--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ অভিনেত্ৰী স্বৰা ভাস্কৰলৈ এক গুৰুত্বপূৰ্ণ প্ৰস্তাৱ আগবঢ়াইছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। বিজেপি চৰকাৰৰ বিৰুদ্ধে প্ৰায়ে সৰৱ থকা দেখা যায় স্বৰা ভাস্কৰক। বিজেপিক সমালোচনা কৰি সৰৱ হৈ থকা স্বৰাক ৰাজনীতিত প্ৰৱেশৰ বাবে প্ৰস্তাৱ আগবঢ়ালে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী তথা তৃণমূল কংগ্ৰেছৰ নেত্ৰী মমতা বেনাৰ্জীয়ে। মুম্বাইত বিশিষ্ট ব্যক্তিৰ সৈতে মত বিনিময়ৰ এক অনুষ্ঠানত অংশ লৈছিল অভিনেত্ৰীগৰাকীয়ে। এই অনুষ্ঠানত উপস্থিত আছিল মমতা বেনাৰ্জীও।

স্বাৰা আৰু মমতাৰ লগতে অনুষ্ঠানটোত উপস্থিত আছিল জাভেদ আখতাৰ,মহেশ ভাট, ৰিচা চাড্ডা আদি। সভাৰ আৰম্ভণিতে নিজক প্ৰথমে অভিনেত্ৰী বুলি পৰিচয় দি ভাষণ আগবঢ়ায় স্বৰাই। ভাষণ দি থকাৰ মাজতে কথা প্ৰসংগত স্বৰাই বাংলাত কয় 'খেলা হয়েছে'। স্বৰা ভাস্কৰে নিজ ভাষণত জৱহাৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা আৰম্ভ কৰি কৃষক আন্দোলনলৈকে সকলো বিষয় সামৰি এক তত্বগধুৰ ভাষণ আগবঢ়ায়।

আৰু পঢ়কঃ অচল শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ! ভিন্ন দাবীৰে কৰ্মচাৰীৰ অসহযোগ আন্দোলন

এই অনুষ্ঠানতো অভিনেত্ৰী স্বৰা বিজেপি চৰকাৰক সমালোচনা কৰি সৰৱ হৈ পৰে। স্বৰাৰ ভাষণ শেষ হোৱাৰ লগে লগে মমতা বেনাৰ্জীয়ে কয়-''আপুনি কেতিয়া ৰাজনীতিত প্ৰত্যক্ষভাৱে যোগদান কৰিব? আপোনাৰ দৰে মানুহ ৰাজনীতিৰ ক্ষেত্ৰখনত অহাটো বৰ প্ৰয়োজন। আপোনাৰ দৰে দৃঢ়মনা মহিলাই ৰাজনীতিত প্ৰৱেশ কৰা উচিত। আশা কৰিছো অতি সোনকালে আপোনাক ৰাজনীতিৰ পথাৰত দেখা পাম।'' মমতা বেনাৰ্জীৰ এই প্ৰস্তাৱত স্বৰা ভাস্কৰে কি পদক্ষেপ ল'ব সেয়াহে হ'ব লক্ষ্যণীয়।

আৰু পঢ়কঃ মোক লাগেনে মাটন লাগে? যিকোনো এটা বাচি ল’বলৈ পত্নীক নিৰ্দেশ ভেজেটেৰিয়ান স্বামীৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাক চৰ মাৰিছিল ৰিক্সাচালক ৰাজেশভাইয়ে; পূৰ্বেও তেওঁ কৰিছে বহু অপৰাধ ! পোহৰলৈ আহিল দীঘলীয়া তালিকা
ভাত কেৰেলা খাওক আৰু সুস্বাস্থ্য গঢ়ক; ইয়াৰ উপকাৰিতা জানিলে আপুনি আচৰিত হ’ব
উন্নত হৈছে চীন-ভাৰতৰ সম্পৰ্ক
বাঁহ গছত বগলীৰ বিয়লি মেল, নাৰায়ণপুৰত এজাক বগলীয়ে দৃষ্টি কাঢ়িছে বাটৰুৱাৰ
বিপদত অনলাইন গেমিং কোম্পানী! গৃহমন্ত্ৰীক প্ৰস্তাৱিত নিষেধাজ্ঞাৰ সন্দৰ্ভত হস্তক্ষেপৰ আহ্বান
এখন কিতাপে কৰিব নোৱাৰা কামো একোখন বিশেষ ফটোৱে কৰিব পাৰে
বৃক্কৰ ৰোগত আক্ৰান্ত মেধাৱী ছাত্ৰী পূজা দাস!  আৰ্থিক সাহায্য বিচাৰি আকুল আহ্বান পৰিয়ালৰ
বিগত আঠ বছৰত উত্তৰ প্ৰদেশৰ কৃষি খণ্ডই ৰচিলে ইতিহাসঃমুখ্যমন্ত্ৰী যোগী
ডিফু জিলা কাৰাগাৰত এজন হাজোতীৰ মৃত্যুক লৈ তীব্ৰ চাঞ্চল্য
ডাৱৰ বিস্ফোৰণে কঁপালে জম্মু ; ঘটনাত মৃত্যু ১০ জন লোকৰ
'এই খেলুৱৈজনক চুক্তিতকৈ অধিক ধন দিয়া হৈছিল'-  CSKৰ ওপৰত অভিযোগ উত্থাপন ৰবিচন্দ্ৰন অশ্বিনৰ
মৰিগাঁৱত একেটা কোঠাতে চিপ লৈ বৃদ্ধ দম্পতীৰ চৰম সিদ্ধান্ত
ভৰ বাৰিষাও পর্যাপ্ত পানী নাই ব্রহ্মপুত্রত
যুদ্ধ বন্ধ নকৰিলে ইয়াৰ পৰিণতি ভয়ংকৰ হ'ব; পুটিনক সকীয়নি ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ