--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : সেনাৰ গুলীত ১৪জনকৈ নিৰীহ লোকৰ মৃত্যুৰ ঘটনাৰ পাছত আজিও নগালেণ্ডৰ মন জিলাত অস্থিৰতাই বিৰাজ কৰি আছে৷ সাধাৰণ নাগৰিক সেনাৰ নৃশংসতাৰ বলি হোৱা ঘটনাৰ বিৰুদ্ধে প্ৰতিবাদ অব্যাহত ৰাখিছে ক্ষুব্ধ জনগণে৷ এই হত্যালীলাৰ বিৰোধিতাৰে বৃহস্পতিহাৰে পুনৰ মন জিলা বন্ধ ঘোষণা কৰে কন্যাক ষ্টুডেণ্ট ইউনিয়নে। বৃহস্পতিবাৰে পুৱা ৬ বজাৰ পৰা বিয়লি ৪ বজালৈ বন্ধ ঘোষণা কৰা হয় জিলাখনত।


এই বন্ধৰ সময়ছোৱাত অৱশ্যে জৰুৰী সেৱাসমূহক ৰেহাই দিয়া হৈছে বুলি জানিবলৈ দিয়ে কন্যাক ষ্টুডেণ্ট ইউনিয়নৰ সহঃ সম্পাদকে। উল্লেখ্য কন্যাক লোকৰ বসতিপ্ৰধান মন জিলাত সেনাৰ প্ৰৱেশ নিষিদ্ধ ঘোষণা কৰিছিল কন্যাক ইউনিয়নে। তেওঁলোকে নিৰীহ লোকে ন্যায় নোপোৱাপৰ্যন্ত সেনাৰ সৈতে অসহযোগিতা কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। সংগঠনটোৱে ঘোষণা কৰিছিল যে, ১৪ নিৰীহে ন্যায় নোপোৱাপৰ্যন্ত তথ্য দোষী সেনা জোৱানে শাস্তি নোপোৱালৈকে কন্যাক ভূমিত সেনা বাহিনীৰ আহযাহ বন্ধ কৰি ৰখা হ’ব।

লগতে, মন জিলাত সামৰিক নিযুক্তিতো বাধা প্ৰদানৰ লগতে কন্যাক যুৱকক সামৰিক নিযুক্তি প্ৰক্ৰিয়াত অংশ লোৱাত বাধা আৰোপ কৰিছিল সংগঠনটোৱে।
ইপিনে নগালেণ্ডৰ মন জিলা বন্ধ ঘোষণা কৰা পৰিপ্ৰেক্ষিততে অসম-নগালেণ্ড সীমান্তৱৰ্তী অঞ্চল সোণাৰিৰ সৈতে যোগাযোগ স্তব্ধ হৈ পৰিছে। কন্যাক ষ্টুডেণ্ট ইউনিয়নৰ লগতে বিভিন্ন সংগঠন তথা ৰাইজৰ যৌথ উদ্যোগত আজি অনুষ্ঠিত হ’বলগীয়া শান্তিপূৰ্ণ গণ আন্দোলনৰ পৰিপ্ৰেক্ষিততেই এই বন্ধৰ ঘোষণা কৰা হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম