--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ চানমাৰি অঞ্চলৰ পূব-শৰণীয়া পথত থকা ‘মূৰ্চ্ছনা সংগীত শিক্ষা কেন্দ্ৰ’ই ২০০০ বৰ্ষত প্ৰতিষ্ঠা লাভ কৰি সেই তেতিয়াৰ পৰাই মহানগৰীৰ ভালেমান শিক্ষাৰ্থীক গীটাৰ, পিয়ানো, কী-বৰ্ড, বেহেলা আৰু কণ্ঠ সংগীতৰ প্ৰশিক্ষণ দি আহিছে সংগীত প্ৰতিষ্ঠানখনৰ অধ্যক্ষ তথা সংগীতশিল্পী হিৰণ্য কলিতা আৰু তেওঁৰ পত্নী বৰ্ণালী কলিতাই৷ আন্তঃৰাষ্টীয় শৈক্ষিক, সাংস্কৃতিক প্ৰতিষ্ঠান আৰু পৰীক্ষা পৰিষদ-মিউজিচিয়া আৰ্টছ এণ্ড কালচাৰ কাউন্সিলৰ দ্বাৰা অনুমোদিত, মূৰ্চ্ছনা সংগীত শিক্ষা কেন্দ্ৰই শিক্ষাৰ্থীসকলক তেওঁলোকৰ সম্পূৰ্ণ সংগীতৰ সম্ভাৱনা বিকাশ কৰিবলৈ অনুপ্ৰেৰণা যোগোৱাৰ লগতে মঞ্চত প্ৰদৰ্শন কৰাৰ নিয়মীয়া সুযোগ প্ৰদান কৰি আহিছে৷ 

বিগত বৰ্ষবোৰৰ দৰেই ১৭ জুলাইৰ দিনা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ড০ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত দিনৰ ভাগতে মূৰ্চ্ছনা সংগীত শিক্ষা কেন্দ্ৰৰ বাৰ্ষিক সংগীতানুষ্ঠান শিক্ষাৰ্থী, অভিভাৱক, শুভাকাংক্ষী আৰু সংগীতানুৰাগীৰ উপস্থিতিত অনুষ্ঠিত হৈ যায়৷ শিক্ষাৰ্থীসকলে তেওঁলোকৰ অপৰিসীম প্ৰতিভাৰে এটাৰ পাছত এটা সুমধুৰ অসমীয়া, হিন্দী তথা পাশ্চাত্য সংগীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে৷ অনুষ্ঠানটোৰ আৰম্ভণিতে অসমৰ বিশিষ্ট বাঁহীবাদক পৰমেশ্বৰ বসুমতাৰীয়ে বন্তি প্ৰজ্বলন কৰে৷ ইয়াৰ পাছত অসম তথা ভাৰতবৰ্ষৰ স্বনামধন্য সংগীত শিল্পী ক্ৰমে অপূৰ্ব বেজবৰুৱা, লতা মংগেশকাৰ, বাপ্পী লাহিড়ী আৰু কে কে’ৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷ পৰিস্মিতা বৰদলৈ আৰু মামণি বকতিয়ালে সুন্দৰভাৱে আঁত ধৰা সাংস্কৃতিক অনুষ্ঠানটি আৰম্ভ হৈছিল নভ্যা বাউৰীৰ দ্বাৰা পৰিৱেশিত বিখ্যাত ‘ৰঘুপতি ৰাঘৱ ৰাজা ৰাম...’ ভজনটোৰ সুৰেৰে৷ 

ইয়াৰ লগে লগে চ্যোনী কলিতা, দেবানুজ গগৈ, ধানিষ্ঠা দেৱী, ৰুচিৰ বৰদলৈ, অয়ন কলিতা, পৰিক্ষিত বড়ো, ধৃতিৰাজ কলিতা, প্ৰিয়াংশু শইকিয়া, ডুবৰি কলিতা, নিহাল কাশ্যপ, লভ্যা আগৰৱালা, আৰিয়ন কাশ্যপ গগৈ, তেজাঞ্চি জয়ন্তম, কুনাল দাস, ছেমছ হাজৰিকা, দীপ্তাংশু পাটগিৰি, জৰ্ণভ চক্ৰৱৰ্তী, মৃণাভ চলিহা, মায়াংক চক্ৰৱৰ্তী, মিলিন্দ চৌধুৰী, নিকুঞ্জ বাউৰী, আদি শিক্ষাৰ্থীয়ে গীটাৰ, পিয়ানো আৰু কী ব’ৰ্ডত অসমীয়া, হিন্দী আৰু পাশ্চাত্য সুৰৰ ঝংকাৰ তুলি সাংস্কৃতিক অনুষ্ঠানটি মনোৰম কৰি তোলে৷ অতিথি শিশু শিল্পী নিশিতা কলিতাৰ গীত পৰিৱেশন, দিক্ষিতা পাটগিৰিৰ ভাৰত নাট্যম, নিকিতা দেৱীৰ কথক আৰু য়ুভিকা জে শৰ্মাৰ বিহুনৃত্যই অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷ শেষত ছাত্ৰ-ছাত্ৰীক সংগীত শিক্ষাৰ পৰীক্ষাৰ উত্তীৰ্ণৰ প্ৰমাণ-পত্ৰ আৰু বঁটা প্ৰদান কৰা হয়৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু