ডিজিটেল ডেস্ক: উত্তৰ প্ৰদেশৰ বিধানসভা নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী৷ আমেথীত পঞ্চম পৰ্যায়ৰ বাবে প্ৰচাৰ চলাই থকাৰ সময়ত কংগ্ৰেছকে ধৰি বিৰোধী দলসমূহক তীব্ৰ সমালোচনা কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।
এক ৰেলীত কংগ্ৰেছৰ বিৰুদ্ধে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ অভিযোগ উত্থাপন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে অভিযোগ কৰে যে যদি ‘পৰিয়ালবাদী’ শাসনত থাকিলহেঁতেন, তেন্তে তেওঁলোকে প্ৰথমে টিকাকৰণৰ ক্ষেত্ৰতো পৰিয়ালকেন্দ্ৰিক মনোভাৱ আনিলহেতেন৷
"ক'ভিড ভেকচিনে প্ৰতিগৰাকী নাগৰিকৰ ক্ষেত্ৰত কৰ'নাৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষমতা বৃদ্ধি কৰিছে। যাৰ বাবে, আজি দোকান, ব্যৱসায় খোলা আছে, বিদ্যালয় আৰু মহাবিদ্যালয় খোলা আছে। অৱশ্যে, সমগ্ৰ উত্তৰ প্ৰদেশ, সমগ্ৰ দেশে ভেকছিনটোৰ সন্দৰ্ভত পৰিয়ালৰ এই সদস্যসকলৰ মনোভাব দেখিছে। যেতিয়া টিকাকৰণ আৰম্ভ হৈছিল, মোদীয়ে প্ৰথমে ভেকছিন ল'বলৈ দৌৰি নাছিল। আমি প্ৰথমে স্বাস্থ্যসেৱা কৰ্মী, অনাময় কৰ্মী, বৃদ্ধ আৰু গুৰুতৰ ৰোগত আক্ৰান্ত লোকসকলক ভেকচিন লোৱাৰ সুযোগ দিছিলো। যদি এই পৰিয়ালবোৰ (কংগ্ৰেছ) ক্ষমতাত থাকিলহেঁতেন, তেন্তে তেওঁলোকে সকলো ৰেখা ভাঙি প্ৰথমে ভেকছিনটো পালেহেঁতেন," প্ৰধানমন্ত্ৰী মোদীয়ে অভিযোগ কৰে।
লগতে প্ৰধানমন্ত্ৰী মোদীয়ে আৰু কৈছিল যে যেতিয়া তেওঁৰ পাল আহিছিল তেতিয়াহে তেওঁ ভেকচিন গ্ৰহণ কৰিছিল৷ লগতে কয় যে তেওঁৰ ১০০ বছৰীয়া মাতৃয়েও ভেকচিন ল’বলৈ লাইন ভাঙি যোৱা নাছিল। 'মোৰ মায়ে এতিয়ালৈকে বুষ্টাৰ পালি পোৱা নাই কিয়নো তেওঁ অসুস্থ নহয়। প্ৰধানমন্ত্ৰীয়েও নিয়ম-মানি চলে৷ ১০০ বছৰ বয়সৰ প্ৰধানমন্ত্ৰীৰ মাতৃও ব্যতিক্ৰম নহয়' - প্ৰধানমন্ত্ৰী মোদীয়ে কয়।