--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু জাপানৰ প্ৰধানমন্ত্ৰী ফুমিও কিশ্বিডা উপস্থিতিত কালি নতুন দিল্লীত চতুৰ্দশ বাৰ্ষিক সন্মিলন অনুষ্ঠিত হয়। বৈঠকৰ পাছত, প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ে কয় যে, দুয়োজন ৰাষ্ট্ৰপ্ৰধানৰ মাজত আলোচনা সফল হৈছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কয় যে অহা পাঁচ বছৰত ভাৰতে পাঁচ ট্ৰিলিয়ন বা ৩,২০,০০০ কোটি টকাৰ জাপানী বিনিয়োগ লাভ কৰিব। বৈঠকৰ পাছত এটা যুটীয়া বিবৃতি প্ৰকাশ কৰা হৈছিল। ভাৰত আৰু জাপানে জাপানী বিনিয়োগৰ লগতে চাইবাৰ নিৰাপত্তা আৰু নগৰ উন্নয়নৰ ক্ষেত্ৰত তিনিখন চুক্তি স্বাক্ষৰ কৰিছে। বৈঠকৰ পাছত মোডীয়ে কয়, "সমগ্ৰ বিশ্বই এতিয়াও কভিদৰ সৈতে যুঁজি আছে। যাৰ বাবে আমাৰ সন্মুখত এতিয়াও প্ৰত্যাহ্বানবোৰ আছে। গতিকে এনে সংকটৰ সময়ত আমি আমাৰ সহযোগিতা আৰু গভীৰ কৰিব লাগিব। মোদীয়ে কয় যে ভাৰত আৰু জাপানে ভাৰত-প্ৰশান্ত মহাসাগৰীয় অঞ্চলত শান্তি, নিৰাপত্তা আৰু সমৃদ্ধিৰ বাবে একেলগে কাম কৰিব। মোদীয়ে কিচিদাক লাডাখত চীনৰ অনুপ্ৰৱেশক লৈ বিতংভাৱে আলোচনা কৰিছে। মোদীয়ে লগতে স্পষ্ট কৰি দিয়ে যে সীমান্তত শান্তি নাথাকিলে ভাৰত-চীনৰ সম্পৰ্ক আগৰ দৰে একে নহ'ব। আনহাতে, দক্ষিণ চীন সাগৰত বেইজিংৰ ভূমিকাক লৈ জাপানেও উদ্বেগ প্ৰকাশ কৰিছে। বৈদেশিক মন্ত্ৰালয়ৰ সূত্ৰঅনুসৰি, আজিৰ আলোচনাত ৰাছিয়া আৰু ইউক্ৰেইনৰ যুদ্ধৰ ফলত এছিয়াৰ সামগ্ৰিক অৰ্থনৈতিক প্ৰভাৱৰ ওপৰত আলোকপাত কৰা হৈছে। বৈদেশিক সচিব হৰ্ষ বৰ্ধন শ্ৰীংলাই কয়, "দুয়োপক্ষই ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বিষয়ে আশংকা প্ৰকাশ কৰিছে। দুয়োখন দেশে সন্মত হৈছে যে ৰাজ্যখনৰ সাৰ্বভৌমত্ব আৰু ভৌগোলিক অখণ্ডতা বজাই ৰখাপ্ৰয়োজন। হিংসা তৎক্ষণাত বন্ধ হ'ব লাগিব আৰু আলোচনা আৰু কূটনীতিক আলোচনাৰ মাজেৰে সমস্য সমাধান হব লাগিব। দুয়োখন দেশে ইউক্ৰেনীয়নসকলে সাহায্য প্ৰেৰণ কৰিছে।'' জাপানৰ প্ৰধানমন্ত্ৰী শনিবাৰে ভাৰতত উপস্থিত হৈছিল। প্ৰধানমন্ত্ৰী হিচাপে এইটো তেওঁৰ প্ৰথম ভাৰত ভ্ৰমণ। জাপানৰ প্ৰধানমন্ত্ৰীয়ে দেওবাৰে ৰাতিপুৱা দিল্লী এৰিলে। সূত্ৰ অনুসৰি, অনাগত দিনত জাপানৰ বিনিয়োগেৰে দেশখনৰ বিভিন্ন উন্নয়নমুখী প্ৰকল্পৰ বাবে কাম কৰা হ'ব। এই ধন দেশৰ উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবেও ব্যৱহাৰ কৰা হ'ব। ইয়াৰ উপৰিও, জাপানে চতুৰ্দশ ভাৰত-জাপান বাৰ্ষিক সভাত ভাৰতৰ বিকাশৰ বাবে বিভিন্ন বেচৰকাৰী সংগঠনৰ সৈতে হাত মিলাব বিচাৰে। বৰ্তমান, ভাৰতত ১৪৫৫ টা জাপানী কোম্পানীয়ে বিনিয়োগ কৰিছে। দেশৰ ১১ খন চহৰত গুৰুত্বপূৰ্ণ জাপানী সহায় আছে। ভাৰতত বিনিয়োগ কৰা দেশসমূহৰ ভিতৰত জাপান পঞ্চম স্থানত আছে। BFC banner

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাজ্য চৰকাৰে ৪ আগষ্টত ল'ব ১০০০ কোটিৰ ঋণ
শিৱসাগৰত বানে জুৰুলা কৰা লোকৰ অকথিত যন্ত্ৰণা; শাৰীৰিক সমস্যাৰ লগতে সৃষ্টি হৈছে গভীৰ মানসিক প্ৰত্যাহ্বান
শিমলুগুৰিৰ বান পৰিস্থিতিৰ বাবে কেইবাখনো গুৰুত্বপূৰ্ণ দূৰণিবটীয়া ৰে’লৰ পথ সলনি
গুৱাহাটীত পানী যোগানৰ পাইপলাইন, ভালভ আদিৰ ক্ষতি কৰিলে ভৰিব লাগিব ৫০০ টকা জৰিমনা
‘এয়াই মোৰ প্ৰথম আৰু শেষ ভুল’! মোদী আৰু প্ৰয়াত মাতৃক লৈ অশ্লীল মন্তব্য কৰা ৰুচিকা সিঙে দেশবাসীৰ ওচৰত বিচাৰিলে ক্ষমা
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
পুৱা খালী পেটত কি খাব লাগে? সবিশেষ জানি লওক
বন সংৰক্ষণ আৰু জীৱন ধাৰণৰ মান উন্নয়নৰ বাবে কামৰূপত বন বিভাগৰ ভেনিলা খেতিৰ প্ৰচাৰ
প্ৰণৱ দলেক জামিন প্ৰদান অসম আদালতৰ, জনসাধাৰণৰ উদ্বেগ নশুনিলে শান্তি বিঘ্নিত হোৱাৰ মন্তব্য
অসমত জামিন লাভৰ পিছতে থলুৱা অধিকাৰ কৰ্মীৰ বিৰুদ্ধে NSA প্ৰয়োগ