--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ সংসদত ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰা হৈছে। অৱশ্যে, অনাস্থা প্ৰস্তাৱৰ এই আলোচনা ৩১ মাৰ্চলৈ পিছুৱাই দিয়া হৈছে। বিৰোধী দলপতি শ্বাহবাজ শ্বৰীফে আজি অনাস্থা প্ৰস্তাৱ উত্থাপন কৰে। সংসদৰ উপাধ্যক্ষ কাছিম খানে  এই আলোচনা আৰু তিনি দিনলৈ পিছুৱাই দিছে। অৰ্থাৎ, ইমৰান খানে তেওঁৰ গাদি বচাবলৈ আৰু কিছু সময় বাকী। পুনৰ আস্থাৰ ভোট ৪ এপ্ৰিলত অনুষ্ঠিত হ'ব।   ৮ মাৰ্চত বিৰোধীয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছিল। পাকিস্তানৰ নেচনেল এচেম্বলীয়ে সচিবালয়ত ইমৰান খান চৰকাৰৰ বিৰুদ্ধে এই প্ৰস্তাৱ দাখিল কৰিছিল। পাকিস্তানী সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, বিৰোধী শিবিৰৰ মুঠ ৮৬ জন সদস্যই মঙলবাৰে ৰাষ্ট্ৰীয় সংসদ সচিবালয়লৈ অনা এই অনাস্থা প্ৰস্তাৱত স্বাক্ষৰ কৰে। নিয়ম অনুসৰি, বৰ্তমান চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিবলৈ নিম্নতম ৬৮ টা বিৰোধী স্বাক্ষৰৰ প্ৰয়োজন। আস্থা ভোটৰ দিনা, পাকিস্তান মুছলিম লীগ নৱাজৰ সভাপতি শ্বাহবাজ শ্বৰীফে ইঙ্গিতপূৰ্ণ মন্তব্য কৰিছিল। তেওঁ আশা কৰে যে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ আগন্তুক এসপ্তাহৰ ভিতৰত নিৰ্ণয় কৰা হ'ব।   ইফালে, ইমৰান খানৰ পাছত এইবাৰ বিৰোধীয়ে পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও অনাস্থা প্ৰস্তাৱ আনিছে। সোমবাৰে মুখ্যমন্ত্ৰী উছমান বুজদাৰৰ বিৰুদ্ধে এই প্ৰস্তাৱ উত্থাপন কৰিছিল বিৰোধীয়ে।   একাংশ ৰাজনৈতিক বিশ্লেষকে বিশ্বাস কৰে যে ইমৰান খান চৰকাৰৰ পতন হবলৈ মাত্ৰ কিছু সময় বাকী। উল্লেখ্য যে, জামুৰী ৱাতান পাৰ্টিৰ প্ৰতিনিধি শ্বাহজাইন বুগতিয়ে প্ৰধানমন্ত্ৰীৰ  বিশেষ সহায়কৰ পদত অধিষ্ঠিত আছিল। অৱশ্যে, তেওঁ ইতিমধ্যে তেওঁ এই চৰকাৰী পদৰ পৰা পদত্যাগ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰূপহীহাট আৰক্ষীৰ জালত ড্ৰাগছসহ জালত পৰিল দুই সৰবৰাহকাৰী আনাৰুল হুছেইন আৰু আশ্বিক আলী
পাকিস্তান বিশ্ব নিৰাপত্তাৰ প্ৰতি ভাবুকি
চৰাইদেউ নামচাইত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা
আজি বিশ্ব হস্তী দিৱস, আপুনি জানেনে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বৰ্তমান হাতীৰ সংখ্যা কিমান?
সাৱধান! ফুটপাথৰ হোটেল নহয় এইবাৰ বিলাসী ৰেষ্টুৰেণ্টত অস্বাস্থ্যকৰ খাদ্য
ইতিহাসৰ পৃষ্ঠাত ৫০ বছৰ পূৰ্বে মুক্তি পোৱা এই ছবিখন , বক্স অফিচত '৩০০০ কোটি' উপাৰ্জন
উৰিয়ামঘাটৰ উচ্ছেদ ১৪ আগষ্টলৈ স্থগিত ৰখাৰ নিৰ্দেশ উচ্চ ন্যায়ালয়ৰ
গীনিজ বুক'ত স্থান পালে মোদীৰ 'পৰীক্ষা পে চর্চা'ই
বেংগালুৰুত অনুষ্ঠিত ৰাষ্ট্ৰীয় ছাব জুনিয়ৰ সাঁতোৰ প্ৰতিযোগিতাত অসমৰ কস্তুৰী গগৈৰ স্বর্ণপদক অর্জন
এই ৬ টা কথাই মানুহক ধ্বংস কৰে! প্ৰেমানন্দ মহাৰাজে কি ক’লে জানো আহক
ওড়িশা চৰকাৰৰ ডাঙৰ সিদ্ধান্ত!  এতিয়াৰে পৰা মহিলাক নিশা কাম কৰিবলৈ বাধ্য কৰাব নোৱাৰিব কোনো কোম্পানীয়ে
ভাৰতৰ বিৰুদ্ধে অধিক শুল্ক আৰোপৰ ভাবুকি ট্রাম্পৰ
পানী খোৱাৰ সময়ত এই ৩টা ভুল নকৰিব, নহ'লে স্বাস্থ্যৰ অৱনতি ঘটিব
'দুই নম্বৰী ধান্দাৰ সদাগৰ' বাপ্তি হাজৰিকা! কেৱল নাৰী দেহ ব্যৱসায়েই নহয় আৰু কি কি যে অপকৰ্ম কৰা নাই বাপ্তিয়ে