--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : মৰ্মান্তিক! খেলপথাৰত খেলি আছিল ৪টাকৈ শিশুৱে৷ এনেসময়তে এখন পিকআপ ভানৰ খুন্দাত থিতাতে নিহত হয় ৩টিকৈ শিশু৷ আৰু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় এজন৷ এই শোকাবহ দুৰ্ঘটনাটো সংঘটিত হৈছে পশ্চিমবংগৰ পশ্চিম মেদিনীপুৰ জিলাৰ খাৰগাপুৰ নগৰ আৰক্ষী থানাৰ অন্তৰ্গত গোলবজাৰৰ চিলখানা অঞ্চলত৷ জানিব পৰা মতে, চিলখানা অঞ্চলটোৰ খেলপথাৰখনত প্ৰতিদিনেই কৰা হৈছিল অবৈধ পাৰ্কিং৷ প্ৰতিদিনে আলু, পিয়াজকে ধৰি বিভিন্ন পাচলি লোড আৰু আনলোডিং কৰা হৈছিল পথাৰখনত। লোডিং-আনলোডিঙৰ পাছত পথাৰখনত পিক-আপ ভান পাৰ্কিং কৰা হৈছিল।

খেলপথাৰখনত অবৈধভাৱেই দীৰ্ঘদিন চলি আহিছিল এই অবেধ পাৰ্কিং৷ আজিও, পিক-আপ ভানখনে লোড আৰু আনলোডিঙৰ পাছত পাৰ্কিঙলৈ লৈ যোৱা হৈছিল। গাড়ীখন বেক আপ কৰি থাকোঁতে দুৰ্ঘটনাটো সংঘটিত হৈছিল। পথাৰখনত খেলি ব্যস্ত থকা ৩টা শিশুৰ ওপৰত পিক-আপ ভানখন উঠি গৈছিল। ফলত থিতাতেই প্ৰাণ হেৰুৱাইছিল ৩জনে। আনহাতে আন এটি শিশু গুৰুতৰভাৱে আহত হৈছিল। আঘাতপ্ৰাপ্ত শিশুটিক ততাতৈয়াকৈ খাৰ্গপুৰ মহকুমা চিকিৎসালয়লৈ লৈ যোৱা হৈছিল। কিন্তু অৱস্থাৰ অৱনতি হোৱাৰ লগে লগে চিকিৎসকে শিশুটোক তাৰ পৰা কলিকাতালৈ প্ৰেৰণ কৰে। স্থানীয় লোকৰ ভাষ্য অনুসৰি, চাৰিজনৰ প্ৰত্যেকৰে বয়স ৮, ৯, ১০ আৰু ১১ বছৰ বুলি জানিব পৰা গৈছে।

এই কৰুণ ঘটনাৰ পাছতহে উত্তেজিত জনতাই পাৰ্কিং বাহনসমূহ লণ্ডভণ্ড কৰিছিল। পৰিস্থিতি ধাৱমান হৈছিল বিপৰীত দিশলৈ উত্তেজিত জনতাক নিয়ন্ত্ৰণ কৰিবলৈ মোতায়েন কৰা হৈছিল আৰক্ষী বাহিনীও৷ অৱশেষত আৰক্ষীৰ বুজনি আৰু স্থানীয় ৰাইজৰ সহযোগিতাত পৰিস্থিতি নিয়ন্ত্ৰিত হয়৷ অভিযোগ অনুসৰি, ঠাইখনত দীৰ্ঘদিন ধৰি অবৈধ পাৰ্কিং কৰা হৈছিল। শিশুসকলে খেলা পথাৰখনত প্ৰশাসনৰ চকুৰ সন্মুখতেই অবৈধ পাৰ্কিং চলি আছিল। এই সকলো দেখি-শুনিও চকু মুদা কুলি ভাও ধৰিছিল প্ৰশাসনে। যাৰফলত অবৈধ পাৰ্কিঙৰ কাৰণে আজি ইমান ডাঙৰ ঘটনা সংঘটিত হৈছিল। প্ৰশাসনৰ অৱহেলাৰ বাবে কৰুণ মৃত্যুক সাবটি ল'বলগীয়া হয় ৩টি শিশুৱে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
দেশত স্থাপন হ’ব ২২টা ডিজিটেল ইণ্টেলিজেন্স লেব
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন