--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অন্ধ্ৰপ্ৰদেশত সৃষ্টি হৈছে ভয়ংকৰ ঘটনা। এগৰাকী মন্ত্ৰীৰ ঘৰত অগ্নিসংযোগৰ দৰে ঘটনা সংঘটিত হৈছে ৰাজ্যখনত। অন্ধ্ৰপ্ৰদেশৰ নৱগঠিত কোনাসীমা জিলাক বি আৰ আম্বেদকাৰ কোনাসীমা জিলা হিচাপে নামাকৰণ কৰাৰ প্ৰস্তাৱৰ বিৰুদ্ধে জিলা সদৰত প্ৰতিবাদ কৰি থকাৰ মাজতে পৰিস্থিতিয়ে বিস্ফোৰক ৰূপ ধাৰণ কৰে। প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠীচালনা কৰাৰ পাছতে মঙলবাৰে ৰাজ্যখনৰ অমলাপুৰম চহৰত ব্যাপক হিংসাত্মক ঘটনাৰ সৃষ্টি হয়। পৰিস্থিতিয়ে ইমানেই গুৰুতৰ ৰূপ ধাৰণ কৰে যে, পৰিবহণ মন্ত্ৰী পিনিপে বিশ্বৰূপুৰ ঘৰত অগ্নিসংযোগ কৰে উত্তেজিত লোকসকলে। 

অৱশ্যে, আৰক্ষীয়ে মন্ত্ৰীগৰাকী আৰু তেওঁৰ পৰিয়ালৰ লোকসকলক সুৰক্ষিতভাৱে স্থানান্তৰ কৰিবলৈ সক্ষম হয়। 
ইফালে, লাঠীচালনাৰ পাছত প্ৰতিবাদকাৰীসকলে শিল গুটি দলিওৱাৰ ফলত কেইবাজনো আৰক্ষীৰ লোক আহত হোৱা বুলি জানিব পৰা গৈছে। প্ৰতিবাদকাৰীয়ে এখন আৰক্ষীৰ বাহন আৰু এখন শিক্ষানুষ্ঠানৰ বাছতো জুই লগাই দিয়ে। ৰাজ্যখনৰ গৃহমন্ত্ৰী তানেতি বনিতাই অভিযোগ কৰে যে কিছুমান ৰাজনৈতিক দল আৰু অসামাজিক লোকে মন্ত্ৰীগৰাকীৰ ঘৰত অগ্নিসংযোগৰ বাবে উচতনি দিছিল। এই ভয়ংকৰ ঘটনাটো সম্পৰ্কত মন্তব্য কৰি তেওঁ কয় যে, ‘এয়া অতি দুৰ্ভাগ্যজনক ঘটনা। এই হিংসাত প্ৰায় ২০ জন আৰক্ষীৰ লোক আহত হৈছে। আমি বিষয়টো তদন্ত কৰিম আৰু অপৰাধীসকলক ন্যায় বিচাৰৰ আওতালৈ আনিম।


উল্লেখ্য যে, বিগত ৪ এপ্ৰিলত, কোনাসীমা জিলা পূব গোদাৱৰী জিলাৰ পৰা পৃথক কৰি নতুনকৈ গঠন কৰা হৈছিল। যোৱা সপ্তাহত, ৰাজ্য চৰকাৰে এখন প্ৰাথমিক অধিসূচনা জাৰি কৰি কোনাসীমা জিলাক বি আৰ আম্বেদকাৰ কোনাসীমা জিলা বুলি নামাকৰণ কৰাৰ সিদ্ধান্তৰ কথা প্ৰকাশ কৰি জনসাধাৰণৰ মতামত জানিব বিচাছিল। 

ইয়াৰ পাছত, কোনাসীমা সাধনা সমিতিয়ে নাম সলনি কৰাৰ প্ৰস্তাৱত আপত্তি দৰ্শায় আৰু জিলাখনৰ নাম কোনাসীমা ৰখাৰ দাবী উত্থাপন কৰে। এই লৈ প্ৰতিবাদ অব্যাহত আছিল যদিও শেহতীয়াকৈ পৰিস্থিতিয়ে বিস্ফোৰক ৰূপ ধাৰণ কৰা দেখা গৈছে। আৰক্ষীয়ে প্ৰতিবাদকাৰীসকলক বাধা দিবলৈ চেষ্টা কৰাৰ পাছতে পৰিস্থিতি উত্তপ্ত হৈ পৰে। বিক্ষুব্ধ লোকসকলে আৰক্ষীক প্ৰত্যাক্ৰমণ কৰাৰ লগতে অৱশেষত অমলাপুৰমত থকা মন্ত্ৰীগৰাকীৰ ঘৰত অগ্নিসংযোগ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২৬ৰ পৰা ৩১ অক্টোবৰলৈ গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰত আন্তঃৰাষ্ট্ৰীয় সংগীত কর্মশালা
পখিলা খেদা বয়সত মৃত্যুৰ সৈতে যুঁজ পীযুষৰ; সহায় ভিক্ষা বিচাৰি ৰাইজক কাতৰ আহ্বান অসহায় আইতাকৰ
আজি বিশ্ব গঁড় দিৱস; সুৰক্ষা আৰু সচেতনতাই ৰক্ষা কৰিব পাৰে এই অমূল্য সম্পদ
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন
মণি প্লাণ্ট লহপহীয়া কৰি তুলিবলৈ পাকঘৰৰ এই ৩ টা বস্তু ব্যৱহাৰ কৰক
ৰঙিয়াত পুনৰ উৎখাত মানৱ সৰবৰাহকাৰী চক্ৰ; তিনিগৰাকী যুৱকক উদ্ধাৰ
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত