--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সেনাৰ গুলীত ১৪জনকৈ নিৰীহ লোকৰ মৃত্যুৰ ঘটনাৰ পাছত আজিও নগালেণ্ডৰ মন জিলাত অস্থিৰতাই বিৰাজ কৰি আছে৷ সাধাৰণ নাগৰিক সেনাৰ নৃশংসতাৰ বলি হোৱা ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে ক্ষুব্ধ জনগণে৷ এই হত্যালীলাৰ বিৰোধিতাৰে বৃহস্পতিহাৰে পুনৰ মন জিলা বন্ধ ঘোষণা কৰে কন্যাক ষ্টুডেণ্ট ইউনিয়নে। বৃহস্পতিবাৰে পুৱা ৬ বজাৰ পৰা বিয়লি ৪ বজালৈ বন্ধ ঘোষণা কৰা হয় জিলাখনত।


এই বন্ধৰ সময়ছোৱাত অৱশ্যে জৰুৰী সেৱাসমূহক ৰেহাই দিয়া হৈছে বুলি জানিবলৈ দিয়ে কন্যাক ষ্টুডেণ্ট ইউনিয়নৰ সহঃ সম্পাদকে। উল্লেখ্য কন্যাক লোকৰ বসতিপ্ৰধান মন জিলাত সেনাৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছিল কন্যাক ইউনিয়নে। তেওঁলোকে নিৰীহ লোকে ন্যায় নোপোৱাপৰ্যন্ত সেনাৰ সৈতে অসহযোগিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সংগঠনটোৱে ঘোষণা কৰিছিল যে, ১৪ নিৰীহে ন্যায় নোপোৱাপৰ্যন্ত তথ্য দোষী সেনা জোৱানে শাস্তি নোপোৱালৈকে কন্যাক ভূমিত সেনা বাহিনীৰ আহযাহ বন্ধ কৰি ৰখা হ’ব।

লগতে, মন জিলাত সামৰিক নিযুক্তিতো বাধা প্ৰদানৰ লগতে কন্যাক যুৱকক সামৰিক নিযুক্তি প্ৰক্ৰিয়াত অংশ লোৱাত বাধা আৰোপ কৰিছিল সংগঠনটোৱে।
ইপিনে নগালেণ্ডৰ মন জিলা বন্ধ ঘোষণা কৰা পৰিপ্ৰেক্ষিততে অসম-নগালেণ্ড সীমান্তৱৰ্তী অঞ্চল সোণাৰিৰ সৈতে যোগাযোগ স্তব্ধ হৈ পৰিছে। কন্যাক ষ্টুডেণ্ট ইউনিয়নৰ লগতে বিভিন্ন সংগঠন তথা ৰাইজৰ যৌথ উদ্যোগত আজি অনুষ্ঠিত হ’বলগীয়া শান্তিপূৰ্ণ গণ আন্দোলনৰ পৰিপ্ৰেক্ষিততেই এই বন্ধৰ ঘোষণা কৰা হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
মেঘালয়ৰ হত্যাকাণ্ডৰ পটভূমিত নির্মাণ হ'ব 'হনিমুন ইন শ্বিলং'
বড়োলেণ্ড এফ চিৰ জয়, বিদায় কাৰ্বি আংলং মৰ্ণিং ষ্টাৰৰ
তিনিচুকীয়া ৰে’লৱে ষ্টেচনত উদ্ধাৰ মানৱ সৰবৰাহকাৰীৰ ভয়ংকৰ ৰেকেট
অবৈধ কয়লাৰ কোটি কোটি টকাৰ ব্যৱসায় চলি আছে অসমত
হাস্পতালৰ ৱাৰ্ডগাৰ্লৰ সৈতে অসংযত অৱস্থাত ধৰা পৰিল ASI সঞ্জীৱ গয়াৰী
শ্রীহৰিকোটাৰ পৰা উৎক্ষেপণ বিশ্বৰ ব্যয়বহুল আর্থ ইমেজিং ছেটেলাইট