--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব বেদ। ইয়াৰ বাবে  কেন্দ্ৰীয় চৰকাৰে ১০০ কোটি টকা আৱণ্টন কৰিছে। কেন্দ্ৰীয়  শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে প্ৰকাশ কৰা মতে  কেন্দ্ৰই পাঠ্যক্ৰমত বেদ আৰু ভাৰতীয় ভাষা প্ৰৱৰ্তনৰ লক্ষ্যৰে বিভিন্ন প্ৰকল্পসমূহৰ বাবে ১০০ কোটি টকা আৱণ্টন কৰিছে। বৈদিক বোৰ্ডৰ দ্বাৰা প্ৰদান কৰা দশম শ্ৰেণী (বেদ ভূষণ) আৰু দ্বাদশ শ্ৰেণীৰ (বেদ বিভূষণ) পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে এতিয়া মেডিকেল শিক্ষা  আৰু অভিযান্ত্ৰিককে ধৰি উচ্চ শিক্ষাৰ বাবে যিকোনো মহাবিদ্যালয়ত যোগদান কৰিবলৈ যোগ্য হিচাবে বিবেচিত হ’ব।

চৰকাৰী ভাৱে মনোনীত  এছ'চিয়েশ্যন অৱ ইণ্ডিয়ান ইউনিভাৰ্চিটিজে (এআইইউ) শেহতীয়াকৈ বৈদিক শিক্ষাৰ পুনৰ উন্নীতকৰণ কৰিবলৈ সন্মত হোৱাৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে। এই সিদ্ধান্তৰ দ্বাৰা বৈদিক বোৰ্ডৰ শিক্ষাৰ্থীসকল লাভাৱান্বিত হ'ব - ভাৰতীয় শিক্ষা ব'ৰ্ড (বিএছবি), মহৰ্ষি  ৰাষ্ট্ৰীয় বেদ সংস্কৃত শিক্ষা ব'ৰ্ড (এমএছআৰভিএছএছবি) আৰু মহৰ্ষি  ৰাষ্ট্ৰীয় বেদ বিদ্যা প্ৰতিস্থান (এমএছআৰভিভিপি) - আদিত  ৰাষ্ট্ৰীয় মুক্ত পৰীক্ষাৰ দ্বাৰা অনুষ্ঠিত আন এটা পৰীক্ষাত বহিব নালাগিব।


 ইয়াৰ আগতে, অন্যান্য বোৰ্ডৰ শিক্ষাৰ্থীসকলে পৰৱৰ্তী শিক্ষাৰ বাবে মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে আবেদন কৰিবলৈ এক বিশেষ  পৰীক্ষাত উত্তীৰ্ণ হ'ব লগা হৈছিল। শনিবাৰে কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ত লক্ষ্মী পুৰাণৰ সংস্কৃত অনুবাদ মুকলি কৰি মন্ত্ৰী প্ৰধানে বেদৰ জ্ঞান, মূল্যবোধ আৰু বাৰ্তা আত্মসাৎ কৰি আমি কেনেকৈ সামাজিক ন্যায়, মহিলা সবলীকৰণ আৰু মহিলা নেতৃত্বাধীন উন্নয়নৰ দিশত আগবাঢ়িব পাৰোঁ সেই বিষয়ত  আলোকপাত কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ
নুমলীগড়ত ডিঙিত প্ৰকাণ্ড টায়াৰ সোমাই পৰাত আতংকিত হৈ ঘুৰি ফুৰিছে এটা বন্যহস্তী
লাইলাপুৰত ৫০০ বস্তা ইউৰিয়া সাৰ জব্দ
ছাগলীয়া আৰক্ষীৰ তালাচীত জব্দ ২৯ টাকৈ ম’হ; দুই সৰবৰাহকাৰী ৰাকিবুল ইছলাম, সাহিদুল ইছলামক আটক