--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ মোক লাগেনে মাটন লাগে? এই প্ৰশ্ন বিয়পি পৰিছে এতিয়া ছ'চিয়েল মিডিয়াত। এটা কথা সঁচা যে এখন সংসাৰত স্বামী-স্ত্ৰীয়ে বহু সমস্যাৰ মাজেৰে আগবাঢ়িব লগা হয়। আলোচনাৰ মাজেৰ দুয়ো দুয়োৰে সমস্যাবোৰ দূৰ কৰাই হৈছে এখন সংসাৰৰ নিয়ম। এইখিনিতে এজন স্বামীয়ে পত্নীক দিয়া এক অদ্ভূত প্ৰস্তাৱৰ বাতৰি পোহৰলৈ আহিছে। স্বামীয়ে পত্নীক সুধিছে যে 'মোক লাগে নে ছাগলী মাংস লাগে'? এক দম্পতীৰ মাজত মাংস খোৱা নোখোৱাকলৈ এনে পৰ্যায় পালেগৈ যে স্বামীয়ে পত্নীক যিকোনো এটা বাচি ল'বলৈ প্ৰস্তাৱ দিলে।

ছ'চিয়েল মিডিয়াত ভেজেটেৰিয়ান স্বামী আৰু নন-ভেজেটেৰিয়ান পত্নীৰ এই কাজিয়া খুব চৰ্চিত হৈ পৰিছে। শেহতীয়াকৈ ছ'চিয়েল মিডিয়াত এক পেপাৰ কাটিঙৰ ফটো ভাইৰেল হৈ আছে। পৰাণজয় গুহ ঠাকুৰতা নামৰ এটা টুইটাৰ হেণ্ডেলৰ পৰা ফটোখন ভাইৰেল হৈছে।

পেপাৰ কাটিংটোত লিখা আছে যে- ''মই এজন শুদ্ধ নিৰামিষহাৰী লোক। মোৰ পত্নীও জন্মসূত্ৰে নিৰামিষহাৰী হয় কিন্তু মোৰ পত্নীয়ে ছাগলী মাংস খাই খুব ভাল পায়। তেওঁ বিবাহপাশত আৱদ্ধ হোৱাৰ আগতেই পত্নীৰ ছাগলী মাংসৰ প্ৰতি দুৰ্বলতা আছিল বুলি গম পাইছিল কিন্তু পত্নীয়ে কৈছিল যে বিয়াৰ পাছত তেওঁ মাটন সম্পূৰ্ণৰূপে ত্যাগ কৰিব। পত্নীৰ প্ৰতিশ্ৰুতি সঁচা বুলি মানি লোকজনে তেওঁক বিয়া কৰায়। বিয়াৰ কিছুদিনৰ পাছতে ধৰা পৰিল যে পত্নীয়ে এতিয়াও মনে মনে মাটন খায়। স্বামীয়ে পত্নীক প্ৰতিশ্ৰুতিৰ কথা মনত পেলাই দিয়াৰ পাছতো কোনো কামত নাহিল। মোৰ পত্নী বহুত ধুনীয়া সেয়ে মই সেই চৰ্তটো ৰাখি তেওঁক বিয়া পাতিছিলোঁ। তেঁৱো কৈছিল যে মোক পোৱাৰ পাছত ছাগলী মাংস বাদ দিব..কিন্তু নিদিলে। মোৰ পত্নীয়ে এতিয়া কৈছে যে ছাগলী মাংসৰ অবিহনে তেওঁ জীয়াই থাকিব নোৱাৰে। সেয়েহে মই মোৰ পত্নীক সুধিছো যে মোক লাগে নে ছাগলী মাংস লাগে? অৱশ্যে পত্নীয়ে যদি কেনেবাকৈ ছাগলী মাংস বাচনি কৰে তেন্তে মোৰ কি হ'ব বুলিও শংকা প্ৰকাশ কৰিছে স্বামীয়ে।

এই টুইটটোত এতিয়া ভিন্ন কমেণ্টেৰে ভৰি পৰিছে। কোনোৱে কৈছে মানুহ নোহোৱাকৈ জীয়াই থাকিব পাৰি কিন্তু খাদ্য নোহোৱাকৈ নোৱাৰি। আকৌ আন কোনোৱে আলোচনাৰ মাজেৰে এই সমস্যা সমাধান কৰিবলৈ পতি-পত্নীক পৰামৰ্শ আগবঢ়াইছে।

আৰু পঢ়কঃ জুবিন গাৰ্গলৈ ছ্যুকাফা বঁটা অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম