--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : দৈনন্দিন জীৱনত কিছুলোকে প্ৰায়ে সন্মুখিন হোৱা এক সমস্যা হৈছে মুখৰ দুৰ্গন্ধ৷ কেৱল দুৰ্গন্ধ ওলোৱা লোকেই নহয়, সেই ব্যক্তিৰ ওচৰলৈ অহা লোকেও অস্বাভাবিক পৰিস্থিতিৰ সন্মুখিন হ'ব লগা হয়৷ অৱশ্যে এইটো সচৰাচৰ প্ৰায় লোকৰে পুৱা হয়, কিয়নো ৰাতিটোৰ ভিতৰতে মুখত যথেষ্ট বেক্টেৰিয়া জমা হয়, যাৰ ফলত ইয়াৰ পৰা দুৰ্গন্ধ ওলাবলৈ আৰম্ভ কৰে। এনে সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ ৪ টা বিশেষ উপায় : ১. নিমখ পানী মুখৰ দুৰ্গন্ধৰ পৰা পৰিত্ৰাণ পাবলৈ কুহুমিয়া গৰম পানীত নিমখ পানী মুখৰ ভিতৰ চাফা কৰিব লাগে। এনেদৰে, কেইদিনমান কৰিলে মুখত থকা বেক্টেৰিয়াবোৰ নিঃশেষ হোৱাৰ লগতে দুৰ্গন্ধৰ পৰা উপশম পাব। ২. লং মানুহে খাদ্যৰ সোৱাদ বঢ়াবলৈ লং ব্যৱহাৰ কৰে, কিন্তু ইয়াক চোবাই থাকিও মুখৰ দুৰ্গন্ধ আঁতৰ কৰিব পাৰি। লঙৰ বহুতো ঔষধি গুণ আছে, যাৰ ফলত বেক্টেৰিয়াৰ সংখ্যা হ্ৰাস হয় আৰু মুখখন সতেজ কৰি ৰাখে। ৩. পানী মুখৰ পৰা ওলোৱা দুৰ্গন্ধ আঁতৰাবলৈ যথেষ্ট পৰিমাণে পানী খোৱাটো উচিত৷ কিয়নো ইয়াৰ জৰিয়তে বেছিভাগ বেক্টেৰিয়া মুখৰ পৰা বাহিৰলৈ ওলাই আহে আৰু ইয়াৰ সংখ্যাও হ্ৰাস হয়। পানীত নেমুৰ ৰস মিহলি কৰি সেৱন কৰিলেও লাভ কৰিব পাৰি সুফল। ৪. ডালচেনি সাধাৰণতে প্ৰায় সংখ্যক লোকৰ ঘৰতে ডালচেনি ব্যৱহাৰ কৰা হয়৷ মুখৰ পৰা দুৰ্গন্ধ ওলোৱা লোকে ডালচেনি চোবোৱাৰ অভ্যাস কৰিলে মুখৰ দুৰ্গন্ধ আঁতৰি যোৱাৰ লগতে বেক্টেৰিয়াৰ বিকাশো হ্ৰাস হয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ