--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: হঠাতে যেন শুভ বুদ্ধিৰ উদয় হৈছে আৰ এছ এছ প্ৰধান মোহন ভাগৱতৰ! সাম্প্ৰতিক সময়ত দেশত হিন্দুত্ববাদৰ অন্যতম প্ৰধান ধাৰাবাহক ভাগৱতৰ শেহতীয়া এক মন্তব্যই চকু কপালত তুলিছে সকলোৰে। দেশত মছজিদে মছজিদে হিন্দুত্বৰ আধাৰ বিচৰাৰ যি এক ঢৌৰ সৃষ্টি হৈছে সেই সময়তে হঠাতে ভাগৱতে এই ধাৰাটোৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছে। স্বাভাৱিকতেই মোহন ভাগৱতৰ এই অনাকাংক্ষিত স্থিতিয়ে সকলোকে হতচকিত কৰি তুলিছে। দেশত মন্দিৰ-মছজিদ ৰাজনীতিৰ অন্যতম কাণ্ডাৰী ভাগৱতৰ বাবৰি মছজিদ-ৰাম মন্দিৰ বিতৰ্কৰ ক্ষেত্ৰত থকা ভূমিকাৰ কথা সকলোৰে জ্ঞাত। পিছে হঠাতে কি এনে ঘটিল যে মছজিদ-মন্দিৰ ৰাজনীতিয়ে ভাগৱতক অসন্তুষ্ট কৰিছে, সেই লৈ ব্যাপক চৰ্চা হৈছে। 

বৃহস্পতিবাৰে আৰ এছ এছৰ মুৰব্বী গৰাকীয়ে নাগপুৰত ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ তৃতীয় বৰ্ষৰ বিষয়া প্ৰশিক্ষণ শিবিৰৰ সামৰণি অনুষ্ঠানত কয় যে প্ৰতিটো মছজিদতে শিৱলিংগ বিচাৰি উলিওৱাৰ আৰু প্ৰতিদিনে এটা নতুন বিবাদ আৰম্ভ কৰাৰ কোনো প্ৰয়োজন নাই। জ্ঞানৱাপী মছজিদ প্ৰসঙ্গ উত্থাপন কৰি ভাগৱতে এই মন্তব্য কৰিছে। তেওঁ লগতে কয় যে জ্ঞানৱাপী বিবাদত লোক বিশ্বাসৰ কিছুমান বিষয় জড়িত আছে আৰু ইয়াৰ ওপৰত আদালতৰ সিদ্ধান্ত সকলোৱে গ্ৰহণ কৰিব লাগে।

ৰাম মন্দিৰ বা অযোধ্যা আন্দোলনত আৰ এছ এছৰ অংশগ্ৰহণক এক ঐতিহাসিক আৰু ব্যতিক্ৰমী কাৰক হিচাপে আখ্যা দি ভাগৱতে কয় যে ঐতিহাসিক কাৰণত আমি ৰাম জন্মভূমি অভিযানত জড়িত হৈছিল আৰু ইয়াক বৰ্তমান সম্পূৰ্ণ কৰি হৈছে। “এতিয়া আমি কোনো আন্দোলনৰ নেতৃত্ব দিব নিবিচাৰো" বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে ভাগৱতে।

নিজ ভাষণত ভাগৱতে কয়, "কিছুমান ঠাইৰ প্ৰতি আমাৰ বিশেষ ভক্তি আছিল আৰু আমি সেই স্থানসমূহৰ বিষয়ে কথা পাতিছিলো। কিন্তু আমি দৈনিক এটা নতুন বিষয় উলিয়াব নালাগে। আমি কিয় বিবাদ বৃদ্ধি কৰিব লাগে? প্ৰতিটো মছজিদতে কিয় শিৱলিংগ বিচাৰিব লাগে?" 

আৰ এছ এছৰ মুৰব্বী গৰাকীয়ে লগতে বাৰানসীৰ জ্ঞানৱাপী মছজিদৰক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিতৰ্কৰ ওপৰত পাৰস্পৰিক চুক্তিৰ জৰিয়তে পথৰ সন্ধান কৰিবলৈ আহ্বান জনায়।

জ্ঞানৱাপী মছজিদ গোচৰ সন্দৰ্ভত মোহন ভাগৱতে কয়, "এতিয়া জ্ঞানৱাপী মছজিদৰ বিষয়টো চলি আছে। ইতিহাসক আমি সলনি কৰিব নোৱাৰো। আমি সেই ইতিহাস লিখা নাছিলো, হিন্দু বা বৰ্তমানৰ মুছলমান সকলেও লিখা নাই। এইয়া অতীতত ঘটিছিল।"

আৰ এছ এছ কোনো ধৰণৰ উপাসনাৰ বিৰোধী নহয় বুলি উল্লেখ কৰি তেওঁ লগতে কয় যে মুছলমানসকল ভাৰতলৈ অহাৰ সময়ত ভাৰতীয়সকলৰ মনোবল ভাঙিবলৈ হাজাৰ হাজাৰ মন্দিৰ ধ্বংস কৰি মছজিদ প্ৰতিষ্ঠা কৰিছিল। সেয়া মুছলমানসকলৰ উপাসনা স্থলী। আৰ এছ এছে সকলোকে পবিত্ৰ বুলি বিবেচনা “তেওঁলোকে হয়তো সেই ধৰণৰ উপাসনা গ্ৰহণ কৰিছিল, কিন্তু তেওঁলোক আমাৰ ঋষি, মুনি, ক্ষত্ৰিয়সকলৰ বংশধৰ। আমি একেজন পূৰ্বপুৰুষৰ বংশধৰ।" তেওঁ কয়।

ভাগৱতৰ মতে, যদি মনত কোনো সমস্যা থাকে ই বৃদ্ধি পাব পাৰে। এই সমস্যাৰ পাৰস্পৰিক চুক্তিৰ জৰিয়তে সমাধানৰ পথ বিচাৰি উলিয়াব লাগে। আনহাতে ৰাম মন্দিৰ গোচৰত এলাহাবাদ উচ্চ ন্যায়ালয়ৰ ৰায়ক উপেক্ষা কৰি এই ৰায়ৰ বিৰুদ্ধাচৰণ কৰা ভাগৱতে লগতে দেশৰ ন্যায় ব্যৱস্থাক ধাৰ্মিক আৰু সৰ্বোচ্চ বুলি বিবেচনা কৰিবলৈও আহ্বান জনায়। ন্যায় ব্যৱস্থাৰ সিদ্ধান্তৰ ওপৰত প্ৰশ্ন কৰা উচিত নহয় বুলিও ভাগৱতে মত পোষণ কৰে। 

ভাগৱতৰ এই অনাকাংক্ষিত স্থিতি তথা হঠাতে হোৱা পট পৰিবৰ্তনে স্বাভাৱিকতেই বিভিন্ন প্ৰশ্নৰ সৃষ্টি কৰিছে। শাসনাধিষ্ঠ মোদী চৰকাৰৰ কাৰ্য্যপ্ৰণালীত আৰ এছ এছ প্ৰধানগৰাকী সুখী নহয় বুলি সময়ে সময়ে যি বাতৰি প্ৰকাশ পাইছে, ভাগৱতৰ এই শেহতীয়া মন্তব্যই এই বাতৰিক সত্যতা আৰোপ কৰিছে বুলি বিশেষভাৱে চৰ্চিত হৈ পৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ