--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পাকিস্তানৰ এটা সেনা ঘাটীত প্ৰচণ্ড বিস্ফোৰণ সংঘটিত হৈছে। শিয়ালকোট চহৰৰ সেনা ঘাটীটোত আজি অকস্মাৎ এই বিস্ফোৰণ সংঘটিত হয়। আজি পুৱাৰ ভাগতে এই প্ৰচণ্ড বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। এই বিস্ফোৰণৰ পাছত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ঘাটীটোত। এই বিস্ফোৰণৰ ফলত সেনা ঘাটীটোৰ অস্ত্ৰাগাৰত জুই লগাৰো আশংকা কৰা হৈছে। খবৰ অনুসৰি দেওবাৰে পঞ্জাৱ প্ৰদেশৰ সেনানিবাসৰ ওচৰত বিস্ফোৰণটো সংঘটিত হৈছিল। বিস্ফোৰণটো শিয়ালকোটৰ সেনা ঘাটীত এটা মিছাইলৰ আঘাতৰ ফলত এই বিস্ফোৰণ হোৱা বুলি ধাৰণা কৰা হৈছে। গোলাবাৰুদৰে ভৰ্তি এই সেনা ঘাটীটোত এতিয়া বৃহৎ অগ্নিকাণ্ডৰ আশংকা কৰা হৈছে। স্থানীয় লোকসকলে প্ৰকাশ কৰা মতে অস্ত্ৰাগাৰত জুই লগা দেখিবলৈ পোৱা গৈছে আৰু এই অগ্নিকাণ্ডই ব্যাপক ৰূপ লোৱাৰ আশংকা কৰা হৈছে। পাকিস্তানৰ এগৰাকী স্থানীয় সাংবাদিক ঋষি সুৰীয়ে টুইটযোগে বিস্ফোৰণৰ খবৰ প্ৰকাশ কৰিছে। অৱশ্যে, বিস্ফোৰণৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ইয়াৰ উপৰি, এতিয়ালৈকে ক্ষ-ক্ষতিৰ বিতং খবৰ পোৱা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল