--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱা পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ কেইবাবছৰৰো অধ্যয়নৰ প্ৰয়োজন। বহুতো প্ৰাৰ্থীয়ে পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰিবলৈ প্ৰশিক্ষণ লয়, আনসকলে আত্ম-অধ্যয়নৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু এনে এগৰাকী শিক্ষাৰ্থী আছে যিয়ে কোনোধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈয়ে পাৰ কৰিছিল কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষা৷ তেওঁ হৈছে পঞ্জাবৰ গুৰদাসপুৰৰ বাসিন্দা ৰুকমণি ৰায়াৰ৷ প্ৰথম প্ৰচেষ্টাতেই সৰ্বভাৰতীয় দ্বিতীয় স্থান লাভ কৰি আইএএছ বিষয়া হোৱাৰ সপোন পূৰণ কৰিছিল ৰুকমণিয়ে৷ কেনেকৈ প্ৰশিক্ষণ অবিহনে ইউপিএছচি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল ৰুকমণিয়ে?
ৰুকমণি ৰায়াৰ এবাৰ ষষ্ঠ শ্ৰেণীত বিফল হৈছিল। বিফল হোৱাৰ পাছত, তেওঁ পৰিয়ালৰ সদস্য আৰু শিক্ষকসকলৰ সন্মুখলৈ যাবলৈ সাহস কৰা নাছিল৷ বিফল হোৱাৰ পাছত লাজ আৰু ভয়ত ৰুকমিণি হৈ পৰিছিল বাট হেৰুওৱা পথিক। হতাশাই আৱৰি ধৰিছিল ৰুকমণিক।
ৰুকমণি ৰায়াৰৰ প্ৰাৰম্ভিক শিক্ষা গুৰদাসপুৰৰ পৰা গ্ৰহণ কৰিছিল। অধ্যয়নৰ প্ৰতি বিশেষ আগ্ৰহ নথকা ৰায়াৰই চতুৰ্থ শ্ৰেণীত ডালহৌচিৰ চেক্ৰেড হাৰ্ট বিদ্যালয়ত নামভৰ্তি কৰে। তাৰ পাছতেই তেওঁ জীৱনলৈ নতুন সুযোগ আহে৷ পঢ়াত মনোনিৱেশ কৰিবলৈ আৰম্ভ কৰে৷ দ্বাদশ শ্ৰেণীৰ পাছত, ৰুকমণিয়ে অমৃতসৰৰ গুৰু নানক দেৱ বিশ্ববিদ্যালয়ৰ পৰা সামাজিক বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পাছত, তেওঁ মুম্বাইৰ টাটা ইনষ্টিটিউটৰ পৰা সামাজিক বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে আৰু স্বৰ্ণ পদক বিজয়ী হয়।
স্নাতকোত্তৰ হোৱাৰ পাছত, ৰুকমণি ৰায়াৰে পৰিকল্পনা আয়োগৰ উপৰি মহীশূৰৰ আশোদয়া আৰু মুম্বাইৰ অন্নপূৰ্ণা মহিলা মণ্ডলৰ দৰে বেচৰকাৰী সংগঠনৰ সৈতে ইন্টাৰ্ণশ্বিপ কৰিছিল। এই সময়ছোৱাত,ৰুকমণি অসামৰিক সেৱাৰ প্ৰতি বিশেষ দুৰ্বলতা বাঢ়িছিল আৰু ইউপিএছচি পৰীক্ষা দিব বিচাৰিছিল।
ইণ্টাৰ্নশ্বিপৰ পাছত, ৰুকমণি ৰায়াৰে অসামৰিক সেৱা পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰথম প্ৰচেষ্টাত সফলতা অৰ্জন কৰে তেওঁ। তেওঁ ইউ.পি.এছ.চি. পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰিবলৈ কোনো প্ৰশিক্ষণত যোগদান কৰা নাছিল আৰু স্ব-অধ্যয়নৰ ওপৰত নিৰ্ভৰ কৰিছিল। ৰুকমণিয়ে ২০১১ চনত প্ৰথম প্ৰচেষ্টাতেই সৰ্বভাৰতীয় দ্বিতীয় স্থান লাভ কৰি আইএএছ বিষয়া হোৱাৰ সপোন পূৰণ কৰিছিল৷
ইউ.পি.এছ.চি. পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰিবলৈ, ৰুকমণি ৰায়াৰে ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীলৈ এন.চি.ই.আৰ.টি. কিতাপৰ পৰা প্ৰস্তুত কৰিছিল আৰু তেওঁ সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতি কৰিবলৈ দৈনিক বাতৰি কাকত আৰু আলোচনী পঢ়িছিল। ৰুকমণিয়ে পৰীক্ষাৰ সময়ত ভুল হ্ৰাস কৰিবলৈ কেইবাটাও পৰীক্ষাত অংশগ্ৰহণ কৰিছিল। ৰুকমণিয়ে বিগত কেইবাবছৰৰ প্ৰশ্নকাকতো সমাধান কৰিছিল।
FOLLOW US F
POPULAR
FEATURE
TRENDY
দৰভংগা আদালতত গ্ৰেপ্তাৰ বিখ্যাত অধিবক্তা অম্বাৰ ইমাম হাছমী
কানাডাৰ পৰা ভাৰত জ্বলোৱাৰ পৰিকল্পনা খালিস্তানীৰ
মণিপুৰৰ ফুটবল ফৰ চেইঞ্জ ছেমি ফাইনেলত
ৰাজ্যত কঠোৰভাৱে বলৱৎ হ'ব গো-সুৰক্ষা আইন
যুদ্ধত জড়িত হ'ব নে নহয় দুসপ্তাহত সিদ্ধান্ত ল'ব ট্রাম্পে
১০০০ ভাৰতীয়ক উদ্ধাৰৰ বাবে ইৰানে খুলি দিলে বন্ধ হৈ থকা আকাশমার্গ
গুৱাহাটীত অনুষ্ঠিত হ'ব ৫খন খেল
বিয়াৰ ৰভাতলীৰ পৰা চৈধ্য বছৰীয়া কিশোৰীক উদ্ধাৰ আৰক্ষীৰ
চাইপ্ৰাছৰ সৰ্বোচ্চ অসামৰিক সন্মান প্রদান প্রধানমন্ত্রী মোদীক
ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্ট ফিল্ম ফেষ্টিভেলত 'অনসুনী চীখে'লৈ শ্রেষ্ঠ চুটি ছবিৰ বঁটা
ৰাজ্যত হ’ব ধাৰাসাৰ বৰষুণ! ২২খনকৈ জিলাত বতৰ বিজ্ঞান বিভাগৰ সতৰ্কবাণী জাৰি
মহানগৰীৰ বেলতলাত 'নেৰিম'ৰ ছাত্ৰৰ ৰহস্যজনক মৃত্যু
অনিয়মিত টোপনিৰ ফলত টাইপ-২ ডায়েবেটিছৰ সম্ভাৱনা বৃদ্ধি পায়
ৱেবকাষ্টিং কৰিব দেশৰ সকলো ভোটকেন্দ্রত