--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ গুৱাহাটীৰ চানমাৰি অঞ্চলৰ পূব-শৰণীয়া পথত থকা ‘মূৰ্চ্ছনা সংগীত শিক্ষা কেন্দ্ৰই ২০০০ বৰ্ষত প্ৰতিষ্ঠা লাভ কৰি সেই তেতিয়াৰ পৰাই মহানগৰীৰ ভালেমান শিক্ষাৰ্থীক গীটাৰ, পিয়ানো, কী-বৰ্ড, বেহেলা আৰু কণ্ঠ সংগীতৰ প্ৰশিক্ষণ দি আহিছে সংগীত প্ৰতিষ্ঠানখনৰ অধ্যক্ষ তথা সংগীতশিল্পী হিৰণ্য কলিতা আৰু তেওঁৰ পত্নী বৰ্ণালী কলিতাই৷ আন্তঃৰাষ্টীয় শৈক্ষিক, সাংস্কৃতিক প্ৰতিষ্ঠান আৰু পৰীক্ষা পৰিষদ-মিউজিচিয়া আৰ্টছ এণ্ড কালচাৰ কাউন্সিলৰ দ্বাৰা অনুমোদিত, মূৰ্চ্ছনা সংগীত শিক্ষা কেন্দ্ৰই শিক্ষাৰ্থীসকলক তেওঁলোকৰ সম্পূৰ্ণ সংগীতৰ সম্ভাৱনা বিকাশ কৰিবলৈ অনুপ্ৰেৰণা যোগোৱাৰ লগতে মঞ্চত প্ৰদৰ্শন কৰাৰ নিয়মীয়া সুযোগ প্ৰদান কৰি আহিছে৷ 

বিগত বৰ্ষবোৰৰ দৰেই ১৭ জুলাইৰ দিনা গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ ড০ বাণীকান্ত কাকতি প্ৰেক্ষাগৃহত দিনৰ ভাগতে মূৰ্চ্ছনা সংগীত শিক্ষা কেন্দ্ৰৰ বাৰ্ষিক সংগীতানুষ্ঠান শিক্ষাৰ্থী, অভিভাৱক, শুভাকাংক্ষী আৰু সংগীতানুৰাগীৰ উপস্থিতিত অনুষ্ঠিত হৈ যায়৷ শিক্ষাৰ্থীসকলে তেওঁলোকৰ অপৰিসীম প্ৰতিভাৰে এটাৰ পাছত এটা সুমধুৰ অসমীয়া, হিন্দী তথা পাশ্চাত্য সংগীত পৰিৱেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে৷ অনুষ্ঠানটোৰ আৰম্ভণিতে অসমৰ বিশিষ্ট বাঁহীবাদক পৰমেশ্বৰ বসুমতাৰীয়ে বন্তি প্ৰজ্বলন কৰে৷ ইয়াৰ পাছত অসম তথা ভাৰতবৰ্ষৰ স্বনামধন্য সংগীত শিল্পী ক্ৰমে অপূৰ্ব বেজবৰুৱা, লতা মংগেশকাৰ, বাপ্পী লাহিড়ী আৰু কে কেৰ প্ৰতিচ্ছবিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়৷ পৰিস্মিতা বৰদলৈ আৰু মামণি বকতিয়ালে সুন্দৰভাৱে আঁত ধৰা সাংস্কৃতিক অনুষ্ঠানটি আৰম্ভ হৈছিল নভ্যা বাউৰীৰ দ্বাৰা পৰিৱেশিত বিখ্যাত ‘ৰঘুপতি ৰাঘৱ ৰাজা ৰাম...’ ভজনটোৰ সুৰেৰে৷ 

ইয়াৰ লগে লগে চ্যোনী কলিতা, দেবানুজ গগৈ, ধানিষ্ঠা দেৱী, ৰুচিৰ বৰদলৈ, অয়ন কলিতা, পৰিক্ষিত বড়ো, ধৃতিৰাজ কলিতা, প্ৰিয়াংশু শইকিয়া, ডুবৰি কলিতা, নিহাল কাশ্যপ, লভ্যা আগৰৱালা, আৰিয়ন কাশ্যপ গগৈ, তেজাঞ্চি জয়ন্তম, কুনাল দাস, ছেমছ হাজৰিকা, দীপ্তাংশু পাটগিৰি, জৰ্ণভ চক্ৰৱৰ্তী, মৃণাভ চলিহা, মায়াংক চক্ৰৱৰ্তী, মিলিন্দ চৌধুৰী, নিকুঞ্জ বাউৰী, আদি শিক্ষাৰ্থীয়ে গীটাৰ, পিয়ানো আৰু কী বৰ্ডত অসমীয়া, হিন্দী আৰু পাশ্চাত্য সুৰৰ ঝংকাৰ তুলি সাংস্কৃতিক অনুষ্ঠানটি মনোৰম কৰি তোলে৷ অতিথি শিশু শিল্পী নিশিতা কলিতাৰ গীত পৰিৱেশন, দিক্ষিতা পাটগিৰিৰ ভাৰত নাট্যম, নিকিতা দেৱীৰ কথক আৰু য়ুভিকা জে শৰ্মাৰ বিহুনৃত্যই অনুষ্ঠানৰ সৌষ্ঠৱ বৃদ্ধি কৰে৷ শেষত ছাত্ৰ-ছাত্ৰীক সংগীত শিক্ষাৰ পৰীক্ষাৰ উত্তীৰ্ণৰ প্ৰমাণ-পত্ৰ আৰু বঁটা প্ৰদান কৰা হয়৷





FOLLOW US F
POPULAR
FEATURE
TRENDY
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
আজি গণেশ চতুৰ্থী; কি কৰিব লাগে কি কৰিব নালাগে জানো আহক
পত্নীহন্তা ৰামানুজ গোস্বামীৰ মৃত্যু; নৰকাসুৰ পাহাৰৰ পৰা জপিয়াই পলায়নৰ চেষ্টা কৰোতে দুৰ্ঘটনাত পতিত হৈছিল ৰামানুজ
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ
বকলীয়াঘাটত মানৱ সমাজক লজ্জানত কৰা ঘটনা; কুঁহিয়াৰ বাৰীত উদ্ধাৰ নৱজাতক কন্যা শিশু
জ্বলি থকা চাকিত ধূপকাঠি কিয় জ্বলাব নাপায়? ইয়াৰ আঁৰৰ ধৰ্মীয় কাৰণ জানো আহক
লাহৰীঘাটত চাঞ্চল্য! অসমীয়া যুৱকৰ ওপৰত বঙালীৰ আক্ৰমণ