--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বিশ্বযুদ্ধৰ অভ্যুত্থানৰ মাজতে ইউক্ৰেইনৰ দম্পতীয়ে আয়োজন কৰে বিয়াৰ৷ ৰাছিয়াৰ সৈতে চলি থকা ভয়ংকৰ যুদ্ধৰ সময়ত ছ’চিয়েল মিডিয়াত ইউক্ৰেইনৰ দম্পতীৰ কাহিনী এতিয়া চৰ্চিত হৈছে। দম্পতীহালে বিমান আক্ৰমণৰ চাইৰেনৰ মাজত ৰাজধানী কিয়েভৰ এটা মঠত বিবাহপাশত আবদ্ধ হয়। বিশেষ কথাটো হ'ল যে বিয়াৰ পাছত কইনা আৰু দৰাই তেওঁলোকৰ দেশৰ সুৰক্ষাৰ বাবে প্ৰতিৰক্ষা কেন্দ্ৰলৈ যোৱাৰ সিদ্ধান্ত লৈছিল। দম্পতীহালে ২০১৯ চনত এটা প্ৰতিবাদৰ সময়ত ইজনে-সিজন লগ পাইছিল আৰু তেতিয়াৰ পৰাই দুয়ো প্ৰেমৰ সম্পৰ্কত গঢ়ি তুলিছিল। দম্পতীহালে তেওঁলোকৰ বিয়াখন আকৰ্ষণীয়ভাৱে আয়োজনৰ পৰিকল্পনা কৰিছিল যদিও ৰাছিয়াৰ আক্ৰমণে সকলো বিশৃংখলতাৰ সৃষ্টি কৰিছিল৷ কিন্তু তাৰ মাজতো হাৰ মনা নাছিল প্ৰেমিকযুগলে৷ আক্ৰমণ, যুদ্ধৰ মাজতে দুয়ো বিবাহপাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত লয়। কিয়েভ নগৰ পৰিষদৰ উপ-বিষয়া হিচাপে নিযুক্তিত থকা ২১ বছৰীয়া য়াৰিনা আৰিভা আৰু ২৪ বছৰীয়া ছফ্টৱেৰ অভিযন্তা চিয়াভেটোস্লাভ ফুৰ্চিনে কিয়েভৰ ছেইণ্ট মাইকেল মঠত বিবাহপাশত আবদ্ধ হয়৷ যুদ্ধৰ এই পৰিস্থিতিত তেওঁলোকৰ ভৱিষ্যৎ কি হ'ব, সেয়া কোনেও নাজানে। সেয়েহে দুয়োজনে যুদ্ধ আৰম্ভ হোৱাৰ লগে লগে বিবাহপাশত আবদ্ধ হোৱাৰ সিদ্ধান্ত লয়৷ অৱশ্যে বিয়াৰ সময়ত দম্পতীহালক যথেষ্ট দুখী দেখা গৈছিল আৰু পৰিৱেশটো যথেষ্ট উদ্বিগ্ন আছিল। অনুষ্ঠানৰ সময়ত আকাশত এয়াৰ ষ্ট্ৰাইক চাইৰেন প্ৰতিধ্বনিত হৈছিল আৰু ৰাছিয়াৰ সৈন্যই ইউক্ৰেইনৰ ৰাজধানীত নিৰন্তৰ মিছাইল নিক্ষেপ কৰি আছিল। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি য়াৰিনা আৰিভাই কৈছিল, ‘এইটো আপোনাৰ জীৱনৰ আটাইতকৈ সুখৰ মুহূৰ্ত, কিন্তু এতিয়া যেতিয়া আপুনি বাহিৰলৈ যায়, আপুনি এয়াৰ ষ্ট্ৰাইক চাইৰেনৰ শব্দ শুনিব পাব। আমি আমাৰ দেশৰ বাবে যুঁজ দিবলৈ সংকল্পবদ্ধ। এই সময়ছোৱাত আমাৰ মৃত্যু হ'ব পাৰে, কিন্তু প্ৰথমে আমি এজন হ'ব বিচাৰিছিলো।’ দুয়োজনে তেওঁলোকৰ বিবাহৰ পিছত দেশৰ সুৰক্ষাৰ বাবে স্থানীয় আঞ্চলিক প্ৰতিৰক্ষা কেন্দ্ৰলৈ যাবলৈ সন্মত হৈছিল। ‘আমি যিসকলক ভালপাওঁ আৰু আমি আমাৰ জন্মভূমিক সুৰক্ষা দিব লাগিব,’ আৰিয়ে ভায়ে কয়।

FOLLOW US F
POPULAR
FEATURE
TRENDY
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক