--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: নিৰ্বাচনী ধুমুহাই আকাশ কঁপাইছে মহাৰাষ্ট্ৰৰ৷ মহাৰাষ্ট্ৰ বিধানসভা নিৰ্বাচনৰ বাবে মনোনয়ন দাখিল কৰিছে শিৱসেনাৰ মুৰব্বী তথা মুখ্যমন্ত্ৰী একনাথ সিন্ধে। একনাথ সিন্ধে কোপৰি পাচপাখৰী আসনৰ পৰা মনোনয়ন দাখিল কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে। 

মনোনয়ন দাখিল কৰাৰ সময়ত তেওঁৰ সৈতে পৰিয়ালৰ সদস্যৰ লগতে উপ মুখ্যমন্ত্ৰী আৰু বিজেপি নেতা দেৱেন্দ্ৰ ফাডনৱিছো উপস্থিত থাকে। মুখ্যমন্ত্ৰীগৰাকীক সমৰ্থন কৰিবলৈ শিৱসেনাৰ বহু নেতা-কৰ্মীও উপস্থিত থাকে। মনোনয়ন দাখিল কৰাৰ পাছতে শিৱসেনাৰ শক্তিৰ প্ৰদৰ্শন কৰি এক ডাঙৰ ৰেলী উলিয়াই। ৰেলীত শিৱসেনাৰ নেতা, বিধায়ক আৰু সাংসদ সকলেও অংশগ্ৰহণ কৰে।

মুখ্যমন্ত্ৰী একনাথ সিন্ধে মনোনয়ন দাখিলৰ সময়ত প্ৰদান কৰা শপতনামা অনুসৰি ২০১৮-১৯ বৰ্ষৰ তুলনাত ২০২৩-২৪ বৰ্ষত প্ৰায় ৫০ শতাংশ আয় হ্ৰাস পাইছে বুলি প্ৰকাশ কৰিছে। ২০২৩-২৪বিত্তীয় বৰ্ষত একনাথ সিন্ধেৰ আয় আছিল ৩৪ লাখ ৮১ হাজাৰ ১৩৫ টকা, যিটো ২০১৮-১৯ চনত আছিল ৬১ লাখ ৮৪১ টকা। একে সমসয়তে বৃদ্ধি পাইছে তেওঁৰ পত্নীৰ আয় ৫৯ শতাংশ বৃদ্ধিৰে ৯,৯৪,০৯৬ টকাৰ পৰা ১৫,৮৩,৯৭২ টকালৈ বৃদ্ধি পাইছে।

মুখ্যমন্ত্ৰী সিন্ধেৰ শপতনামা অনুসৰি তেঁওৰ হাতত নগদ ২৬ হাজাৰ টকা থকাৰ লগতে ১.৪৪ কোটিৰ আধিকাৰী হোৱাৰ বিপৰীতে পত্নীৰ হাতত নগদ ২ লাখ টকা আৰু ৭.৭৭ কোটি টকাৰ অধিকাৰী। ইয়াৰ উপৰিও মুখ্যমন্ত্ৰীৰ প্ৰায় ১৩.৩৮ কোটি আৰু পত্নীৰ ১৫.০৮ কোটি টকাৰ স্থাৱৰ সম্পত্তি আছে বুলি তথ্য প্ৰকাশ কৰিছে৷ একে সময়তে একনাথ সিন্ধে শপতনামাত তেওঁৰ ৫.২৯ কোটি টকাৰ ঋণ থকাৰ পৰিৱৰ্তে তেওঁৰ পত্নীৰ ৯.৯৯ কোটি ঋণ থকা বুলি প্ৰকাশ কৰিছে।

উল্লেখনীয় যে একনাথ সিন্ধে কোপৰি পাচপাখৰী পৰা ধাৰাবাহিকভাৱে জয়লাভ কৰি অহিছে৷ এই সমষ্টিৰ পৰা আকৌ এবাৰ নিজৰ ভাগ্য পৰীক্ষা কৰিবলৈ ওলাইছে একনাথ সিন্ধে৷ সিন্ধেৰ সৈতে নিৰ্বাচনী যুঁজ হ’ব উদ্ধৱ গোটৰ কেদাৰ দিঘেৰ লগত৷ উদ্ধৱ ঠাকৰেৰ সৈতে বিবাদৰ পাছত এই নিৰ্বাচন অগ্নিপৰীক্ষাতকৈ কম নহ’ব একনাথ সিন্ধেৰ বাবে। 

এই বিবাদৰ পাছত একনাথ সিন্ধে যেতিয়া প্ৰথমবাৰৰ বাবে বিধানসভালৈ গৈছিল তেতিয়া শিৱসেনাৰ বিধায়কসকলক প্ৰতিশ্ৰুতি দিছিল যে তেওঁ ৮০খন আসনৰ ৪০খন আসনতে জয়ীহৈ আহিব, নহ’লে তেওঁ কৃষি কৰ্ম কৰিব। এই প্ৰতিশ্ৰুতি পালন কৰিব পাৰিবনে একনাথ সিন্ধে, সেয়া সময়ে ক’ব৷

FOLLOW US F
POPULAR
FEATURE
TRENDY
হালধি আৰু গুৰ একেলগে খোৱাৰ অদ্ভুত লাভালাভৰ বিষয়ে আপুনি জানেনে?
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ