--°C
Loading...
Listen to Article
2 min read
80%

মুছফিক হুছেইনঃ অসমীয়া সংগীত জগতত বৰ্তমান বহুতো যুৱ কণ্ঠশিল্পীয়ে সংগীতৰ নতুন সোৱাদ দিবলৈ সক্ষম হৈছে আৰু শ্ৰোতা-দৰ্শকেও গানৰ এক সুন্দৰ ধাৰা উপভোগ কৰিবলৈ সক্ষম হৈছে৷ একাংশ নৱ-প্ৰজন্মৰ বৰ্তমান সৃষ্টি সঁচাকৈ লেখত ল’বলগীয়া, সেয়া লাগিলে সাহিত্য অথবা মনোৰঞ্জনেই নহওঁক কিয়! বিশেষকৈ সংগীতৰ ক্ষেত্ৰখনক আৰু এখোজ আগুৱাই নিয়াত যুৱ প্ৰজন্মৰ অৰিহণা যথেষ্ট আছে৷

শেহতীয়াকৈ যুৱ প্ৰজন্মৰ এগৰাকী উদীয়মান কণ্ঠশিল্পী সিদ্ধাৰ্থ হাজৰিকাৰ( Siddharth Hazarika)কণ্ঠত মুক্তি পালে 'বনকুঁৱৰী' নামৰ এটা সুন্দৰ লিৰিকেল ভিডিঅ’৷ ১৬ অক্টোবৰত গীতটোৱে ইউটিউবত মুক্তি লাভ কৰাৰ পাছতে শ্ৰোতাই গীতটিৰ প্ৰতি ইতিবাচক সঁহাৰি আগবঢ়াইছে৷ গীতটোৰ কণ্ঠ, সুৰ আৰু সংগীত সিদ্ধাৰ্থ হাজৰিকাৰ৷ উল্লেখ্য যে, সিদ্ধাৰ্থ হাজৰিকাই ইয়াৰ পূৰ্বেও কেইবাটাও সুমধুৰ গীত শ্ৰোতাক উপহাৰ দিছে।

উদীয়মান কণ্ঠশিল্পী সিদ্ধাৰ্থ হাজৰিকা

অসমীয়া কেইবাখনো ছবি যেনে 'চিঞৰ', 'মিছন চাইনা', 'দূৰ', 'কেলেণ্ডাৰ', 'প্ৰিয়াৰ প্ৰিয়', 'নিজানৰ গান' আদিত গান গাইছে। 'দূৰ' চিনেমাখনৰ সংগীত পৰিচালনাও কৰিছিল সিদ্ধাৰ্থ হাজৰিকাই। উল্লেখ্য যে 'কেলেণ্ডাৰ'ত গোৱা গীতৰ বাবে তেওঁক 'প্ৰাগ চিনে এৱাৰ্ড-২০১৮'ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটাৰে সন্মানিত কৰা হৈছিল।

সিদ্ধাৰ্থ হাজৰিকাক 'প্ৰাগ চিনে এৱাৰ্ড-২০১৮'ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ বঁটাৰে সন্মানিত কৰা হৈছিল

'চিঞৰ' চিনেমাত গোৱা 'অকোৱা পকোৱা এই বাটে' শীৰ্ষক গীতটিৰ বাবে তেওঁ শ্ৰোতাৰ মাজত বিশেষ পৰিচিতি লাভ কৰিবলৈ সক্ষম হৈছিল। বনকুঁৱৰীৰ গীতৰ কথা কস্তুৰী বৰঠাকুৰৰ(Kasturi Borthakur) আৰু দৰ্শকেও বনকুঁৱৰীৰ গীতৰ কথাক লৈ প্ৰশংসাৰে উপচাই পেলাইছে৷ উল্লেখ্য যে,কস্তুৰী বৰঠাকুৰে লিখা প্ৰথম গীতটি আছিল 'টোপাল টোপাল' (Toopal Toopal)। গীতটি গাইছিল সত্যব্ৰত কলিতাই। জনপ্ৰিয় কণ্ঠশিল্পী বৰ্ণালী কলিতাৰ 'দৰিকা দিচাং' শীৰ্ষক বিহুসুৰীয়া গীতটিও পৰাগ লাহনৰ সৈতে দ্বৈতভাবে লিখিছিল কস্তুৰীয়ে। 'বনকুঁৱৰী' কস্তুৰী বৰঠাকুৰে লিখা তৃতীয়টো মুক্তিপ্ৰাপ্ত গীত। বনকুঁৱৰীৰ লিৰিকেল ভিডিঅ'টি প্ৰস্তুত কৰিছে অম্বৰীশ বৰকটকীয়ে।

বনকুঁৱৰী (Bonkunwori)গীতটি শুনিবলৈ ইয়াত ক্লিক কৰক

https://www.youtube.com/watch?v=ZSWDGOrmkGk

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ