--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : 'এয়াই তোমালোকৰ চিন৷ তোমালোকক সুৰক্ষিত কৰাৰ এয়াই এতিয়া একমাত্ৰ পন্থা।’ সন্তানৰ পিঠিত জৰুৰীকালীন যোগাযোগৰ বিৱৰণ লিখি তেওঁলোকক সুৰক্ষিত কৰিবলৈ চেষ্টা কৰিছে এতিয়া একাংশ ইউক্ৰেইনৰ দুৰ্ভগীয়া বাসিন্দাই৷ যুদ্ধই জৰ্জৰিত কৰা দেশখনত নিজৰ প্ৰাণ বচাবলৈ একাংশই দেশ এৰিছে, একাংশই প্ৰতিদিনে সলনি কৰিছে ঠিকনা আন একাংশই আকৌ যুদ্ধত নিজকেই দেশৰ বাবে উৎৰ্সগা কৰাৰ পণ লৈছে৷ এনে সময়তে সকলোতকৈ ক্ষতিগ্ৰস্ত হৈছে শিশুসকল৷ 

শেহতীয়াকৈ ইউক্ৰেইনৰ অভিভাৱকসকলে তেওঁলোক যুদ্ধত নিহত হ'লে তেওঁলোকৰ শিশুসকলৰ সুৰক্ষা নিশ্চিত কৰিবলৈ এক অন্য পন্থা হাতত লৈছে৷ তাৰ ভিতৰত তেওঁলোকৰ সন্তানৰ শৰীৰত জৰুৰীকালীন যোগাযোগৰ বিৱৰণ লিখি ৰাখিবলৈ আৰম্ভ কৰিছে তেওঁলোকে। এই হৃদয়বিদাৰক ছবি এতিয়া ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে৷ পিতৃ- মাতৃয়ে তেওঁলোকৰ সন্তানৰ কাপোৰ আৰু পিঠিত নম্বৰ লিখিছে যাতে সংঘৰ্ষৰ সময়ত তেওঁলোক অনাথ হ'লে তেওঁলোকক উদ্ধাৰ কৰিব পাৰে।

ইউক্ৰেইনৰ সাংবাদিক আনাস্তাচিয়া লাপাটিনাই টুইটাৰত এনে এখন ফটো শ্বেয়াৰ কৰি কয়: 'ইউক্ৰেইনৰ মাতৃসকলে তেওঁলোকৰ সন্তানৰ শৰীৰত তেওঁলোকৰ পৰিয়ালৰ বিষয়ে বিতং তথ্য লিখি ৰাখিবলৈ আৰম্ভ কৰিছে৷ যদি তেওঁলোক নিহত হয় আৰু শিশুটো জীয়াই থাকে তেতিয়া যাতে উদ্ধাৰকাৰী দলে জানিব পাৰে যে, তেওঁলোক কাৰ সন্তান৷ 

টুইটাৰত শ্বেয়াৰ কৰা আলোকচিত্ৰখনত বীৰা নামৰ এজনী সৰু ছোৱালীক দেখা গৈছিল যাৰ জন্ম তাৰিখ কণমানিজনীৰ পিঠিত কলমেৰে লিখা আছিল আৰু তাত কেইবাটাও নম্বৰ আছিল। বীৰাৰ মাক ছাছা মাকোভিয়ে ইনষ্টাগ্ৰামত বৰ্ণনা কৰিছিল যে 'যদি মোৰ কিবা অঘটন ঘটে, তেন্তে কোনোৱে যাতে তেওঁৰ সন্তানক নিজৰ কন্যা হিচাপে আদৰি লয়।’ কিয়েভৰ ছাছাই লগতে কয় যে, 'এনে কৰাৰ সময়ত মোৰ হাতখন বহুত কঁপি উঠিছিল৷'

আন এজন ইনষ্টাগ্ৰাম ব্যৱহাৰকাৰীয়ে লিখিছিল যে 'মই মোৰ পুত্ৰৰ (২.৫ বছৰ) বাবেও এনেদৰে নাম-ঠিকনা লিখিছিলোঁ আৰু কান্দিছিলোঁ।'

আন কিছুমানে কৈছিল যে তেওঁলোকে তেওঁলোকৰ সন্তানৰ কাপোৰত জৰুৰীকালীন যোগাযোগৰ বিৱৰণৰ লিখি দিছিল বা আন কিছুমানে আকৌ ব্ৰেছলেট তৈয়াৰ কৰি তেওঁলোকৰ নাম ঠিকনা সুৰক্ষিত কৰিব বিচাছিল। টুইটাৰত ইউক্ৰেইনৰ এজন পিতৃয়ে তেওঁৰ কণমানীজনীৰ টি-শ্বাৰ্টৰ এখন ছবি শ্বেয়াৰ কৰি লিখিছিল: 'মোৰ ৫ বছৰীয়া ছোৱালীজনীয়ে এই টি-শ্বাৰ্ট পিন্ধি আছিল৷'

FOLLOW US F
POPULAR
FEATURE
TRENDY
বাৰাণসীত বৈঠকত বহিল দুই প্রধানমন্ত্রী
১৫ ছেপ্টেম্বৰৰ পৰা ইউ পি আইত দৈনিক লেনদেনৰ সীমা বৃদ্ধি
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ
কাকপথাৰত জোঁৰ লৈ ওলাই আহিল সহস্রাধিক মৰাণ লোক
ইণ্ডিয়া ফিল্ম ফেষ্টিভেল অফ এলবাৰ্টাত পাৰ্থজিৎ বৰুৱাৰ ‘এ হিষ্ট্ৰী অফ ইণ্ডিয়াছ নৰ্থ ইষ্ট চিনেমা’, শীৰ্ষক গ্ৰন্থ উন্মোচন
'জব উই মেট'ৰ দৰে ঘটিল বাস্তৱ ঘটনা! প্ৰেমিকে প্ৰতাৰণা কৰাত ৰে’লত লগ পোৱা যুৱকৰ সৈতে বিয়াত বহিল যুৱতী