--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ আহি আছে নৱবৰ্ষ। নৱবৰ্ষ আদৰাৰ নামত আনন্দত মতলীয়া হৈছে একাংশ। ত্ৰিপুৰাৰ ধলাই জিলাত সংঘটিত হৈছে এক অঘটন। সুৰা বুলি এচিড পান কৰি মৃত্যুমুখত পৰিল ৩জনকৈ লোক। ৭ জনৰ অৱস্থা সংকটজনক। নৱবৰ্ষক আদৰাৰ নামত লোককেইজনে প্ৰথমে অতিপাত সুৰা পান কৰে। সুৰাৰ ৰাগীত মতলীয়া হৈ তেওঁলোকে সুৰা আৰু এচিড চিনি নোপোৱা হয়। ইয়াৰ ফলত সুৰা বুলি এচিডকে পান কৰে তেওঁলোকে। এই ঘটনা সংঘটিত হোৱাৰ পাছতে আটাইকেইজনকে চিকিৎসালয়ত ভৰ্তি কৰা হৈছিল যদিও চিকিৎসকে তিনিজনক মৃত ঘোষণা কৰে। বাকী কেইজন লোক চিকিৎসাধীন হৈ আছে।

এচিড খাই মৃত্যুমুখত পৰা ৩জন লোক হৈছে শচীন্দ্ৰ ৰিয়াং (২২) অধিকাৰ ৰিয়াং (৪০) আৰু ভাবিৰাম ৰিয়াং (৩৮)। উল্লেখযোগ্য যে কাঞ্চনচাৰা নামৰ অঞ্চলটোত প্ৰী নিউ য়েৰ চেলিব্ৰেচন হিচাপে এটা পাৰ্টিৰ আয়োজন কৰা হৈছিল য'ত মৃত ব্যক্তিসহ দহজন লোকে যোগদান কৰিছিল।

পাৰ্টিত অত্যধিক সুৰা পান কৰাৰ পাছত আটাইকেইজনে ভুলবশতঃ এচিড পান কৰিছিল। তেওঁলোক নিচাগ্ৰস্ত অৱস্থাত আছিল আৰু মদ, এচিডৰ মাজৰ পাৰ্থক্যটো ধৰিব পৰা নাছিল বুলি আৰক্ষীয়ে সদৰী কৰে।নিচাসক্ত হৈ সুৰা বুলি এচিডকে পান কৰাৰ এই ঘটনাই এতিয়া তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ত্ৰিপুৰাত।

আৰু পঢ়কঃ ছুপাৰ ডুপাৰ হিট ‘পুষ্পা’! পৰ্দাৰ আঁৰত থকা প্ৰতিজনকে ১ লাখ টকাৰ পুৰস্কাৰ


FOLLOW US F
POPULAR
FEATURE
TRENDY
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
প্ৰকৃতিৰ বিস্ময়ঃ প্ৰজননৰ পাছত মতা ইলিছ মাছে লিংগ সলনি কৰি হৈ পৰে মাইকী মাছ! দুখন বিশ্ববিদ্যালয়ৰ যৌথ গৱেষণাই প্ৰকাশ কৰিলে আচৰিত তথ্য
বিশ্বৰ ৪৭% লোকে পচন্দ কৰে ভাৰতক ; পিউ ৰিছাৰ্চ চেণ্টাৰৰ সমীক্ষাত প্ৰকাশিত তথ্য
ডুবিব ৯ লাখ ৮৩ হাজাৰ টকাৰ ক্ৰিকেট বজাৰ! অনলাইন গেমিং বিলৰ ফলত আই পি এলৰ উপাৰ্জনত প্ৰভাৱ পৰিব নেকি?
কাইলৈৰ পৰা কাৰ্যকৰী হ'ব ফাষ্টেগ বাৰ্ষিক পাছ ; এতিয়াৰ পৰা সহজে পৰিশোধ কৰিব পাৰিব টোল টেক্স
গুলবীৰ সিঙৰ ৩ হাজাৰ মিটাৰত ৰাষ্ট্ৰীয় অভিলেখ
কুকুৰৰ পুনৰবাসনৰ আৱেদন বিবেচনাৰ আশ্বাস মুখ্য ন্যায়াধীশৰ
দুবছৰত চাৰি শতাধিক চিকিৎসকে এৰিলে এইমছ
ছেপ্টেম্বৰত মোদীয়ে ভ্ৰমণ কৰিব আমেৰিকা
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ