--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দৈনন্দিন জীৱনত কিছুলোকে প্ৰায়ে সন্মুখিন হোৱা এক সমস্যা হৈছে মুখৰ দুৰ্গন্ধ৷ কেৱল দুৰ্গন্ধ ওলোৱা লোকেই নহয়, সেই ব্যক্তিৰ ওচৰলৈ অহা লোকেও অস্বাভাবিক পৰিস্থিতিৰ সন্মুখিন হ'ব লগা হয়৷ অৱশ্যে এইটো সচৰাচৰ প্ৰায় লোকৰে পুৱা হয়, কিয়নো ৰাতিটোৰ ভিতৰতে মুখত যথেষ্ট বেক্টেৰিয়া জমা হয়, যাৰ ফলত ইয়াৰ পৰা দুৰ্গন্ধ ওলাবলৈ আৰম্ভ কৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ ৪ টা বিশেষ উপায় : ১. নিমখ পানী মুখৰ দুৰ্গন্ধৰ পৰা পৰিত্ৰাণ পাবলৈ কুহুমিয়া গৰম পানীত নিমখ পানী মুখৰ ভিতৰ চাফা কৰিব লাগে। এনেদৰে, কেইদিনমান কৰিলে মুখত থকা বেক্টেৰিয়াবোৰ নিঃশেষ হোৱাৰ লগতে দুৰ্গন্ধৰ পৰা উপশম পাব। ২. লং মানুহে খাদ্যৰ সোৱাদ বঢ়াবলৈ লং ব্যৱহাৰ কৰে, কিন্তু ইয়াক চোবাই থাকিও মুখৰ দুৰ্গন্ধ আঁতৰ কৰিব পাৰি। লঙৰ বহুতো ঔষধি গুণ আছে, যাৰ ফলত বেক্টেৰিয়াৰ সংখ্যা হ্ৰাস হয় আৰু মুখখন সতেজ কৰি ৰাখে। ৩. পানী মুখৰ পৰা ওলোৱা দুৰ্গন্ধ আঁতৰাবলৈ যথেষ্ট পৰিমাণে পানী খোৱাটো উচিত৷ কিয়নো ইয়াৰ জৰিয়তে বেছিভাগ বেক্টেৰিয়া মুখৰ পৰা বাহিৰলৈ ওলাই আহে আৰু ইয়াৰ সংখ্যাও হ্ৰাস হয়। পানীত নেমুৰ ৰস মিহলি কৰি সেৱন কৰিলেও লাভ কৰিব পাৰি সুফল। ৪. ডালচেনি সাধাৰণতে প্ৰায় সংখ্যক লোকৰ ঘৰতে ডালচেনি ব্যৱহাৰ কৰা হয়৷ মুখৰ পৰা দুৰ্গন্ধ ওলোৱা লোকে ডালচেনি চোবোৱাৰ অভ্যাস কৰিলে মুখৰ দুৰ্গন্ধ আঁতৰি যোৱাৰ লগতে বেক্টেৰিয়াৰ বিকাশো হ্ৰাস হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
'জোনমণি ৰুণজুন, তেতিয়া চকুত জোন...', জুবিনৰ গীতৰ জোনমণিৰ সৰু কালৰ ফটো প্রকাশ
অপৰাধমূলক গোচৰৰ বিচাৰ প্ৰক্ৰিয়া দৈনন্দিন কৰক, উচ্চ ন্যায়ালয়সমূহক উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশ
বাতিল হ'ল তামুলপুৰৰ ডিমিলাপাৰ সাৰ্বজনীন দূৰ্গা পূজাৰ সকলো ধৰণৰ সাংস্কৃতিক অনুষ্ঠান
৫০ সহস্রাধিক মটকে কঁপালে ডিকম-লাহোৱাল, জনজাতিকৰণ অবিহনে ক্ষান্ত নোহোৱাৰ হুংকাৰ
যোৰহাট ষ্টেডিয়ামত ৩ দিন ধৰি হ'ব শ্রদ্ধাঞ্জলি-অনুষ্ঠান, মুখ্যমন্ত্ৰী ড° শৰ্মাৰ আনুষ্ঠানিক ঘোষণা
কাটিগড়াত দুৰ্গাপূজা কমিটিসকলক ৰাজ্য চৰকাৰৰ অনুদান স্বৰূপ চেক বিতৰণ
কাইলৈ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ অন্ত্যেষ্টিক্ৰিয়া ; সৰুসজাইৰ পৰা সোণাপুৰলৈ জুবিনৰ অন্তিম যাত্ৰা
শোণিতপুৰৰ বালিপৰাত নিৰ্মাণ কৰা হ'ব অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ প্ৰতিমূৰ্তি
শেষকৃত্যৰ ১৩ দিনৰ পাছত যোৰহাটত চিতাভস্ম লৈ হ'ব ৰাজ্য চৰকাৰৰ অনুষ্ঠান
চন্দনৰ তপ্ত চিতা! অজস্ৰজনৰ উচুপনিৰে কায়িক বিদায় জুবিনদাৰ
সোণাপুৰৰ জুবিনৰ সমাধিথলীত আজিও অব্যাহত আছে জনস্ৰোত
জুবিনৰ ৰহস্যজনক মৃত্যু! গুৱাহাটী উচ্চ ন্যায়ালয়ত ৰাজহুৱা স্বাৰ্থ জড়িত আবেদন দাখিল
ইতিহাস হ'ল জুবিন
শেষকৃত্যথলীত উদ্ভাসিত সমন্বয়ৰ ছবি, জাতীয় বস্ত্ৰৰে জুবিন গাৰ্গক শ্রদ্ধাঞ্জলি