--°C
Loading...
Listen to Article
2 min read
80%
 ডিজিটেল ডেস্কঃ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ’ব বেদ। ইয়াৰ বাবে  কেন্দ্ৰীয় চৰকাৰে ১০০ কোটি টকা আৱণ্টন কৰিছে। কেন্দ্ৰীয়  শিক্ষা মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে প্ৰকাশ কৰা মতে  কেন্দ্ৰই পাঠ্যক্ৰমত বেদ আৰু ভাৰতীয় ভাষা প্ৰৱৰ্তনৰ লক্ষ্যৰে বিভিন্ন প্ৰকল্পসমূহৰ বাবে ১০০ কোটি টকা আৱণ্টন কৰিছে। বৈদিক বোৰ্ডৰ দ্বাৰা প্ৰদান কৰা দশম শ্ৰেণী (বেদ ভূষণ) আৰু দ্বাদশ শ্ৰেণীৰ (বেদ বিভূষণ) পৰীক্ষাত উত্তীৰ্ণ হোৱা শিক্ষাৰ্থীসকলে এতিয়া মেডিকেল শিক্ষা  আৰু অভিযান্ত্ৰিককে ধৰি উচ্চ শিক্ষাৰ বাবে যিকোনো মহাবিদ্যালয়ত যোগদান কৰিবলৈ যোগ্য হিচাবে বিবেচিত হ’ব।

চৰকাৰী ভাৱে মনোনীত  এছ'চিয়েশ্যন অৱ ইণ্ডিয়ান ইউনিভাৰ্চিটিজে (এআইইউ) শেহতীয়াকৈ বৈদিক শিক্ষাৰ পুনৰ উন্নীতকৰণ কৰিবলৈ সন্মত হোৱাৰ পিছতে এই সিদ্ধান্ত লোৱা হৈছে। এই সিদ্ধান্তৰ দ্বাৰা বৈদিক বোৰ্ডৰ শিক্ষাৰ্থীসকল লাভাৱান্বিত হ'ব - ভাৰতীয় শিক্ষা ব'ৰ্ড (বিএছবি), মহৰ্ষি  ৰাষ্ট্ৰীয় বেদ সংস্কৃত শিক্ষা ব'ৰ্ড (এমএছআৰভিএছএছবি) আৰু মহৰ্ষি  ৰাষ্ট্ৰীয় বেদ বিদ্যা প্ৰতিস্থান (এমএছআৰভিভিপি) - আদিত  ৰাষ্ট্ৰীয় মুক্ত পৰীক্ষাৰ দ্বাৰা অনুষ্ঠিত আন এটা পৰীক্ষাত বহিব নালাগিব।


 ইয়াৰ আগতে, অন্যান্য বোৰ্ডৰ শিক্ষাৰ্থীসকলে পৰৱৰ্তী শিক্ষাৰ বাবে মহাবিদ্যালয়ত নামভৰ্তিৰ বাবে আবেদন কৰিবলৈ এক বিশেষ  পৰীক্ষাত উত্তীৰ্ণ হ'ব লগা হৈছিল। শনিবাৰে কেন্দ্ৰীয় সংস্কৃত বিশ্ববিদ্যালয়ত লক্ষ্মী পুৰাণৰ সংস্কৃত অনুবাদ মুকলি কৰি মন্ত্ৰী প্ৰধানে বেদৰ জ্ঞান, মূল্যবোধ আৰু বাৰ্তা আত্মসাৎ কৰি আমি কেনেকৈ সামাজিক ন্যায়, মহিলা সবলীকৰণ আৰু মহিলা নেতৃত্বাধীন উন্নয়নৰ দিশত আগবাঢ়িব পাৰোঁ সেই বিষয়ত  আলোকপাত কৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
ৰাজ্যত এতিয়াৰ পৰা ১৮ বছৰৰ ওপৰৰ কোনো নাগৰিকে নতুনকৈ নাপাব আধাৰ কাৰ্ড
শোৱাৰ সময়ত তলুৱাত বিষ আৰু জ্বলা-পোৰা হয় যদি ইয়াক আওকাণ নকৰিব
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ