--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মৰ্মান্তিক! খেলপথাৰত খেলি আছিল ৪টাকৈ শিশুৱে৷ এনেসময়তে এখন পিকআপ ভানৰ খুন্দাত থিতাতে নিহত হয় ৩টিকৈ শিশু৷ আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এজন৷ এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হৈছে পশ্চিমবংগৰ পশ্চিম মেদিনীপুৰ জিলাৰ খাৰগাপুৰ নগৰ আৰক্ষী থানাৰ অন্তৰ্গত গোলবজাৰৰ চিলখানা অঞ্চলত৷ জানিব পৰা মতে, চিলখানা অঞ্চলটোৰ খেলপথাৰখনত প্ৰতিদিনেই কৰা হৈছিল অবৈধ পাৰ্কিং৷ প্ৰতিদিনে আলু, পিয়াজকে ধৰি বিভিন্ন পাচলি লোড আৰু আনলোডিং কৰা হৈছিল পথাৰখনত। লোডিং-আনলোডিঙৰ পাছত পথাৰখনত পিক-আপ ভান পাৰ্কিং কৰা হৈছিল।

খেলপথাৰখনত অবৈধভাৱেই দীৰ্ঘদিন চলি আহিছিল এই অবেধ পাৰ্কিং৷ আজিও, পিক-আপ ভানখনে লোড আৰু আনলোডিঙৰ পাছত পাৰ্কিঙলৈ লৈ যোৱা হৈছিল। গাড়ীখন বেক আপ কৰি থাকোঁতে দুৰ্ঘটনাটো সংঘটিত হৈছিল। পথাৰখনত খেলি ব্যস্ত থকা ৩টা শিশুৰ ওপৰত পিক-আপ ভানখন উঠি গৈছিল। ফলত থিতাতেই প্ৰাণ হেৰুৱাইছিল ৩জনে। আনহাতে আন এটি শিশু গুৰুতৰভাৱে আহত হৈছিল। আঘাতপ্ৰাপ্ত শিশুটিক ততাতৈয়াকৈ খাৰ্গপুৰ মহকুমা চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। কিন্তু অৱস্থাৰ অৱনতি হোৱাৰ লগে লগে চিকিৎসকে শিশুটোক তাৰ পৰা কলিকাতালৈ প্ৰেৰণ কৰে। স্থানীয় লোকৰ ভাষ্য অনুসৰি, চাৰিজনৰ প্ৰত্যেকৰে বয়স ৮, ৯, ১০ আৰু ১১ বছৰ বুলি জানিব পৰা গৈছে।

এই কৰুণ ঘটনাৰ পাছতহে উত্তেজিত জনতাই পাৰ্কিং বাহনসমূহ লণ্ডভণ্ড কৰিছিল। পৰিস্থিতি ধাৱমান হৈছিল বিপৰীত দিশলৈ উত্তেজিত জনতাক নিয়ন্ত্ৰণ কৰিবলৈ মোতায়েন কৰা হৈছিল আৰক্ষী বাহিনীও৷ অৱশেষত আৰক্ষীৰ বুজনি আৰু স্থানীয় ৰাইজৰ সহযোগিতাত পৰিস্থিতি নিয়ন্ত্ৰিত হয়৷ অভিযোগ অনুসৰি, ঠাইখনত দীৰ্ঘদিন ধৰি অবৈধ পাৰ্কিং কৰা হৈছিল। শিশুসকলে খেলা পথাৰখনত প্ৰশাসনৰ চকুৰ সন্মুখতেই অবৈধ পাৰ্কিং চলি আছিল। এই সকলো দেখি-শুনিও চকু মুদা কুলি ভাও ধৰিছিল প্ৰশাসনে। যাৰফলত অবৈধ পাৰ্কিঙৰ কাৰণে আজি ইমান ডাঙৰ ঘটনা সংঘটিত হৈছিল। প্ৰশাসনৰ অৱহেলাৰ বাবে কৰুণ মৃত্যুক সাবটি ল'বলগীয়া হয় ৩টি শিশুৱে৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
চুলতান-মোগলৰ শাসন আছিল নিষ্ঠুৰ
সত্যজিৎ ৰয়ৰ ঐতিহাসিক বাসভৱন ভাঙিছে বাংলাদেশ চৰকাৰে
দক্ষিণ ছিৰিয়াত ড্ৰুজ সম্প্ৰদায়ৰ লোকৰ হত্যাৰ প্ৰতিশোধ ; ডামাস্কাছত ইজৰাইলৰ শক্তিশালী বিমান আক্রমণ
প্রধানমন্ত্রী ধন-ধান্য কৃষি আঁচনিত অনুমোদন
তৰমুজ খাই গুটিবোৰ পেলাই দিয়ে নেকি ?
ডাঙৰ সিদ্ধান্ত! এতিয়াৰ পৰা চৰকাৰী-বেচৰকাৰী বিদ্যালয়ত গীতাৰ পাঠ বাধ্যতামূলক…
ইংলেণ্ডত শুভমন গিলৰ অভিলেখৰ জোৱাৰ; এইবাৰ ভংগ কৰিলে কোহলীৰ ৰেকৰ্ড
অমৰনাথ গুহাত পাৰযোৰৰ ৰহস্য আঁৰৰ বিষয়ে জানো আহক..
আলফা(স্বাঃ)ৰ শিবিৰত ভাৰতীয় সেনাৰ আক্ৰমণ ; নয়ন অসমৰ মৃত্যু, ১৯গৰাকী কেডাৰ আহত
স্বদেশলৈ উভতিল পেৰাচাইক্লিষ্ট ৰাকেশ বণিক
শিৱাজীয়ে নিৰ্মাণ কৰা ১২টা দুর্গই লাভ কৰিলে 'বিশ্ব ঐতিহ্য'ৰ স্বীকৃতি
হেমপ্রভা চুতীয়াৰ হাতত পুনৰ প্ৰাণ পাই উঠিব ষষ্ঠখন ধর্মগ্রন্থই
কেন্দ্ৰৰ বঞ্চনাত বন্ধ হ'ল টোকোলাই চাহ গৱেষণা কেন্দ্ৰৰ দুটাকৈ গুৰুত্বপূৰ্ণ বিভাগ
নাছাৰ দুই সহস্রাধিক কৰ্মচাৰীক চাটাই কৰিব ট্রাম্পে