--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পাকিস্তানৰ এটা সেনা ঘাটীত প্ৰচণ্ড বিস্ফোৰণ সংঘটিত হৈছে। শিয়ালকোট চহৰৰ সেনা ঘাটীটোত আজি অকস্মাৎ এই বিস্ফোৰণ সংঘটিত হয়। আজি পুৱাৰ ভাগতে এই প্ৰচণ্ড বিস্ফোৰণৰ ঘটনা সংঘটিত হোৱা বুলি সংবাদ মাধ্যমত প্ৰকাশ পাইছে। এই বিস্ফোৰণৰ পাছত ভয়ংকৰ অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ঘাটীটোত। এই বিস্ফোৰণৰ ফলত সেনা ঘাটীটোৰ অস্ত্ৰাগাৰত জুই লগাৰো আশংকা কৰা হৈছে। খবৰ অনুসৰি দেওবাৰে পঞ্জাৱ প্ৰদেশৰ সেনানিবাসৰ ওচৰত বিস্ফোৰণটো সংঘটিত হৈছিল। বিস্ফোৰণটো শিয়ালকোটৰ সেনা ঘাটীত এটা মিছাইলৰ আঘাতৰ ফলত এই বিস্ফোৰণ হোৱা বুলি ধাৰণা কৰা হৈছে। গোলাবাৰুদৰে ভৰ্তি এই সেনা ঘাটীটোত এতিয়া বৃহৎ অগ্নিকাণ্ডৰ আশংকা কৰা হৈছে। স্থানীয় লোকসকলে প্ৰকাশ কৰা মতে অস্ত্ৰাগাৰত জুই লগা দেখিবলৈ পোৱা গৈছে আৰু এই অগ্নিকাণ্ডই ব্যাপক ৰূপ লোৱাৰ আশংকা কৰা হৈছে। পাকিস্তানৰ এগৰাকী স্থানীয় সাংবাদিক ঋষি সুৰীয়ে টুইটযোগে বিস্ফোৰণৰ খবৰ প্ৰকাশ কৰিছে। অৱশ্যে, বিস্ফোৰণৰ প্ৰকৃত কাৰণ এতিয়াও জানিব পৰা হোৱা নাই। ইয়াৰ উপৰি, এতিয়ালৈকে ক্ষ-ক্ষতিৰ বিতং খবৰ পোৱা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন