--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ আমেথীত পঞ্চম পৰ্যায়ৰ বাবে প্ৰচাৰ চলাই থকাৰ সময়ত কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহক তীব্ৰ সমালোচনা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে। এক ৰেলীত কংগ্ৰেছৰ বিৰুদ্ধে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অভিযোগ কৰে যে যদি ‘পৰিয়ালবাদী’ শাসনত থাকিলহেঁতেন, তেন্তে তেওঁলোকে প্ৰথমে টিকাকৰণৰ ক্ষেত্ৰতো পৰিয়ালকেন্দ্ৰিক মনোভাৱ আনিলহেতেন৷ "ক'ভিড ভেকচিনে প্ৰতিগৰাকী নাগৰিকৰ ক্ষেত্ৰত কৰ'নাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা বৃদ্ধি কৰিছে। যাৰ বাবে, আজি দোকান, ব্যৱসায় খোলা আছে, বিদ্যালয় আৰু মহাবিদ্যালয় খোলা আছে। অৱশ্যে, সমগ্ৰ উত্তৰ প্ৰদেশ, সমগ্ৰ দেশে ভেকছিনটোৰ সন্দৰ্ভত পৰিয়ালৰ এই সদস্যসকলৰ মনোভাব দেখিছে। যেতিয়া টিকাকৰণ আৰম্ভ হৈছিল, মোদীয়ে প্ৰথমে ভেকছিন ল'বলৈ দৌৰি নাছিল। আমি প্ৰথমে স্বাস্থ্যসেৱা কৰ্মী, অনাময় কৰ্মী, বৃদ্ধ আৰু গুৰুতৰ ৰোগত আক্ৰান্ত লোকসকলক ভেকচিন লোৱাৰ সুযোগ দিছিলো। যদি এই পৰিয়ালবোৰ (কংগ্ৰেছ) ক্ষমতাত থাকিলহেঁতেন, তেন্তে তেওঁলোকে সকলো ৰেখা ভাঙি প্ৰথমে ভেকছিনটো পালেহেঁতেন," প্ৰধানমন্ত্ৰী মোদীয়ে অভিযোগ কৰে। লগতে প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কৈছিল যে যেতিয়া তেওঁৰ পাল আহিছিল তেতিয়াহে তেওঁ ভেকচিন গ্ৰহণ কৰিছিল৷ লগতে কয় যে তেওঁৰ ১০০ বছৰীয়া মাতৃয়েও ভেকচিন ল’বলৈ লাইন ভাঙি যোৱা নাছিল। 'মোৰ মায়ে এতিয়ালৈকে বুষ্টাৰ পালি পোৱা নাই কিয়নো তেওঁ অসুস্থ নহয়। প্ৰধানমন্ত্ৰীয়েও নিয়ম-মানি চলে৷ ১০০ বছৰ বয়সৰ প্ৰধানমন্ত্ৰীৰ মাতৃও ব্যতিক্ৰম নহয়' - প্ৰধানমন্ত্ৰী মোদীয়ে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ