--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : 'এয়াই তোমালোকৰ চিন৷ তোমালোকক সুৰক্ষিত কৰাৰ এয়াই এতিয়া একমাত্ৰ পন্থা।’ সন্তানৰ পিঠিত জৰুৰীকালীন যোগাযোগৰ বিৱৰণ লিখি তেওঁলোকক সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিছে এতিয়া একাংশ ইউক্ৰেইনৰ দুৰ্ভগীয়া বাসিন্দাই৷ যুদ্ধই জৰ্জৰিত কৰা দেশখনত নিজৰ প্ৰাণ বচাবলৈ একাংশই দেশ এৰিছে, একাংশই প্ৰতিদিনে সলনি কৰিছে ঠিকনা আন একাংশই আকৌ যুদ্ধত নিজকেই দেশৰ বাবে উৎৰ্সগা কৰাৰ পণ লৈছে৷ এনে সময়তে সকলোতকৈ ক্ষতিগ্ৰস্ত হৈছে শিশুসকল৷ 

শেহতীয়াকৈ ইউক্ৰেইনৰ অভিভাৱকসকলে তেওঁলোক যুদ্ধত নিহত হ'লে তেওঁলোকৰ শিশুসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ এক অন্য পন্থা হাতত লৈছে৷ তাৰ ভিতৰত তেওঁলোকৰ সন্তানৰ শৰীৰত জৰুৰীকালীন যোগাযোগৰ বিৱৰণ লিখি ৰাখিবলৈ আৰম্ভ কৰিছে তেওঁলোকে। এই হৃদয়বিদাৰক ছবি এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ পিতৃ- মাতৃয়ে তেওঁলোকৰ সন্তানৰ কাপোৰ আৰু পিঠিত নম্বৰ লিখিছে যাতে সংঘৰ্ষৰ সময়ত তেওঁলোক অনাথ হ'লে তেওঁলোকক উদ্ধাৰ কৰিব পাৰে।

ইউক্ৰেইনৰ সাংবাদিক আনাস্তাচিয়া লাপাটিনাই টুইটাৰত এনে এখন ফটো শ্বেয়াৰ কৰি কয়: 'ইউক্ৰেইনৰ মাতৃসকলে তেওঁলোকৰ সন্তানৰ শৰীৰত তেওঁলোকৰ পৰিয়ালৰ বিষয়ে বিতং তথ্য লিখি ৰাখিবলৈ আৰম্ভ কৰিছে৷ যদি তেওঁলোক নিহত হয় আৰু শিশুটো জীয়াই থাকে তেতিয়া যাতে উদ্ধাৰকাৰী দলে জানিব পাৰে যে, তেওঁলোক কাৰ সন্তান৷ 

টুইটাৰত শ্বেয়াৰ কৰা আলোকচিত্ৰখনত বীৰা নামৰ এজনী সৰু ছোৱালীক দেখা গৈছিল যাৰ জন্ম তাৰিখ কণমানিজনীৰ পিঠিত কলমেৰে লিখা আছিল আৰু তাত কেইবাটাও নম্বৰ আছিল। বীৰাৰ মাক ছাছা মাকোভিয়ে ইনষ্টাগ্ৰামত বৰ্ণনা কৰিছিল যে 'যদি মোৰ কিবা অঘটন ঘটে, তেন্তে কোনোৱে যাতে তেওঁৰ সন্তানক নিজৰ কন্যা হিচাপে আদৰি লয়।’ কিয়েভৰ ছাছাই লগতে কয় যে, 'এনে কৰাৰ সময়ত মোৰ হাতখন বহুত কঁপি উঠিছিল৷'

আন এজন ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে লিখিছিল যে 'মই মোৰ পুত্ৰৰ (২.৫ বছৰ) বাবেও এনেদৰে নাম-ঠিকনা লিখিছিলোঁ আৰু কান্দিছিলোঁ।'

আন কিছুমানে কৈছিল যে তেওঁলোকে তেওঁলোকৰ সন্তানৰ কাপোৰত জৰুৰীকালীন যোগাযোগৰ বিৱৰণৰ লিখি দিছিল বা আন কিছুমানে আকৌ ব্ৰেছলেট তৈয়াৰ কৰি তেওঁলোকৰ নাম ঠিকনা সুৰক্ষিত কৰিব বিচাছিল। টুইটাৰত ইউক্ৰেইনৰ এজন পিতৃয়ে তেওঁৰ কণমানীজনীৰ টি-শ্বাৰ্টৰ এখন ছবি শ্বেয়াৰ কৰি লিখিছিল: 'মোৰ ৫ বছৰীয়া ছোৱালীজনীয়ে এই টি-শ্বাৰ্ট পিন্ধি আছিল৷'

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ