--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনক লৈ এতিয়া দেশৰ ৰাজনীতিত ব্যাপক চৰ্চা চলিছে। উত্তৰ প্ৰদেশ, গোৱা, মণিপুৰ, পঞ্জাব আৰু উত্তৰাখণ্ডত অনু্ষ্ঠিত হ’বলগীয়া বিধানসভা নিৰ্বাচনক বিভিন্ন বিশ্লেষকে আখ্যা দিছে ২০২৪ৰ লোকসভা নিৰ্বাচনৰ ছেমি ফাইনেল হিচাপে। মূলতঃ দুখন ৰাজ্যৰ নিৰ্বাচনৰ ওপৰতে দৃষ্টি নিবদ্ধ হৈ ৰৈছে দেশৰ জনগণৰ। উত্তৰ প্ৰদেশ আৰু পঞ্জাব। পঞ্জাবত শাসকীয় কংগ্ৰেছ আৰু আম আদমী পাৰ্টীৰ মাজতে মূল যুঁজখন হোৱাটো স্পষ্ট হৈ পৰিছে। আনহাতে, উত্তৰ প্ৰদেশত অখিলেশ নেতৃত্বৰ সমাজবাদী পাৰ্টীয়ে শাসন নিজৰ দখললৈ আনিবলৈ যৎপৰোনাস্তি চেষ্টা অব্যাহত ৰাখিছে।

অখিলেশে বৃহৎ সমাৱেশ আৰু ৰেলী আয়োজনেৰে একপ্ৰকাৰ নিজৰ সপক্ষে এটা বতাহ সৃষ্টিৰ চেষ্টা কৰিছে আৰু এয়া বিজেপিৰ বাবে মূৰৰ কামোৰণি হৈ উঠা দেখা গৈছে। আনহাতে মুখ্যমন্ত্ৰী যোগীৰ বিৰুদ্ধে নিজৰ দলৰ মজিয়াৰ পৰাই ধ্বনিত হৈছে বিৰোধৰ স্বৰ। যোগী আদিত্যনাথৰ সলনি এ কে শৰ্মাৰ দৰে নেতাক মুখ্যমন্ত্ৰী হিচাপে বিচৰাৰ কথাও চৰ্চা হৈছে। ইয়াৰ মাজতে আন এক অপ্ৰত্যাশিত আঘাতৰ সন্মুখীন হৈছে উত্তৰ প্ৰদেশৰ শাসকীয় বিজেপি দল। ৰাজ্যখনৰ শ্ৰম মন্ত্ৰী তথা জ্যেষ্ঠ বিজেপি নেতা স্বামী প্ৰসাদ মৌৰ্যই মন্ত্ৰীপদ ত্যাগ কৰাই নহয় বিজেপি এৰি যোগদান কৰিছে অখিলেশ যাদৱৰ সমাজবাদী পাৰ্টীত। তাৰ পাছতে দলটোৰ আন তিনিজন বিধায়কেও বিজেপি ত্যাগ কৰে। তিলহাৰৰ বিজেপি বিধায়ক ৰৌছন লাল বাৰ্মা, বিলহাউৰ বিধায়ক ভাগৱতী প্ৰসাদ সাগৰ, আৰপ তণ্ডৱাৰীৰ বিধায়ক ব্ৰজেশ প্ৰজাপতিয়ে দলৰ পৰা পদত্যাগ কৰিছে। স্বামী প্ৰসাদ মৌৰ্যৰ দৰে ৰৌছন লাল বাৰ্মায়ো সমাজবাদী পাৰ্টী যোগ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছে।

ৰৌছন লাল বাৰ্মাই অভিযোগ কৰিছে যে, বিগত পাঁচ বছৰে কৰি অহা অভিযোগক গুৰুত্ব নিদিয়াৰ বাবেই এই সিদ্ধান্ত গ্ৰহণ কৰিবলগীয়া হ’ল। কিন্তু বিজেপিৰ দুৰ্যোগৰ ইমানতে অন্ত হোৱা নাই, Reports suggest Mr Maurya may take a few more ministers and MLAs with him. সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে মৌৰ্যই আন কেইবাজনো মন্ত্ৰী বিধায়কক বিজেপিৰ পৰা সমাজবাদীলৈ লৈ অহাৰ সম্ভাৱনা আছে। তেওঁ যোগী চৰকাৰৰ ব্যৰ্থতাক লৈ সৰৱ গৈ পৰাও দেখা গৈছে। শাসকীয় দলৰ এগৰাকী মন্ত্ৰী তথা বিধায়কে এনেদৰে দল ত্যাগ কৰাটো সহজভাৱে ল’বপৰা কথা নহয়। উত্তৰ প্ৰদেশত বিজেপিবিৰোধী ঢৌৰ পৰিপ্ৰেক্ষিততে শাসকীয় দলটোত এনে খহনীয়া আৰম্ভ হোৱাৰ সম্ভাৱনা নুই কৰিব নোৱাৰি।


FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ