--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পাকিস্তানৰ সংসদত ইমৰান খানৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰা হৈছে। অৱশ্যে, অনাস্থা প্ৰস্তাৱৰ এই আলোচনা ৩১ মাৰ্চলৈ পিছুৱাই দিয়া হৈছে। বিৰোধী দলপতি শ্বাহবাজ শ্বৰীফে আজি অনাস্থা প্ৰস্তাৱ উত্থাপন কৰে। সংসদৰ উপাধ্যক্ষ কাছিম খানে  এই আলোচনা আৰু তিনি দিনলৈ পিছুৱাই দিছে। অৰ্থাৎ, ইমৰান খানে তেওঁৰ গাদি বচাবলৈ আৰু কিছু সময় বাকী। পুনৰ আস্থাৰ ভোট ৪ এপ্ৰিলত অনুষ্ঠিত হ'ব।   ৮ মাৰ্চত বিৰোধীয়ে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছিল। পাকিস্তানৰ নেচনেল এচেম্বলীয়ে সচিবালয়ত ইমৰান খান চৰকাৰৰ বিৰুদ্ধে এই প্ৰস্তাৱ দাখিল কৰিছিল। পাকিস্তানী সংবাদ মাধ্যমৰ সূত্ৰ অনুসৰি, বিৰোধী শিবিৰৰ মুঠ ৮৬ জন সদস্যই মঙলবাৰে ৰাষ্ট্ৰীয় সংসদ সচিবালয়লৈ অনা এই অনাস্থা প্ৰস্তাৱত স্বাক্ষৰ কৰে। নিয়ম অনুসৰি, বৰ্তমান চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিবলৈ নিম্নতম ৬৮ টা বিৰোধী স্বাক্ষৰৰ প্ৰয়োজন। আস্থা ভোটৰ দিনা, পাকিস্তান মুছলিম লীগ নৱাজৰ সভাপতি শ্বাহবাজ শ্বৰীফে ইঙ্গিতপূৰ্ণ মন্তব্য কৰিছিল। তেওঁ আশা কৰে যে পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ আগন্তুক এসপ্তাহৰ ভিতৰত নিৰ্ণয় কৰা হ'ব।   ইফালে, ইমৰান খানৰ পাছত এইবাৰ বিৰোধীয়ে পাকিস্তানৰ পঞ্জাৱ প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ বিৰুদ্ধেও অনাস্থা প্ৰস্তাৱ আনিছে। সোমবাৰে মুখ্যমন্ত্ৰী উছমান বুজদাৰৰ বিৰুদ্ধে এই প্ৰস্তাৱ উত্থাপন কৰিছিল বিৰোধীয়ে।   একাংশ ৰাজনৈতিক বিশ্লেষকে বিশ্বাস কৰে যে ইমৰান খান চৰকাৰৰ পতন হবলৈ মাত্ৰ কিছু সময় বাকী। উল্লেখ্য যে, জামুৰী ৱাতান পাৰ্টিৰ প্ৰতিনিধি শ্বাহজাইন বুগতিয়ে প্ৰধানমন্ত্ৰীৰ  বিশেষ সহায়কৰ পদত অধিষ্ঠিত আছিল। অৱশ্যে, তেওঁ ইতিমধ্যে তেওঁ এই চৰকাৰী পদৰ পৰা পদত্যাগ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক