--°C
Loading...
Listen to Article
2 min read
80%

ডি়জিটেল ডেস্কঃ কিছুমান ভিডিঅ'ই মানুহৰ হৃদয়স্পৰ্শ কৰি যায়। সিঁচি যায় সুখানুভূতি। মাত্ৰ কেইছেকেণ্ডমানৰ এটা ভিডিঅ'ই সকলোৰে অন্তৰ জয় কৰিছে। ভিডিঅ'টোত দেখা গৈছে এটা সদ্যজাত দেৱশিশু আৰু এগৰাকী মহিলা চিকিৎসক। কোনো এখন হাস্পতালৰ ভিতৰত মহিলা চিকিৎসকগৰাকীৰ কোলাত দেখা গৈছে সদ্যজাত দেৱ শিশুটিক। মহিলা চিকিৎসকগৰাকীয়ে সদ্যজাত শিশুটিৰ সৈতে খুব মন দি কথা পাতিছে। শিশুটিয়েও যেন মন দি শুনিছে চিকিৎসকগৰাকীয়ে কৈ যোৱা প্ৰতিটো কথা। কোনো আমনি নাই, কোনো কান্দোন নাই। চকুকেইটাৰে পিৰিক পাৰাককে চাই শিশুটিৱে যেন মহিলা চিকিৎসকগৰাকীয়ে কোৱা কথাবোৰ বুজিবলৈ যত্ন কৰিছে।

চিকিৎসকগৰাকীৰ মুখত শুনা গৈছে বাংলা ভাষা। চিকিৎসকগৰাকীয়ে আদৰসনা কৰ্তৃত্বসুলভ ভংগীৰে শিশুটিক বাংলা ভাষাত কৈছে “বুজিছনে..এনেদৰে শান্ত হৈ থাকিবি। মাক আমনি নকৰিবি। তই গুড বয় হয় ন? ভাল ল'ৰাই মাকক আমনি নকৰে।ভাল ল'ৰাই এনেদৰে শান্ত হৈ থাকে। কিছুপৰ ৰৈ মহিলা চিকিৎসকগৰাকীয়ে শিশুটিলৈ চাই পুনৰ কৈছে- “তোক মই বকি থকা নাই দেই, বুজাই হে আছোঁ কথাবোৰ। তই বুজিব পাৰিছ নে নাই।” আলফুলীয়া দেৱ শিশুটিয়ে চিকিৎসকগৰাকীৰ সকলো কথাই বুজি পোৱা নিচিনাকৈ তেওঁৰ মুখলৈ চাই আছে।

https://youtu.be/OHym9sxNVJU

এই সুন্দৰ ভিডিঅ’টো ক’ৰ আৰু কেতিয়াৰ সেয়া স্পষ্ট হোৱা নাই কিন্তু ই ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। বহুলোকেই শ্বেয়াৰ কৰিছে ভিডিঅ’টো। এদিন যেতিয়া শিশুটি ডাঙৰ হ'ব, কথাবোৰ বুজি পোৱা হ'ব তেতিয়া সি পৃথিৱীলৈ অহা প্ৰথম দিনটোৰ ভিডিঅ' দেখি নিশ্চয়কৈ আৱেগিক হৈ পৰিব।

আৰু পঢ়কঃ যাদৱ পায়েঙৰ দৰে তামিলনাডুতো আছে এজন মানুহ; তেওঁৰ বিষয়ে জানো আহক


FOLLOW US F
POPULAR
FEATURE
TRENDY
ঘৰ নিৰ্মাণ কৰাৰ পূৰ্বে জানি লওক ৯টা অতি প্ৰয়োজনীয় পাকঘৰৰ বাস্তু বিধান
মৈৰাবাৰী মহাবিদ্যালয়ত ছাত্র একতা সভাৰ সম্পাদকক শাৰীৰিক আক্ৰমণ প্ৰাক্তন ছাত্রৰ
সঘনাই মূৰৰ বিষ হয় যদি নকৰিব আওকাণ ! ই ইংগিত দিয়ে এই ৬ টা গুৰুতৰ ৰোগৰ...
নুমলীগড় শোধনাগাৰৰ বিৰুদ্ধে এন জি টিৰ গোচৰ
ভাৰত-পাকিস্তানৰ দ্বিপাক্ষিক খেল নহ'ব, আন্তঃৰাষ্ট্ৰীয় প্রতিযোগিতাত নতুন নীতি ঘোষণা ক্রীড়া মন্ত্ৰ্যালয়ৰ
মুখ্যমন্ত্রী ফড়নবিছক সাক্ষাৎ ৰাজ থাকৰেৰ! মহাৰাষ্ট্ৰত পুনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ সম্ভাৱনা
বিখ্যাত সাঁতোৰবিদ বুলা চৌধুৰীৰ ঘৰত ৫ বাৰকৈ চুৰিকাণ্ড! পদ্মশ্ৰী বঁটা, ৰাষ্ট্ৰপতিৰ বঁটা,  কেইবাটাও সোণ, ৰূপ আৰু ব্ৰঞ্জৰ পদক আৰু বিদেশী বঁটা চুৰি
ট্ৰাম্প-পুটিনৰ বৈঠক: ৰাছিয়াৰ Ilyushin Il-96 বিমান আলাস্কাত অৱতৰণ কৰাক লৈ চৰ্চা
বিবেক বসুমতাৰী আৰু পূৰ্ণিমা কৰ্মকাৰলৈ ডাঃ আনন্দ চন্দ্ৰ শৰ্মা ক্ৰীড়া উদগনি বটাঁ ২০২৫ৰ সন্মান
আমি একেলগে মৰিম!  প্ৰেমিকে এই কথা কোৱাৰ পাছত প্ৰেমিকাৰ বিহ খাই মৃত্যু কিন্তু প্ৰেমিকে কৰিলে পলায়ন
প্ৰয়াত স্বামীৰ প্ৰাপ্য অধিকাৰ বিচাৰি আদ্যশ্ৰাদ্ধৰ আগদিনা প্ৰতিবাদত নামিল দুৰ্ভগীয়া পত্নী
মায়ঙত সৰ্প দংশনত মৃত্যু ৭ বছৰীয়া শিশুৰ
আগমনিত ছাগলী চোৰৰ বিলৈ; বিলাসী বাহনেৰে ছাগলী চুৰি কৰি ৰাইজৰ ৰোষত দুই চোৰ
ভতুৱা কুকুৰক চোৱা-চিতা নকৰাৰ বাবে দিল্লী চৰকাৰ, পৌৰ নিগমক সমালোচনা