--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চৰ্চাত ৰণবীৰ সিং। অদ্ভুত পোছাক পৰিধানৰ বাবে প্ৰায়ে চৰ্চাত থাকে তেওঁ। পিছে এইবাৰ আলোচনাৰ প্ৰসংগলৈ অহাৰ কাৰণ বেলেগ। এইবাৰ কাপোৰ নিপিন্ধাকৈয়ে নিজৰ সুশ্ৰী শৰীৰ দেখুৱাইছে ৰণবীৰ সিঙে। ৰণবীৰে আমেৰিকান পপ আইকন বাৰ্ট ৰেইনল্ডছৰ ষ্টাইলত কাশ্মীৰী কাৰ্পেটত দিছে প’জ। 

হাতেৰে ব্যক্তিগত অংগ ঢাকি প’জ দিছে জনপ্ৰিয় অভিনেতাগৰাকীয়ে। জ্বলি উঠিল কেমেৰা, লেন্সবন্দী হ’ল ৰণবীৰৰ দুৰ্লভ ছবি।  আলোচনীৰ ক’ভাৰ পেজৰ বাবে ৰণবীৰৰ এই ফটো শ্বুট বুলিয়েই ছ’চিয়েল মিডিয়াত হৈ পৰিল ভাইৰেল।

ৰণবীৰৰ এই নগ্ন ফটোখনক লৈ ছ’চিয়েল মিডিয়াত ভাহি আহিছে বহু মন্তব্য। সমালোচনা, তুচ্ছ-তাচ্ছিল্যৰ মাজতে একাংশ অনুৰাগীয়ে প্ৰশংসাৰে উপচাই দিছে প্ৰিয় অভিনেতাগৰাকীক। এজন অনুৰাগীয়ে লিখিছে, ‘ৰণবীৰ নিজৰ যৌনতাক লৈ অতি আত্মবিশ্বাসী, যিটো ভাল লাগে। এই মুহূৰ্তত বলীউডৰ আটাইতকৈ ছেক্সী তাৰকা ৰণবীৰ।’ কোনোবাই ভ্ৰু কোঁচাই আকৌ তেওঁৰ নগ্নতাক লৈ প্ৰশ্ন উত্থাপন কৰিছে। কেমেৰাৰ সন্মুখত উলংগ হৈ ৰণবীৰে যেন সোঁৱৰাই দিলে উলংগ হোৱাত তেওঁৰ কোনো সমস্যা নাই।

এই প্ৰসংগত ৰণবীৰ কয়, ‘কেমেৰাৰ সন্মুখত পোছাক খোলাটো এনে কি আচৰিত হ’বলগীয়া বিষয়! অভিনয়ৰ প্ৰয়োজনীয়তাত মই হাজাৰ হাজাৰ দৰ্শকৰ সন্মুখত মোৰ আত্মাক উলংগ ৰূপত উদঙাই দিছো আৰু সেয়াই হৈছে প্ৰকৃত উলংগৰ সংজ্ঞা। কামৰ বাবে উলংগ হ’বলৈ মই সদা প্ৰস্তুত। কিন্তু সমস্যাটো হ’ল, সন্মুখৰ মানুহখিনি অপ্ৰস্তুত হৈ পৰে৷’ 

অৱশ্যে, এইবাৰে প্ৰথম নহয় ২০১৭ চনত বাথটাবত পৰি অৱস্থাত প’জ দিছিল বলীউডৰ ‘খিলজী’য়ে। তেতি য়াও ৰণবীৰৰ অদ্ভুদ ফটো শ্বুটক লৈ কম চৰ্চা হোৱা নাছিল।





FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু