--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মুম্বাইৰ ছাণ্টাক্ৰুজ অঞ্চলৰ হোটেল গ্যালাক্সিত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। দেওবাৰে আবেলি সংঘটিত অগ্নিকাণ্ডত এতিয়ালৈকে  তিনিজন লোকৰ মৃত্যু হৈছে। অগ্নিকাণ্ডৰ ফলত  কমেও পাঁচজন লোক আহত হৈছে বুলি জানিব পৰা গৈছে।  কেইবা খনো অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।  হোটেলখনৰ ভিতৰত কেইবাজনো লোক আৱদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে। আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীয়ে তেওঁলোকক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আছে।

দেওবাৰে দুপৰীয়া প্ৰায় ১ বজাত ছাণ্টাক্ৰুজৰ হোটেল গ্যালাক্সিত এই অগ্নিকাণ্ড সংঘটিত হয়। চাৰিখন অগ্নি নিৰ্বাপক বাহিনীৰ  গাড়ী ঘটনাস্থলীলৈ গৈ জুই নুমুৱাবলৈ চেষ্টা কৰে। জুই ইতিমধ্যে নিয়ন্ত্ৰণলৈ অনা হৈছে। অগ্নি নিৰ্বাপক বাহিনীৰ এজন বিষয়াই প্ৰকাশ কৰা মতে  আঠজন লোকক উদ্ধাৰ কৰা হৈছে আৰু তেওঁলোকক  ওচৰৰ কুপাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁলোকৰ মাজৰে  পাঁচজনৰ অৱস্থা সংকটজনক।

উল্লেখ্য শনিবাৰে তামিলনাডুত চলন্ত ৰে’লত গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ পিছত দুটা ডবাত জুই লাগিছিল। ঘটনাটোত আঠজন লোক নিহত হৈছিল। সেই অগ্নিকাণ্ডৰ ঘটনাটো  তামিলনাডুৰ মাদুৰাইত সংঘটিত হৈছিল। ৰে'লৱে সূত্ৰই জনোৱা অনুসৰি আইআৰচিটিচিৰ বিশেষ ৰে'ল ভাৰত গৌৰৱ এক্সপ্ৰেছত সেই  দুৰ্ঘটনাটো সংঘটিত হয়। বিশেষ ৰে’লখন উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ পৰা ৰামেশ্বৰমলৈ গৈ আছিল। বিশেষ ৰে’লখনত উত্তৰ প্ৰদেশৰ পৰা যোৱা  বহু  তীৰ্থযাত্ৰী আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
৬৭ দেশত নাটনি হ’ব চিকিৎসকৰ; WHOৰ প্রতিবেদনত উদ্বেগজনক তথ্য প্রকাশ
পোষ্টপেইড প্লেনত এপল আইক্লাউড+, এপল টিভি আৰু এপল আর্কেড সংযোজন কৰাৰ কথা ঘোষণা এয়াৰটেলৰ
বুছান আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত ‘নিউ কাৰেণ্টছ বঁটা’ৰ বাবে বিচাৰক হিচাপে নিৰ্বাচিত ৰীমা দাস
আজিৰ পৰা কেন্দ্ৰীয় মন্ত্ৰী পৰিষদৰ দুদিনীয়া চিন্তন বৈঠক
এগৰাকী সংবাদকৰ্মী হিচাপে ঈশ্বৰপুত্ৰক হেৰুওৱাৰ সময়ৰ অভিজ্ঞতা
৫ মাহত চীনলৈ ৯৬০ কোটি ডলাৰৰ সামগ্ৰী প্ৰেৰণ, ব্রিক্‌ছৰ ৪ ৰাষ্ট্ৰলৈ ভাৰতৰ ৰপ্তানি ৩৪%লৈ বৃদ্ধি
সোণাপুৰৰ জুবিনক্ষেত্ৰত আজিৰে পৰা তিনিদিনীয়া কাৰ্যসূচীৰে জুবিন দিৱস
দক্ষিণ শালমাৰাৰ এখন ঘৰ বজ্ৰপাতত সম্পূৰ্ণৰূপে ভস্মীভূত
লিডুত ডেৰ কোটি টকাৰ ড্ৰাগছ জব্দ; দুজনক গ্ৰেপ্তাৰ
ৰাজ্যজুৰি উলাহ; আজি বিশ্বকর্মা পূজা
ডুমডুমাত নৃশংস হত্যাকাণ্ড; দাৰে ঘপিয়াই পত্নীক হত্যা,কন্যাকো হত্যাৰ চেষ্টা এজন লোকৰ
কাছাৰত অপহৃত যুৱকক উদ্ধাৰ আৰক্ষীৰ; ২জনক আটক
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা