--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অভিনেত্ৰী স্বৰা ভাস্কৰলৈ এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আগবঢ়াইছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰায়ে সৰৱ থকা দেখা যায় স্বৰা ভাস্কৰক। বিজেপিক সমালোচনা কৰি সৰৱ হৈ থকা স্বৰাক ৰাজনীতিত প্ৰৱেশৰ বাবে প্ৰস্তাৱ আগবঢ়ালে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে। মুম্বাইত বিশিষ্ট ব্যক্তিৰ সৈতে মত বিনিময়ৰ এক অনুষ্ঠানত অংশ লৈছিল অভিনেত্ৰীগৰাকীয়ে। এই অনুষ্ঠানত উপস্থিত আছিল মমতা বেনাৰ্জীও।

স্বাৰা আৰু মমতাৰ লগতে অনুষ্ঠানটোত উপস্থিত আছিল জাভেদ আখতাৰ,মহেশ ভাট, ৰিচা চাড্ডা আদি। সভাৰ আৰম্ভণিতে নিজক প্ৰথমে অভিনেত্ৰী বুলি পৰিচয় দি ভাষণ আগবঢ়ায় স্বৰাই। ভাষণ দি থকাৰ মাজতে কথা প্ৰসংগত স্বৰাই বাংলাত কয় 'খেলা হয়েছে'। স্বৰা ভাস্কৰে নিজ ভাষণত জৱহাৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি কৃষক আন্দোলনলৈকে সকলো বিষয় সামৰি এক তত্বগধুৰ ভাষণ আগবঢ়ায়।

আৰু পঢ়কঃ অচল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ! ভিন্ন দাবীৰে কৰ্মচাৰীৰ অসহযোগ আন্দোলন

এই অনুষ্ঠানতো অভিনেত্ৰী স্বৰা বিজেপি চৰকাৰক সমালোচনা কৰি সৰৱ হৈ পৰে। স্বৰাৰ ভাষণ শেষ হোৱাৰ লগে লগে মমতা বেনাৰ্জীয়ে কয়-''আপুনি কেতিয়া ৰাজনীতিত প্ৰত্যক্ষভাৱে যোগদান কৰিব? আপোনাৰ দৰে মানুহ ৰাজনীতিৰ ক্ষেত্ৰখনত অহাটো বৰ প্ৰয়োজন। আপোনাৰ দৰে দৃঢ়মনা মহিলাই ৰাজনীতিত প্ৰৱেশ কৰা উচিত। আশা কৰিছো অতি সোনকালে আপোনাক ৰাজনীতিৰ পথাৰত দেখা পাম।'' মমতা বেনাৰ্জীৰ এই প্ৰস্তাৱত স্বৰা ভাস্কৰে কি পদক্ষেপ ল'ব সেয়াহে হ'ব লক্ষ্যণীয়।

আৰু পঢ়কঃ মোক লাগেনে মাটন লাগে? যিকোনো এটা বাচি ল’বলৈ পত্নীক নিৰ্দেশ ভেজেটেৰিয়ান স্বামীৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
খেলাৰ পাছত গা ধুবলৈ নামিছিল নৈত; বাক্সাৰ পল্লা নৈত সলিল সমাধি দুই কিশোৰৰ
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম
গোসাঁইগাঁৱৰ শ্ৰীৰামপুৰত বৃহৎ পৰিমাণৰ চেগুন কাঠ জব্দ; গ্ৰেপ্তাৰ দুজন