বিষয় হোৱা উচিত বুলি বিভিন্নজনে মন্তব্য কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
আকাশীগংগাত নিষিদ্ধ থাইলেণ্ড মাগুৰ মাছসহ আটক ২
পোষ্টেল বেলটৰ গণনা সমাপ্ত নকৰাকৈ ই ভি এমৰ গণনা শেষ কৰিব নোৱাৰিব
হঠাতেই হেৰাল কেনিনো মোৰ চোতালৰে জোনাক
নীৰৱে-নিতালে শুই অসম পালেহি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল