--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেশৰ মহামান্য উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে এক গুৰুত্বপূৰ্ণ ৰায়৷ ছুপ্ৰিম কৰ্টে ৰায় প্ৰদান কৰে যে, ৰোগীৰ মৃত্যুত চিকিৎসকৰ ওপৰত চিকিৎসাৰ অৱহেলাৰ প্ৰতি কোনো অভিযোগ আৰোপ কৰিব নোৱাৰিব। ন্যায়ালয়ে ক’য় যে, এজন চিকিৎসকে ৰোগীক জীয়াই ৰাখিবৰ বাবে যৎপৰোনাস্তি চেষ্টা চলায়, কিন্তু সেই ৰোগী গৰাকীক কিমান দিনলৈকে জীয়াই থাকিব সেইটো কথা এজন চিকিৎসকে নিশ্চিত কৰিব নোৱাৰে৷


উল্লেখ্য যে, ১৯৯৮ চনত দিনেশ জয়ছোৱাল নামৰ এজন ব্যক্তিয়ে মোম্বাই চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰত এক জটিল অস্ত্ৰোপচাৰৰ পাছত মৃত্যু হৈছিল। মৃত লোকজনৰ পৰিয়ালৰ লোকে অভিযোগ কৰে যে, চিকিৎসকৰ গাফিলতিৰ ফলতেই ৰোগী গৰাকীৰ মৃত্যু হ’ল৷ উক্ত ঘটনাটোক লৈ ৰাষ্ট্ৰীয় উপভোক্তা বিবাদ নিষ্পত্তি আয়োগে চিকিৎসালয় কৰ্তৃপক্ষক ঘটনাটোত ৰোগীৰ পৰিয়ালক ১৪.১৮ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ কৈছিল আৰু ইয়াৰ পাছতে চিকিৎসালয় কৰ্তৃপক্ষই আদেশটোৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।


সেই গোচৰটোৰ ৰায় প্ৰদান কৰে ছুপ্ৰিম কৰ্টে৷ ন্যায়াধীশ হেমন্ত গুপ্তা আৰু ন্যায়াধীশ ভি ৰামসুব্ৰমনিয়ামে ক’য় যে, ‘ৰোগী এজনৰ মৃত্যুৰ বাবে চিকিৎসকসকলক দোষাৰোপ কৰাটো এটা অভ্যাসত পৰিণত হৈছে। অৱশ্যে এইটোও হ’য় যে ৰোগী এজনৰ মৃত্যু হ’লে তেওঁৰ পৰিয়াল অসহিষ্ণু হৈ পৰে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে, সকলো ৰোগীৰ মৃত্যু বাবে কেৱল চিকিৎসকজনে দায়ী ৷ দিন-ৰাতি একাকাৰ কৰি কাম কৰা স্বাস্থ্য কৰ্মীসকলৰ আক্ৰমণৰ ঘটনা এতিয়া বৃদ্ধি পাব ধৰিছে। চিক্ৎসকসকলে কেতিয়াবা সৰ্বশ্ৰেষ্ঠ চিকিৎসা দিবলৈ চেষ্টা কৰিলেও বহু সময়ত মৃত্যু প্ৰতিৰোধ কৰিব নোৱাৰে। চিকিৎসকসকলে ৰোগীৰ যত্নহে ল'ব পাৰে, জীৱনৰ নহয়।’

দিনেশৰ পৰিয়ালে অভিযোগ কৰিছিল যে,জ্যেষ্ঠ চিকিৎসকৰ অনুপস্থিতি, অস্ত্ৰোপচাৰ কক্ষৰ দুৰ্বল আন্তঃগাথনি আৰু দুৰ্বল এঞ্জিওগ্ৰাফী মেচিনৰ বাবে ৰোগী গৰাকীৰ মৃত্যু হৈছিল। কিন্তু ইয়াৰ বিপৰীতে চিকিৎসালয়খনে কৈছিল যে ৰোগীক আৰোগ্য কৰিবলৈ সকলো প্ৰচেষ্টা কৰাৰ পাছতো তেওঁৰ মৃত্যু হৈছিল। উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ ৰায়দানক দেশবাসীৰ লগতে চিকিৎসকসকলে আদৰণি জনাইছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
দিল্লীৰ দৰিয়াগঞ্জত অঘটন,অট্টালিকা খহি ৩ জন লোকৰ মৃত্যু
চতিয়া দিৱসৰ কাৰ্যসূচীত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক
পুৰুষৰ বেশত ভগ্নীৰ শহুৰেকৰ ঘৰত প্ৰৱেশ কৰি ডেৰ কোটিৰো অধিক টকাৰ গহনা লুটি নিলে যুৱতীয়ে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত