--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: কেন্দ্ৰীয় লোকসেৱা আয়োগৰ অসামৰিক সেৱা পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ কেইবাবছৰৰো অধ্যয়নৰ প্ৰয়োজন। বহুতো প্ৰাৰ্থীয়ে পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰিবলৈ প্ৰশিক্ষণ লয়, আনসকলে আত্ম-অধ্যয়নৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু এনে এগৰাকী শিক্ষাৰ্থী আছে যিয়ে কোনোধৰণৰ প্ৰশিক্ষণ নোলোৱাকৈয়ে পাৰ কৰিছিল কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষা৷ তেওঁ হৈছে পঞ্জাবৰ গুৰদাসপুৰৰ বাসিন্দা ৰুকমণি ৰায়াৰ৷ প্ৰথম প্ৰচেষ্টাতেই সৰ্বভাৰতীয় দ্বিতীয় স্থান লাভ কৰি আইএএছ বিষয়া হোৱাৰ সপোন পূৰণ কৰিছিল ৰুকমণিয়ে৷ কেনেকৈ প্ৰশিক্ষণ অবিহনে ইউপিএছচি পৰীক্ষাৰ বাবে প্ৰস্তুতি চলাইছিল ৰুকমণিয়ে?
ৰুকমণি ৰায়াৰ এবাৰ ষষ্ঠ শ্ৰেণীত বিফল হৈছিল। বিফল হোৱাৰ পাছত, তেওঁ পৰিয়ালৰ সদস্য আৰু শিক্ষকসকলৰ সন্মুখলৈ যাবলৈ সাহস কৰা নাছিল৷ বিফল হোৱাৰ পাছত লাজ আৰু ভয়ত ৰুকমিণি হৈ পৰিছিল বাট হেৰুওৱা পথিক। হতাশাই আৱৰি ধৰিছিল ৰুকমণিক।
ৰুকমণি ৰায়াৰৰ প্ৰাৰম্ভিক শিক্ষা গুৰদাসপুৰৰ পৰা গ্ৰহণ কৰিছিল। অধ্যয়নৰ প্ৰতি বিশেষ আগ্ৰহ নথকা ৰায়াৰই চতুৰ্থ শ্ৰেণীত ডালহৌচিৰ চেক্ৰেড হাৰ্ট বিদ্যালয়ত নামভৰ্তি কৰে। তাৰ পাছতেই তেওঁ জীৱনলৈ নতুন সুযোগ আহে৷ পঢ়াত মনোনিৱেশ কৰিবলৈ আৰম্ভ কৰে৷ দ্বাদশ শ্ৰেণীৰ পাছত, ৰুকমণিয়ে অমৃতসৰৰ গুৰু নানক দেৱ বিশ্ববিদ্যালয়ৰ পৰা সামাজিক বিজ্ঞানত স্নাতক ডিগ্ৰী লাভ কৰে। ইয়াৰ পাছত, তেওঁ মুম্বাইৰ টাটা ইনষ্টিটিউটৰ পৰা সামাজিক বিজ্ঞানত স্নাতকোত্তৰ ডিগ্ৰী অৰ্জন কৰে আৰু স্বৰ্ণ পদক বিজয়ী হয়।
স্নাতকোত্তৰ হোৱাৰ পাছত, ৰুকমণি ৰায়াৰে পৰিকল্পনা আয়োগৰ উপৰি মহীশূৰৰ আশোদয়া আৰু মুম্বাইৰ অন্নপূৰ্ণা মহিলা মণ্ডলৰ দৰে বেচৰকাৰী সংগঠনৰ সৈতে ইন্টাৰ্ণশ্বিপ কৰিছিল। এই সময়ছোৱাত,ৰুকমণি অসামৰিক সেৱাৰ প্ৰতি বিশেষ দুৰ্বলতা বাঢ়িছিল আৰু ইউপিএছচি পৰীক্ষা দিব বিচাৰিছিল।
ইণ্টাৰ্নশ্বিপৰ পাছত, ৰুকমণি ৰায়াৰে অসামৰিক সেৱা পৰীক্ষাৰ বাবে প্ৰস্তুতি আৰম্ভ কৰে আৰু কঠোৰ পৰিশ্ৰমৰ প্ৰথম প্ৰচেষ্টাত সফলতা অৰ্জন কৰে তেওঁ। তেওঁ ইউ.পি.এছ.চি. পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰিবলৈ কোনো প্ৰশিক্ষণত যোগদান কৰা নাছিল আৰু স্ব-অধ্যয়নৰ ওপৰত নিৰ্ভৰ কৰিছিল। ৰুকমণিয়ে ২০১১ চনত প্ৰথম প্ৰচেষ্টাতেই সৰ্বভাৰতীয় দ্বিতীয় স্থান লাভ কৰি আইএএছ বিষয়া হোৱাৰ সপোন পূৰণ কৰিছিল৷
ইউ.পি.এছ.চি. পৰীক্ষাৰ বাবে প্ৰস্তুতি কৰিবলৈ, ৰুকমণি ৰায়াৰে ষষ্ঠৰ পৰা দ্বাদশ শ্ৰেণীলৈ এন.চি.ই.আৰ.টি. কিতাপৰ পৰা প্ৰস্তুত কৰিছিল আৰু তেওঁ সাক্ষাৎকাৰৰ বাবে প্ৰস্তুতি কৰিবলৈ দৈনিক বাতৰি কাকত আৰু আলোচনী পঢ়িছিল। ৰুকমণিয়ে পৰীক্ষাৰ সময়ত ভুল হ্ৰাস কৰিবলৈ কেইবাটাও পৰীক্ষাত অংশগ্ৰহণ কৰিছিল। ৰুকমণিয়ে বিগত কেইবাবছৰৰ প্ৰশ্নকাকতো সমাধান কৰিছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ