--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অন্ধ্ৰপ্ৰদেশত সৃষ্টি হৈছে ভয়ংকৰ ঘটনা। এগৰাকী মন্ত্ৰীৰ ঘৰত অগ্নিসংযোগৰ দৰে ঘটনা সংঘটিত হৈছে ৰাজ্যখনত। অন্ধ্ৰপ্ৰদেশৰ নৱগঠিত কোনাসীমা জিলাক বি আৰ আম্বেদকাৰ কোনাসীমা জিলা হিচাপে নামাকৰণ কৰাৰ প্ৰস্তাৱৰ বিৰুদ্ধে জিলা সদৰত প্ৰতিবাদ কৰি থকাৰ মাজতে পৰিস্থিতিয়ে বিস্ফোৰক ৰূপ ধাৰণ কৰে। প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠীচালনা কৰাৰ পাছতে মঙলবাৰে ৰাজ্যখনৰ অমলাপুৰম চহৰত ব্যাপক হিংসাত্মক ঘটনাৰ সৃষ্টি হয়। পৰিস্থিতিয়ে ইমানেই গুৰুতৰ ৰূপ ধাৰণ কৰে যে, পৰিবহণ মন্ত্ৰী পিনিপে বিশ্বৰূপুৰ ঘৰত অগ্নিসংযোগ কৰে উত্তেজিত লোকসকলে। 

অৱশ্যে, আৰক্ষীয়ে মন্ত্ৰীগৰাকী আৰু তেওঁৰ পৰিয়ালৰ লোকসকলক সুৰক্ষিতভাৱে স্থানান্তৰ কৰিবলৈ সক্ষম হয়। 
ইফালে, লাঠীচালনাৰ পাছত প্ৰতিবাদকাৰীসকলে শিল গুটি দলিওৱাৰ ফলত কেইবাজনো আৰক্ষীৰ লোক আহত হোৱা বুলি জানিব পৰা গৈছে। প্ৰতিবাদকাৰীয়ে এখন আৰক্ষীৰ বাহন আৰু এখন শিক্ষানুষ্ঠানৰ বাছতো জুই লগাই দিয়ে। ৰাজ্যখনৰ গৃহমন্ত্ৰী তানেতি বনিতাই অভিযোগ কৰে যে কিছুমান ৰাজনৈতিক দল আৰু অসামাজিক লোকে মন্ত্ৰীগৰাকীৰ ঘৰত অগ্নিসংযোগৰ বাবে উচতনি দিছিল। এই ভয়ংকৰ ঘটনাটো সম্পৰ্কত মন্তব্য কৰি তেওঁ কয় যে, ‘এয়া অতি দুৰ্ভাগ্যজনক ঘটনা। এই হিংসাত প্ৰায় ২০ জন আৰক্ষীৰ লোক আহত হৈছে। আমি বিষয়টো তদন্ত কৰিম আৰু অপৰাধীসকলক ন্যায় বিচাৰৰ আওতালৈ আনিম।


উল্লেখ্য যে, বিগত ৪ এপ্ৰিলত, কোনাসীমা জিলা পূব গোদাৱৰী জিলাৰ পৰা পৃথক কৰি নতুনকৈ গঠন কৰা হৈছিল। যোৱা সপ্তাহত, ৰাজ্য চৰকাৰে এখন প্ৰাথমিক অধিসূচনা জাৰি কৰি কোনাসীমা জিলাক বি আৰ আম্বেদকাৰ কোনাসীমা জিলা বুলি নামাকৰণ কৰাৰ সিদ্ধান্তৰ কথা প্ৰকাশ কৰি জনসাধাৰণৰ মতামত জানিব বিচাছিল। 

ইয়াৰ পাছত, কোনাসীমা সাধনা সমিতিয়ে নাম সলনি কৰাৰ প্ৰস্তাৱত আপত্তি দৰ্শায় আৰু জিলাখনৰ নাম কোনাসীমা ৰখাৰ দাবী উত্থাপন কৰে। এই লৈ প্ৰতিবাদ অব্যাহত আছিল যদিও শেহতীয়াকৈ পৰিস্থিতিয়ে বিস্ফোৰক ৰূপ ধাৰণ কৰা দেখা গৈছে। আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ চেষ্টা কৰাৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। বিক্ষুব্ধ লোকসকলে আৰক্ষীক প্ৰত্যাক্ৰমণ কৰাৰ লগতে অৱশেষত অমলাপুৰমত থকা মন্ত্ৰীগৰাকীৰ ঘৰত অগ্নিসংযোগ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
উত্তৰ গুৱাহাটীত দুখনকৈ উন্নত মানৰ ক্ৰীড়া একাডেমী মুকলি কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই
পাকিস্তান হৈ পৰিল হাঁহিৰ পাত্ৰ ; ভাৰতৰ বিৰুদ্ধে কাল্পনিক জয়ৰ বাবে বিতৰণ কৰিলে ৪৮৮ টা পদক
ডুৰাণ্ড কাপৰ ছেমিফাইনেললৈ প্ৰৱেশ শ্বিলং লাজং এফ.চিৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক