--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰ্চাত ৰণবীৰ সিং। অদ্ভুত পোছাক পৰিধানৰ বাবে প্ৰায়ে চৰ্চাত থাকে তেওঁ। পিছে এইবাৰ আলোচনাৰ প্ৰসংগলৈ অহাৰ কাৰণ বেলেগ। এইবাৰ কাপোৰ নিপিন্ধাকৈয়ে নিজৰ সুশ্ৰী শৰীৰ দেখুৱাইছে ৰণবীৰ সিঙে। ৰণবীৰে আমেৰিকান পপ আইকন বাৰ্ট ৰেইনল্ডছৰ ষ্টাইলত কাশ্মীৰী কাৰ্পেটত দিছে প’জ। 

হাতেৰে ব্যক্তিগত অংগ ঢাকি প’জ দিছে জনপ্ৰিয় অভিনেতাগৰাকীয়ে। জ্বলি উঠিল কেমেৰা, লেন্সবন্দী হ’ল ৰণবীৰৰ দুৰ্লভ ছবি।  আলোচনীৰ ক’ভাৰ পেজৰ বাবে ৰণবীৰৰ এই ফটো শ্বুট বুলিয়েই ছ’চিয়েল মিডিয়াত হৈ পৰিল ভাইৰেল।

ৰণবীৰৰ এই নগ্ন ফটোখনক লৈ ছ’চিয়েল মিডিয়াত ভাহি আহিছে বহু মন্তব্য। সমালোচনা, তুচ্ছ-তাচ্ছিল্যৰ মাজতে একাংশ অনুৰাগীয়ে প্ৰশংসাৰে উপচাই দিছে প্ৰিয় অভিনেতাগৰাকীক। এজন অনুৰাগীয়ে লিখিছে, ‘ৰণবীৰ নিজৰ যৌনতাক লৈ অতি আত্মবিশ্বাসী, যিটো ভাল লাগে। এই মুহূৰ্তত বলীউডৰ আটাইতকৈ ছেক্সী তাৰকা ৰণবীৰ।’ কোনোবাই ভ্ৰু কোঁচাই আকৌ তেওঁৰ নগ্নতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। কেমেৰাৰ সন্মুখত উলংগ হৈ ৰণবীৰে যেন সোঁৱৰাই দিলে উলংগ হোৱাত তেওঁৰ কোনো সমস্যা নাই।

এই প্ৰসংগত ৰণবীৰ কয়, ‘কেমেৰাৰ সন্মুখত পোছাক খোলাটো এনে কি আচৰিত হ’বলগীয়া বিষয়! অভিনয়ৰ প্ৰয়োজনীয়তাত মই হাজাৰ হাজাৰ দৰ্শকৰ সন্মুখত মোৰ আত্মাক উলংগ ৰূপত উদঙাই দিছো আৰু সেয়াই হৈছে প্ৰকৃত উলংগৰ সংজ্ঞা। কামৰ বাবে উলংগ হ’বলৈ মই সদা প্ৰস্তুত। কিন্তু সমস্যাটো হ’ল, সন্মুখৰ মানুহখিনি অপ্ৰস্তুত হৈ পৰে৷’ 

অৱশ্যে, এইবাৰে প্ৰথম নহয় ২০১৭ চনত বাথটাবত পৰি অৱস্থাত প’জ দিছিল বলীউডৰ ‘খিলজী’য়ে। তেতি য়াও ৰণবীৰৰ অদ্ভুদ ফটো শ্বুটক লৈ কম চৰ্চা হোৱা নাছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ