--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ৰাজনীতিকৰো যে কিমান ৰং! মৰিয়নিৰ প্ৰাক্তন বিধায়ক ৰূপজ্যোতি কুৰ্মীলৈয়ে চাওক। আজি তেওঁ ঢেঁকীয়াখোৱা বৰনামঘৰত শৰাই আগবঢ়াইছে- - উপলক্ষ্য প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জন্মদিন।

ইমানখিনিলৈ ঠিকেই আছিল।পাছে তাৰ পিছতহে তেওঁ কৰিলে আচল কাণ্ড! ৰাজহুৱা স্থানত অন কেমেৰা নিজৰ গালত নিজেই তেওঁ কেইবাবাৰো প্ৰচণ্ড চৰ শোধালে।
চৰৰ কাৰণ অনুতাপ।কুৰ্মীৰ অনুতাপ হৈছে,কিয়নো পূৰ্বতে তেওঁ এইগৰাকী প্ৰধানমন্ত্ৰীক সমালোচনা কৰিছিল! অনুতাপত দগ্ধ কুৰ্মীয়ে সেয়ে নিজেই নিজক চৰ মাৰিছে।আকৌ কৈছে, তেওঁক হেনো নৰেন্দ্ৰ মোডীক গালি পাৰিবলৈ শিকাইহে দিয়া হৈছিল।ৰিপুণ বৰা,ৰাণা গোস্বামীৰ দৰে কংগ্ৰেছৰ 'ডাঙৰ ডাঙৰ' নেতাই শিকাই দিয়া বাবেহে তেওঁ গালি পাৰিছিল প্ৰধানমন্ত্ৰীক।

যি নহওঁ‌ক, নিজৰ গালত শোধোৱা এই দহ- বাৰটা চৰে ৰূপজ্যোতিৰ পাপ মোচন কৰি সমাগত মৰিয়নি সমষ্টিৰ উপ নিৰ্বাচনত টিকট নিশ্চিত কৰিব পাৰে নে অনাগত দিনত আৰু অধিক কিবা কিবি কৰাৰ প্ৰয়োজন হয় সেয়া সময়তহে গম পোৱা যাব।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ