--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ  মুম্বাইৰ ছাণ্টাক্ৰুজ অঞ্চলৰ হোটেল গ্যালাক্সিত ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হৈছে। দেওবাৰে আবেলি সংঘটিত অগ্নিকাণ্ডত এতিয়ালৈকে  তিনিজন লোকৰ মৃত্যু হৈছে। অগ্নিকাণ্ডৰ ফলত  কমেও পাঁচজন লোক আহত হৈছে বুলি জানিব পৰা গৈছে।  কেইবা খনো অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ীয়ে জুই নিৰ্বাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে।  হোটেলখনৰ ভিতৰত কেইবাজনো লোক আৱদ্ধ হৈ থকা বুলি জানিব পৰা গৈছে। আৰক্ষী আৰু অগ্নি নিৰ্বাপক বাহিনীৰ কৰ্মীয়ে তেওঁলোকক উদ্ধাৰ কৰিবলৈ চেষ্টা কৰি আছে।

দেওবাৰে দুপৰীয়া প্ৰায় ১ বজাত ছাণ্টাক্ৰুজৰ হোটেল গ্যালাক্সিত এই অগ্নিকাণ্ড সংঘটিত হয়। চাৰিখন অগ্নি নিৰ্বাপক বাহিনীৰ  গাড়ী ঘটনাস্থলীলৈ গৈ জুই নুমুৱাবলৈ চেষ্টা কৰে। জুই ইতিমধ্যে নিয়ন্ত্ৰণলৈ অনা হৈছে। অগ্নি নিৰ্বাপক বাহিনীৰ এজন বিষয়াই প্ৰকাশ কৰা মতে  আঠজন লোকক উদ্ধাৰ কৰা হৈছে আৰু তেওঁলোকক  ওচৰৰ কুপাৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। তেওঁলোকৰ মাজৰে  পাঁচজনৰ অৱস্থা সংকটজনক।

উল্লেখ্য শনিবাৰে তামিলনাডুত চলন্ত ৰে’লত গেছ চিলিণ্ডাৰ বিস্ফোৰণ হোৱাৰ পিছত দুটা ডবাত জুই লাগিছিল। ঘটনাটোত আঠজন লোক নিহত হৈছিল। সেই অগ্নিকাণ্ডৰ ঘটনাটো  তামিলনাডুৰ মাদুৰাইত সংঘটিত হৈছিল। ৰে'লৱে সূত্ৰই জনোৱা অনুসৰি আইআৰচিটিচিৰ বিশেষ ৰে'ল ভাৰত গৌৰৱ এক্সপ্ৰেছত সেই  দুৰ্ঘটনাটো সংঘটিত হয়। বিশেষ ৰে’লখন উত্তৰ প্ৰদেশৰ লক্ষ্ণৌৰ পৰা ৰামেশ্বৰমলৈ গৈ আছিল। বিশেষ ৰে’লখনত উত্তৰ প্ৰদেশৰ পৰা যোৱা  বহু  তীৰ্থযাত্ৰী আছিল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
এছিয়া কাপ আজিৰ পৰা ৮ দলৰ যুঁজ, ইউ এ ইত ভাৰতৰ উদ্যোগত আয়োজন
RSSৰ ২৭জন কৰ্মীৰ বিৰুদ্ধে গোচৰ, কেৰালাৰ মন্দিৰত পুষ্পসজ্জিত কার্পেটত 'অপাৰেশ্যন সিন্দূৰ'ৰ চিহ্ন
বাংলাদেশত দুর্গা পূজাত অস্থিৰতা সৃষ্টিৰ ষড়যন্ত্র চলিছে
আপোনাৰ WhatsApp তো আহিছে নেকি 'M PARIVAHAN' নামৰ মোবাইল App?  ১ মিনিটতে আপোনাৰ বেংক একাউণ্ট হ'ব পাৰে খালী
শিৱসাগৰত ড্ৰাগছ সৰবৰাহকাৰীক আটক! ৬৬গ্ৰাম ড্ৰাগছ জব্দ
পঞ্জাবত বানত ১৩ হাজাৰ কোটি টকাৰ ক্ষতি
খাদ্য খোৱাৰ পাছত পাণ চোবাই খালে লাভ কৰিব বহুত উপকাৰ
প্ৰেম বিবাহৰ ৭৭ দিনৰ পাছত সুখী নৱবিবাহিত দম্পতীৰ ৰহস্যজনক আত্মহনন! দুয়োটা পৰিয়ালত তীব্ৰ মানসিক আঘাত
নিজ দলৰ নেতাক সমালোচনা কৰাৰ পৰিণতি;  কে কবিতাক BRSৰ পৰা বহিষ্কাৰ
ওমৰ খালিদ, শ্বার্জিল ইমামৰ জামিন নামাঞ্জুৰ
দীপক মিট্টাল ইউ এ ইত ভাৰতৰ পৰৱৰ্তী ৰাষ্ট্ৰদূত
আগষ্টত ২০০০ কোটি UPI লেনদেন
ভয়ংকৰ আৰ্থিক সংকট! লীজত দিব টোকোলাইৰ ঐতিহাসিক ভৱন
৭ ছেপ্টেম্বৰত হ’ব চন্দ্ৰগ্ৰহণ! জ্যোতিষৰ মতে গৰ্ভৱতী মহিলাই কৰিব নালাগে এই ৪টা ভুল