--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : নৌসেনাত যুদ্ধ জাহাজত অঘটন। নিহত হ’ল তিনিগৰাকীকৈ নৌসেনাৰ বিষয়া। নৌসেনাৰ ‘ডেষ্ট্ৰ’য়াৰ’ জাহাজ আইএনএছ ৰনবীৰত সংঘটিত হোৱা এটা বিস্ফোৰণত নৌসেনাৰ তিনিগৰাকী বিষয়া নিহত হয়। প্ৰতিৰক্ষা বিভাগৰ ফালৰ পৰা এই বিষয়ে নিশ্চিত কৰা হৈছে। প্ৰতিৰক্ষা বিভাগৰ পৰা জাৰি কৰা এখন বিজ্ঞপ্তিত প্ৰকাশ কৰে যে, ‘মুম্বাইৰ নৌসেনা ঘাটীত আজি এটা দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হৈছে। আইএনএছ ৰনবীৰৰ এটা আভ্যন্তৰীণ কম্পাৰ্টমেণ্টত সংঘটিত এটা বিস্ফোৰণৰ ফলত তিনিগৰাকী নৌসেনা বিষয়াৰ মৃত্যু হয়।’ জানিব পৰা মতে যুদ্ধ জাহাজখনৰ সা-সম্পদৰ কোনো গুৰুতৰ ক্ষতি হোৱা নাই। কিন্তু একাংশ সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে আন এঘাৰগৰাকী সৈনিক আঘাতপ্ৰাপ্ত হৈছে আৰু তেওঁলোকক চিকিৎসাধীন কৰা হৈছে। নৌসেনাৰ জাহাজত এনেদৰে বিস্ফোৰণ সংঘটিত হোৱাটোৱে ভালেমান আশংকাৰ সৃষ্টি কৰিছে। কোনো ষড়যন্ত্ৰ বা বহিঃশত্ৰুৰ আক্ৰমণৰ আশংকাও এইক্ষেত্ৰত সৃষ্টি হোৱা পৰিলক্ষিত হৈছে। কিন্তু সংবাদ মাধ্যমত প্ৰকাশ পোৱা মতে এই বিস্ফোৰণৰ সৈতে অস্ত্ৰ বা বিস্ফোৰকৰ কোনো সম্পৰ্ক নাই। এই বিস্ফোৰণ কিদৰে সংঘটিত হ’বলৈ পালে তাক নিশ্চিত কৰিবলৈ এখন কমিটীও তাৎক্ষণিকভাৱে গঠন কৰি দিয়া হৈছে। প্ৰতিৰক্ষা বিভাগে প্ৰকাশ কৰা বিজ্ঞপ্তিত কোৱা হৈছে যে, জাহাজখনৰ কৰ্মীয়ে তাৎক্ষণিকভাৱে এই ঘটনাক লৈ তৎপৰ হৈ পৰে আৰু পৰিস্থিতি চম্ভালি ল’বলৈ সক্ষম হয়। উল্লেখ্য যে, আইএনএছ ৰনবীৰ উপকূলীয় অঞ্চলত ২০২১চনৰ নৱেম্বৰৰ পৰা কৰ্তব্যৰত হৈ আছিল আৰু অলপতে নিজৰ বন্দৰলৈ উভতি আহিছিল। ভাৰতীয় নৌসেনাৰ এই আগশাৰীৰ যুদ্ধ জাহাজখন ১৯৮৬চনৰ ২১ এপ্ৰিলৰ পৰা নৌসেনাত নিয়োজিত হৈ আছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম