--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৪ জুনত লোকসভা নিৰ্বাচনৰ ফলাফল প্ৰকাশ পাইছিল। য’ত এন ডি এ চৰকাৰে ২৯২খন আসন লাভ কৰাৰ বিপৰীতে আনফালে I.N.D.I.A মিত্ৰজোঁটে ২৩৪খন আসন লাভ কৰে।

সূত্ৰ অনুসৰি, লোকসভা নিৰ্বাচনত বিজেপি নেতৃত্বাধীন এন ডি এয়ে ২৯২ খন আসন লাভ কৰি সংখ্যাগৰিষ্ঠতাৰ সীমা অতিক্ৰম কৰাৰ বাবে মোদীয়ে ৮ জুনৰ নিশা ৮ বজাত শপত গ্ৰহণ কৰিব পাৰে। 

তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰি ভাৰতৰ দায়িত্ব ল’বলৈ ওলাইছে নৰেন্দ্ৰ মোদীয়ে। নৰেন্দ্ৰ মোদীৰ শপতগ্ৰহণৰ বাবে চুবুৰীয়া দেশৰ নেতাসকললৈও নিমন্ত্ৰণী পত্ৰ প্ৰেৰণ কৰা হৈছে।

বাংলাদেশৰ প্ৰধানমন্ত্ৰী শ্বেখ হাছিনা আৰু শ্ৰীলংকাৰ ৰাষ্ট্ৰপতি ৰানিল উইক্ৰেমসিংহ প্ৰধানমন্ত্ৰী হিচাপে নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব  বুলি জানিব পৰা গৈছে৷ নৰেন্দ্ৰ মোদীৰ শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰিব নেপালৰ প্ৰধানমন্ত্ৰী পুষ্পা কমল দাহালে। নেপালী এজন বিষয়াই এই কথা নিশ্চিত কৰিছে। 

ভূটান, নেপাল আৰু মৰিচাছৰ নেতাসকলকো মোদীৰ শপত গ্ৰহণ অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱাৰ সম্ভাৱনা আছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ