--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নৌসেনাত যুদ্ধ জাহাজত অঘটন। নিহত হ’ল তিনিগৰাকীকৈ নৌসেনাৰ বিষয়া। নৌসেনাৰ ‘ডেষ্ট্ৰ’য়াৰ’ জাহাজ আইএনএছ ৰনবীৰত সংঘটিত হোৱা এটা বিস্ফোৰণত নৌসেনাৰ তিনিগৰাকী বিষয়া নিহত হয়। প্ৰতিৰক্ষা বিভাগৰ ফালৰ পৰা এই বিষয়ে নিশ্চিত কৰা হৈছে। প্ৰতিৰক্ষা বিভাগৰ পৰা জাৰি কৰা এখন বিজ্ঞপ্তিত প্ৰকাশ কৰে যে, ‘মুম্বাইৰ নৌসেনা ঘাটীত আজি এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে। আইএনএছ ৰনবীৰৰ এটা আভ্যন্তৰীণ কম্পাৰ্টমেণ্টত সংঘটিত এটা বিস্ফোৰণৰ ফলত তিনিগৰাকী নৌসেনা বিষয়াৰ মৃত্যু হয়।’ জানিব পৰা মতে যুদ্ধ জাহাজখনৰ সা-সম্পদৰ কোনো গুৰুতৰ ক্ষতি হোৱা নাই। কিন্তু একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে আন এঘাৰগৰাকী সৈনিক আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁলোকক চিকিৎসাধীন কৰা হৈছে। নৌসেনাৰ জাহাজত এনেদৰে বিস্ফোৰণ সংঘটিত হোৱাটোৱে ভালেমান আশংকাৰ সৃষ্টি কৰিছে। কোনো ষড়যন্ত্ৰ বা বহিঃশত্ৰুৰ আক্ৰমণৰ আশংকাও এইক্ষেত্ৰত সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। কিন্তু সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে এই বিস্ফোৰণৰ সৈতে অস্ত্ৰ বা বিস্ফোৰকৰ কোনো সম্পৰ্ক নাই। এই বিস্ফোৰণ কিদৰে সংঘটিত হ’বলৈ পালে তাক নিশ্চিত কৰিবলৈ এখন কমিটীও তাৎক্ষণিকভাৱে গঠন কৰি দিয়া হৈছে। প্ৰতিৰক্ষা বিভাগে প্ৰকাশ কৰা বিজ্ঞপ্তিত কোৱা হৈছে যে, জাহাজখনৰ কৰ্মীয়ে তাৎক্ষণিকভাৱে এই ঘটনাক লৈ তৎপৰ হৈ পৰে আৰু পৰিস্থিতি চম্ভালি ল’বলৈ সক্ষম হয়। উল্লেখ্য যে, আইএনএছ ৰনবীৰ উপকূলীয় অঞ্চলত ২০২১চনৰ নৱেম্বৰৰ পৰা কৰ্তব্যৰত হৈ আছিল আৰু অলপতে নিজৰ বন্দৰলৈ উভতি আহিছিল। ভাৰতীয় নৌসেনাৰ এই আগশাৰীৰ যুদ্ধ জাহাজখন ১৯৮৬চনৰ ২১ এপ্ৰিলৰ পৰা নৌসেনাত নিয়োজিত হৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা