--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মৃত্যুৰ ভাবুকি লাভ কৰাৰ এমাহৰ পাছতেই অভিনেতা ছলমান খানে মুম্বাইৰ আৰক্ষী আয়ুক্তক সাক্ষাৎ কৰে। শুকুৰবাৰে বিয়লি আৰক্ষী আয়ুক্ত বিবেক পাংছালকাৰক সাক্ষাৎ কৰে বলীউডৰ ছুপাৰষ্টাৰগৰাকীয়ে।

মৃত্যুৰ ভাবুকি পোৱাৰ পিছতে কিছু সাৱধানতা ল’বলৈ প্ৰস্তুত হৈছে ছলমান খান। নিজৰ প্ৰাণৰ প্ৰতি লক্ষ্য ৰাখি ভাইজানে বন্দুক ৰাখিব বিচাৰে বুলিও ইতিমধ্যে অৱগত কৰিছে। এইবিষয়ে তেওঁ আৰক্ষী আয়ুক্তক লিখিতভাৱেও অনুৰোধ জনায়। শুকুৰবাৰে বিয়লি ছলমান খানে মুম্বাইত আৰক্ষী আয়ুক্তক সাক্ষাৎ কৰে। দক্ষিণ মুম্বাইত থকা নিজৰ কাৰ্যালয়লৈ যায় অভিনেতাজনে। এটা ব্যক্তিগত বন্দুক ৰখাৰ অনুমতি বিচাৰি আবেদন কৰে ছলমান খানে।

মন কৰিবলগীয়া যে, জুন মাহত খোজকাঢ়ি গৈ থাকোঁতে পদপথত মৃত্যুৰ ভাবুকি পাইছিল ছলমান খানৰ পিতৃ ছেলিম খানে। ছলমান খানক হত্যাৰ ভাবুকি দিয়া হৈছিল। এই ঘটনা পোহৰলৈ অহাৰ পাছতে খান পৰিয়ালে বান্দ্ৰা থানাত এজাহাৰ দাখিল কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চীন-আমেৰিকাৰ শুল্ক যুদ্ধই অথন্তৰ নমাব বিশ্বত
এই বছৰ প্ৰচণ্ড শীতত কঁপিব দেশবাসী
কৃত্রিম বুদ্ধিমত্তাই ৪ নিযুত নতুন চাকৰিৰ সৃষ্টি কৰিব ভাৰতত, নিটি আয়োগৰ প্ৰতিবেদনত দাবী
১১ বছৰৰ পাছত অৰিজিৎ সিঙৰ বিতৰ্কক লৈ মুখ খুলিলে ছলমান খানে
নগ'লেও হ'ব শ্ব'ৰুম, এতিয়াৰ পৰা আমাজনৰ পৰা ক্ৰয় কৰিব পাৰিব ৰয়েল এনফিল্ডৰ বাইক!
লক্ষাধিক চাহ জনগোষ্ঠীয় ৰাইজে কঁপালে ডিব্ৰুগড়ৰ ৰাজপথ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ
জুবিনৰ মৃত্যু-ৰহস্য, কি কি বিষয় সামৰিব ন্যায়িক তদন্ত আয়োগে?
ই ডিয়ে শ্যামকানুৰ সম্পত্তিৰ তদন্ত কৰোতে কি কি পোহৰলৈ আহিল?