--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনুপম খেৰ (Anupam Kher) বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেতা। তেওঁ এতিয়ালৈকে বহুতো চলচ্চিত্ৰত কাম কৰিছে আৰু বৰ্তমানেও অভিনয় কৰি আছে। যদিও অনুপমে মুখ্য চৰিত্ৰত অভিনয় নকৰে তথাপিও তেওঁ বিভিন্ন সহায়ক চৰিত্ৰত তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শনেৰে দৰ্শকৰ হৃদয় জয় কৰে। কেতিয়াবা খুড়া বা কেতিয়াবা পিতৃ এনে চৰিত্ৰত অভিনয় কৰি তেওঁ যথেষ্ট জনপ্ৰিয় হৈ পৰিল। 


আজি আমি এই প্ৰবীণ অভিনেতাজনৰ ব্যক্তিগত সম্পত্তিৰ বিষয়ে জনাব বিচাৰিম। অনুপম খেৰৰ ব্যক্তিগত জীৱন তেওঁৰ বিলাসী বাংলোৰ পৰা বিলাসী গাড়ীলৈকে বিস্তৃত। তেওঁৰ ওচৰত বিলিয়ন ডলাৰ আছে। তেওঁ বিলাসী জীৱন যাপন কৰে। দুখৰ বিষয় যে তেওঁৰ কোনো সন্তান নাই। তেন্তে কোনে তেওঁৰ ইমান সম্পত্তি উপভোগ কৰিব?
 
মধুমালতী কাপুৰ

উল্লেখ্য যে অনুপম খেৰ দুবাৰ বিবাহপাশত আৱদ্ধ হৈছে। অনুপমে তেওঁৰ প্ৰথম পত্নী মধুমালতী কাপুৰৰ সৈতে প্ৰায় এবছৰ বাস কৰিছিল। তাৰ পিছত বিশেষ কাৰণত প্ৰথম পত্নীৰ সৈতে বিবাহ বিচ্ছেদ হয় অনুপম খেৰৰ। 

অভিনেতাগৰাকীয়ে ১৯৮৫ চনত দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হৈছিল। দ্বিতীয় পত্নীৰ নাম কিৰণ খেৰ। তেওঁলোকে এতিয়া প্ৰায় ৩৭ বছৰ ধৰি বৈবাহিক সংসাৰ চলাই আছে। তেওঁলোকৰ কোনো সন্তান নাই। 

অনুপম আৰু কিৰণ

সকলোৰে মনলৈ এটা প্ৰশ্ন আহে! ইমান টকা, গাড়ী আৰু ঘৰ থকা স্বত্বেও ভৱিষ্যতে অভিনেতাজনৰ সম্পত্তিৰ গৰাকী কোন হ'ব? জানিব পৰা মতে অনুপম খেৰৰ সকলো সম্পত্তিৰ উত্তৰাধিকাৰী হ'ব ছিকন্দৰ খেৰ। এই ছিকন্দৰ খেৰ কোন? 

ছিকন্দৰ খেৰ

দৰাচলতে অনুপম খেৰে দুবাৰ বিয়া কৰাৰ দৰেই কিৰণ খেৰো দুবাৰ বিবাহপাশত আৱদ্ধ হৈছিল। কিৰণ খেৰৰ প্ৰথম স্বামীৰ নাম গৌতম বেৰী। গৌতম আৰু কিৰণৰ পুত্ৰ ছিকন্দৰ খেৰ। অৰ্থাৎ অনুপম খেৰে তেওঁৰ দ্বিতীয় পত্নী কিৰণ খেৰৰ প্ৰথম স্বামীৰ পুত্ৰ সিকন্দৰ খেৰক তেওঁৰ পুত্ৰৰ মৰ্যাদা প্ৰদান কৰিছে আৰু ছিকন্দৰক তেওঁৰ সকলো সম্পত্তিৰ উত্তৰাধিকাৰী হিচাপে বাছনি কৰিছে।


 

FOLLOW US F
POPULAR
FEATURE
TRENDY
বেংগালুৰু-গুৱাহাটী এক্সপ্ৰেছৰ পৰা বনৰৌৰ ছাল আৰু অংগ-প্ৰত্যংগ উদ্ধাৰ! আন্তৰ্জাতিক বজাৰ মূল্য কেইবা কোটি টকাৰ
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ