--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বাৰানসীৰ জিলা আদালত বুৰঞ্জীৰ নেৰেটিভ আৰু আদৰ্শৰ ৰণথলীত পৰিণত হোৱা পৰিলক্ষিত হৈছে। জ্ঞানবাপী মছজিদ-কাশী বিশ্বনাথৰ দৰে বিতৰ্কই এতিয়া তোলপাৰ লগাই আছে দেশজুৰি। কিন্তু তাৰ মাজতে এই প্ৰাচীন ঠাইডোখৰৰ ভালেসংখ্যক বাসিন্দাই এই বিতৰ্কক একাষৰীয়া কৰি তেওঁলোকৰ ভৱিষ্যতক লৈও উদ্বেগ-আশংকা প্ৰকাশ কৰা দেখা গৈছে।  
বাৰানসীৰ জ্ঞানবাপী মছজিদৰ সমীপৰ একাংশ বাসিন্দাই সংবাদ মাধ্যমৰ আগত তেওঁলোকৰ অভিজ্ঞতাৰ কথা প্ৰকাশ কৰিছে। ‘আমি জ্ঞানবাপী মছজিদৰ চৌহদত আগেয়ে ক্ৰিকেট খেলিছিলোঁ আৰু গাতে লাগি থকা মন্দিৰটোৰ পৰা লাড্ডু খাইছিলোঁ। আজি ৰাজনীতিকসকলে মছজিদ-মন্দিৰৰ নামত আমাক যুঁজত নমাইছে।’ এই কথা প্ৰকাশ কৰে জাভেদ আখতাৰ নামৰ এগৰাকী ৫০ বছৰীয়া লোকে। তেওঁ মোবাইল মেৰামতি কৰা দোকান এখন চলায় আহিছে।    

‘তেওঁলোক হিন্দু, আমি মুছলমান, আমি একেলগে খোৱা-বোৱা কৰোঁ।’ তেওঁৰ সমীপতে শাৰীৰ দোকান চলোৱা বল্লভ দাস আগৰৱালা নামৰ লোকজনলৈ আঙুলিয়াই তেওঁ এই মন্তব্য কৰে। আগৰালাই এই বিতৰ্কই তেওঁৰ ব্যৱসায়তো বিৰুপ প্ৰভাৱ পেলোৱাৰ আশংকা কৰিছে। ৬০ বছৰীয়া লোকজনে মন্তব্য কৰে যে, জ্ঞানবাপী মছজিদৰ দৰে বিতৰ্ক আৰু শত্ৰুতাপূৰ্ণ পৰিৱেশ ব্যৱসায়ৰ দিশৰ পৰাও হানিকাৰক। তেওঁ কয়, ‘পূৰ্বে বৃহৎসংখ্যক পৰ্যটক ইয়ালৈ আহিছিল আৰু আমাৰ উপাৰ্জনো ভাল হৈছিল। সেইবাবে আমি এইধৰণৰ বিতৰ্ক সৃষ্টি হোৱাটো নিবিচাৰোঁ।

উল্লেখ্য যে, এই মন্দিৰ-মছজিদৰ বিতৰ্ক আজিৰ নহয়। ১৯৯১চনতো মছজিদৰ ভূমি হিন্দু সম্প্ৰদায়ৰ হাতত গতাই দিয়াৰ দাবীৰে আবেদন কৰা হৈছিল যদিও সেয়া খাৰিজ হৈছিল। কিন্তু এতিয়া আকৌ বিতৰ্কৰ সূত্ৰপাত হৈছে কিয়? মছজিদৰ ভিতৰত শিৱলিংগ সদৃশ আকৃতি উদ্ধাৰ হোৱা আৰু দেৱালত হিন্দু ধৰ্মীয় অৱয়ব উদ্ধাৰ হোৱা তথা সেন্দুৰৰ দাগ চিহ্নিত হোৱাৰ দৰে ঘটনাক লৈ তীব্ৰ বিতৰ্কৰ সৃষ্টি হৈছে।
এই বিতৰ্কৰ মাজতে মাজতে সাধাৰণ লোকসকলে অভিযোগ কৰিছে, ভাত-কাপোৰৰ সৈতে জড়িত সমস্যাবোৰৰ পৰা সাধাৰণ মানুহৰ দৃষ্টি আঁতৰাই ৰাখিবৰ বাবেই এনে বিতৰ্কৰ সূত্ৰপাত ঘটোৱা হৈছে। এই অভিযোগ উত্থাপন হোৱাটোৱে এতিয়া দেশৰ শাসকীয় পক্ষৰ বাবে উদ্বেগৰ বিষয় হোৱা উচিত বুলি বিভিন্নজনে মন্তব্য কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত