--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ দেশৰ মহামান্য উচ্চতম ন্যায়ালয়ে প্ৰদান কৰিলে এক গুৰুত্বপূৰ্ণ ৰায়৷ ছুপ্ৰিম কৰ্টে ৰায় প্ৰদান কৰে যে, ৰোগীৰ মৃত্যুত চিকিৎসকৰ ওপৰত চিকিৎসাৰ অৱহেলাৰ প্ৰতি কোনো অভিযোগ আৰোপ কৰিব নোৱাৰিব। ন্যায়ালয়ে ক’য় যে, এজন চিকিৎসকে ৰোগীক জীয়াই ৰাখিবৰ বাবে যৎপৰোনাস্তি চেষ্টা চলায়, কিন্তু সেই ৰোগী গৰাকীক কিমান দিনলৈকে জীয়াই থাকিব সেইটো কথা এজন চিকিৎসকে নিশ্চিত কৰিব নোৱাৰে৷


উল্লেখ্য যে, ১৯৯৮ চনত দিনেশ জয়ছোৱাল নামৰ এজন ব্যক্তিয়ে মোম্বাই চিকিৎসালয় আৰু গৱেষণা কেন্দ্ৰত এক জটিল অস্ত্ৰোপচাৰৰ পাছত মৃত্যু হৈছিল। মৃত লোকজনৰ পৰিয়ালৰ লোকে অভিযোগ কৰে যে, চিকিৎসকৰ গাফিলতিৰ ফলতেই ৰোগী গৰাকীৰ মৃত্যু হ’ল৷ উক্ত ঘটনাটোক লৈ ৰাষ্ট্ৰীয় উপভোক্তা বিবাদ নিষ্পত্তি আয়োগে চিকিৎসালয় কৰ্তৃপক্ষক ঘটনাটোত ৰোগীৰ পৰিয়ালক ১৪.১৮ লাখ টকাৰ ক্ষতিপূৰণ দিবলৈ কৈছিল আৰু ইয়াৰ পাছতে চিকিৎসালয় কৰ্তৃপক্ষই আদেশটোৰ বিৰুদ্ধে উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছিল।


সেই গোচৰটোৰ ৰায় প্ৰদান কৰে ছুপ্ৰিম কৰ্টে৷ ন্যায়াধীশ হেমন্ত গুপ্তা আৰু ন্যায়াধীশ ভি ৰামসুব্ৰমনিয়ামে ক’য় যে, ‘ৰোগী এজনৰ মৃত্যুৰ বাবে চিকিৎসকসকলক দোষাৰোপ কৰাটো এটা অভ্যাসত পৰিণত হৈছে। অৱশ্যে এইটোও হ’য় যে ৰোগী এজনৰ মৃত্যু হ’লে তেওঁৰ পৰিয়াল অসহিষ্ণু হৈ পৰে, কিন্তু তাৰ অৰ্থ এইটো নহয় যে, সকলো ৰোগীৰ মৃত্যু বাবে কেৱল চিকিৎসকজনে দায়ী ৷ দিন-ৰাতি একাকাৰ কৰি কাম কৰা স্বাস্থ্য কৰ্মীসকলৰ আক্ৰমণৰ ঘটনা এতিয়া বৃদ্ধি পাব ধৰিছে। চিক্ৎসকসকলে কেতিয়াবা সৰ্বশ্ৰেষ্ঠ চিকিৎসা দিবলৈ চেষ্টা কৰিলেও বহু সময়ত মৃত্যু প্ৰতিৰোধ কৰিব নোৱাৰে। চিকিৎসকসকলে ৰোগীৰ যত্নহে ল'ব পাৰে, জীৱনৰ নহয়।’

দিনেশৰ পৰিয়ালে অভিযোগ কৰিছিল যে,জ্যেষ্ঠ চিকিৎসকৰ অনুপস্থিতি, অস্ত্ৰোপচাৰ কক্ষৰ দুৰ্বল আন্তঃগাথনি আৰু দুৰ্বল এঞ্জিওগ্ৰাফী মেচিনৰ বাবে ৰোগী গৰাকীৰ মৃত্যু হৈছিল। কিন্তু ইয়াৰ বিপৰীতে চিকিৎসালয়খনে কৈছিল যে ৰোগীক আৰোগ্য কৰিবলৈ সকলো প্ৰচেষ্টা কৰাৰ পাছতো তেওঁৰ মৃত্যু হৈছিল। উল্লেখ্য যে, উচ্চতম ন্যায়ালয়ৰ এই গুৰুত্বপূৰ্ণ ৰায়দানক দেশবাসীৰ লগতে চিকিৎসকসকলে আদৰণি জনাইছে৷


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম