--°C
Loading...
Listen to Article
2 min read
80%

ডি়জিটেল ডেস্কঃ কিছুমান ভিডিঅ'ই মানুহৰ হৃদয়স্পৰ্শ কৰি যায়। সিঁচি যায় সুখানুভূতি। মাত্ৰ কেইছেকেণ্ডমানৰ এটা ভিডিঅ'ই সকলোৰে অন্তৰ জয় কৰিছে। ভিডিঅ'টোত দেখা গৈছে এটা সদ্যজাত দেৱশিশু আৰু এগৰাকী মহিলা চিকিৎসক। কোনো এখন হাস্পতালৰ ভিতৰত মহিলা চিকিৎসকগৰাকীৰ কোলাত দেখা গৈছে সদ্যজাত দেৱ শিশুটিক। মহিলা চিকিৎসকগৰাকীয়ে সদ্যজাত শিশুটিৰ সৈতে খুব মন দি কথা পাতিছে। শিশুটিয়েও যেন মন দি শুনিছে চিকিৎসকগৰাকীয়ে কৈ যোৱা প্ৰতিটো কথা। কোনো আমনি নাই, কোনো কান্দোন নাই। চকুকেইটাৰে পিৰিক পাৰাককে চাই শিশুটিৱে যেন মহিলা চিকিৎসকগৰাকীয়ে কোৱা কথাবোৰ বুজিবলৈ যত্ন কৰিছে।

চিকিৎসকগৰাকীৰ মুখত শুনা গৈছে বাংলা ভাষা। চিকিৎসকগৰাকীয়ে আদৰসনা কৰ্তৃত্বসুলভ ভংগীৰে শিশুটিক বাংলা ভাষাত কৈছে “বুজিছনে..এনেদৰে শান্ত হৈ থাকিবি। মাক আমনি নকৰিবি। তই গুড বয় হয় ন? ভাল ল'ৰাই মাকক আমনি নকৰে।ভাল ল'ৰাই এনেদৰে শান্ত হৈ থাকে। কিছুপৰ ৰৈ মহিলা চিকিৎসকগৰাকীয়ে শিশুটিলৈ চাই পুনৰ কৈছে- “তোক মই বকি থকা নাই দেই, বুজাই হে আছোঁ কথাবোৰ। তই বুজিব পাৰিছ নে নাই।” আলফুলীয়া দেৱ শিশুটিয়ে চিকিৎসকগৰাকীৰ সকলো কথাই বুজি পোৱা নিচিনাকৈ তেওঁৰ মুখলৈ চাই আছে।

https://youtu.be/OHym9sxNVJU

এই সুন্দৰ ভিডিঅ’টো ক’ৰ আৰু কেতিয়াৰ সেয়া স্পষ্ট হোৱা নাই কিন্তু ই ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বহুলোকেই শ্বেয়াৰ কৰিছে ভিডিঅ’টো। এদিন যেতিয়া শিশুটি ডাঙৰ হ'ব, কথাবোৰ বুজি পোৱা হ'ব তেতিয়া সি পৃথিৱীলৈ অহা প্ৰথম দিনটোৰ ভিডিঅ' দেখি নিশ্চয়কৈ আৱেগিক হৈ পৰিব।

আৰু পঢ়কঃ যাদৱ পায়েঙৰ দৰে তামিলনাডুতো আছে এজন মানুহ; তেওঁৰ বিষয়ে জানো আহক


FOLLOW US F
POPULAR
FEATURE
TRENDY
শৰীৰ এৰাৰ পাছত আত্মাৰ থাকে নেকি ভোক-পিয়াহ? গৰুড় পুৰাণৰ এই ৰহস্য আপুনি জানেনে?
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি
মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীয়ে দিলে সেউজ সংকেত; পশ্চিমবংগত স্থাপন হ’ব ক্ষেপণাস্ত্ৰ পৰীক্ষণ ক্ষেত্র
ফ্রিজত চিকেন কিমান দিন সুৰক্ষিত থাকে? জানক সঠিক নিয়ম