--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: বজাৰত মুকলি হ’ল এপলৰ নতুন সংস্কৰণ আইফোন-১৬৷ আমেৰিকাৰ কোম্পানী এপলে এ.আই(Artificial Intelligence)ৰ বাবে নিৰ্মান কৰা নতুন আইফোন বজাৰত মুকলি কৰাৰ কেইঘণ্টামানৰ পাছতে মঙলবাৰে টেক জায়ান্ট হুৱেইয়ে বিশ্বৰ প্ৰথমটো ট্ৰাইফল্ড ফোন মুকলি কৰিছে৷ 

চীনৰ টেক জায়ান্ট দক্ষিণৰ শ্বেনজেন চহৰত থকা ফাৰ্মখনৰ মুখ্য কাৰ্যালয়ত হুৱেইৰ কাৰ্যবাহী ৰিচাৰ্ড ইউৰ উপস্থিতিত আনুষ্ঠানিকভাৱে মুকলি কৰে মেট এক্সটি। মেট এক্সটি মূলতঃ নিৰ্দিষ্ট গ্ৰাহকৰ বাবে প্ৰিমিয়াম ফোন হিচাপে ডিজাইন কৰা হৈছে৷মুকলিৰ পূৰ্বে তিনি মিলিয়নতকৈ অধিক লোকে মেট এক্সটি ক্ৰয় কৰাৰ বাবে অগ্ৰীম পঞ্জীয়ন কৰিছিল বুলি উল্লেখ কৰিছে। ফোনটো ২০ ছেপ্টেম্বৰৰ পৰা আনুষ্ঠানিকভাৱে বিক্ৰীৰ বাবে মুকলি কৰা হ’ব বুলি সদৰি কৰিছে।

ৰিচাৰ্ড ইউয়ে লগতে কয় যে গণ উৎপাদন আৰু পণ্যৰ নিৰ্ভৰযোগ্যতাৰ সন্দৰ্ভত সমস্যা সমাধানৰ বাবে প্ৰচেষ্টা চলাই থকাৰ কথা সদৰি কৰে।
এপলে কৃত্ৰিম বুদ্ধিমত্তাৰ বাবে নিৰ্মিত আইফোন ১৬ ঘোষণা কৰাৰ এদিন পিছতে ইয়াৰ মুকলি কৰা হৈছে৷ বিক্ৰী বৃদ্ধি আৰু প্ৰযুক্তিৰ দৌৰত খোজ মিলাবৰ বাবে একে সময়তে মুকলি কৰা হয় বুলি সদৰি কৰিছে৷

জানো আহক আইফোন-১৬ আৰু মেট এক্সটিৰ বিষয়ে সবিশেষ-

iPhone 16
মুকলি তাৰিখ: ১০ ছেপ্টেম্বৰ, ২০২৪
মূল বৈশিষ্ট্যসমূহ-
A18 চিপ: উন্নত ৩-নেনোমিটাৰ প্ৰযুক্তি ব্যৱহাৰ কৰি, অধিক দ্ৰুত কাৰ্যক্ষমতা।
AI বৈশিষ্ট্যসমূহ: নতুন AI সক্ষমতা উপলব্ধ।
মূল্য: বেছ মডেলৰ বাবে $৭৯৯ আৰু প্ৰ' মেক্সৰ বাবে $১১৯৯।

Huawei Mate XT
মুকলি তাৰিখ: ১০ ছেপ্টেম্বৰ, ২০২৪
মূল বৈশিষ্ট্যসমূহ:
ট্ৰাই-ফোল্ড ডিজাইন: এক অনন্য তিনি ভাঁজ কৰিব পৰা ফোন।
AI বৈশিষ্ট্যসমূহ: পাঠ অনুবাদ আৰু ক্লাউড-ভিত্তিক কণ্টেণ্ট সৃষ্টি।
মূল্য: প্ৰায় $২৮০০।
প্ৰি-অৰ্ডাৰ: ঘোষণা কৰাৰ কেইঘণ্টাৰ ভিতৰতে ৩.৬ নিযুত প্ৰি-অৰ্ডাৰ।

দুয়োটা ফোনেই আধুনিক প্ৰযুক্তিৰ উৎকৃষ্টতা প্ৰদৰ্শন কৰিছে আৰু বিভিন্ন বজাৰ খণ্ডৰ বাবে লক্ষ্য কৰি লৈছে। iPhone 16 দ্ৰুত কাৰ্যক্ষমতা আৰু AI সক্ষমতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে ইয়াৰ পৰিৱৰ্তে Mate XT উদ্ভাৱনী ডিজাইন আৰু তিনি ভাঁজ কৰা বৈশিষ্টৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ