--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ অনুপম খেৰ (Anupam Kher) বলীউডৰ অন্যতম জনপ্ৰিয় অভিনেতা। তেওঁ এতিয়ালৈকে বহুতো চলচ্চিত্ৰত কাম কৰিছে আৰু বৰ্তমানেও অভিনয় কৰি আছে। যদিও অনুপমে মুখ্য চৰিত্ৰত অভিনয় নকৰে তথাপিও তেওঁ বিভিন্ন সহায়ক চৰিত্ৰত তেওঁৰ উৎকৃষ্ট প্ৰদৰ্শনেৰে দৰ্শকৰ হৃদয় জয় কৰে। কেতিয়াবা খুড়া বা কেতিয়াবা পিতৃ এনে চৰিত্ৰত অভিনয় কৰি তেওঁ যথেষ্ট জনপ্ৰিয় হৈ পৰিল। 


আজি আমি এই প্ৰবীণ অভিনেতাজনৰ ব্যক্তিগত সম্পত্তিৰ বিষয়ে জনাব বিচাৰিম। অনুপম খেৰৰ ব্যক্তিগত জীৱন তেওঁৰ বিলাসী বাংলোৰ পৰা বিলাসী গাড়ীলৈকে বিস্তৃত। তেওঁৰ ওচৰত বিলিয়ন ডলাৰ আছে। তেওঁ বিলাসী জীৱন যাপন কৰে। দুখৰ বিষয় যে তেওঁৰ কোনো সন্তান নাই। তেন্তে কোনে তেওঁৰ ইমান সম্পত্তি উপভোগ কৰিব?
 
মধুমালতী কাপুৰ

উল্লেখ্য যে অনুপম খেৰ দুবাৰ বিবাহপাশত আৱদ্ধ হৈছে। অনুপমে তেওঁৰ প্ৰথম পত্নী মধুমালতী কাপুৰৰ সৈতে প্ৰায় এবছৰ বাস কৰিছিল। তাৰ পিছত বিশেষ কাৰণত প্ৰথম পত্নীৰ সৈতে বিবাহ বিচ্ছেদ হয় অনুপম খেৰৰ। 

অভিনেতাগৰাকীয়ে ১৯৮৫ চনত দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হৈছিল। দ্বিতীয় পত্নীৰ নাম কিৰণ খেৰ। তেওঁলোকে এতিয়া প্ৰায় ৩৭ বছৰ ধৰি বৈবাহিক সংসাৰ চলাই আছে। তেওঁলোকৰ কোনো সন্তান নাই। 

অনুপম আৰু কিৰণ

সকলোৰে মনলৈ এটা প্ৰশ্ন আহে! ইমান টকা, গাড়ী আৰু ঘৰ থকা স্বত্বেও ভৱিষ্যতে অভিনেতাজনৰ সম্পত্তিৰ গৰাকী কোন হ'ব? জানিব পৰা মতে অনুপম খেৰৰ সকলো সম্পত্তিৰ উত্তৰাধিকাৰী হ'ব ছিকন্দৰ খেৰ। এই ছিকন্দৰ খেৰ কোন? 

ছিকন্দৰ খেৰ

দৰাচলতে অনুপম খেৰে দুবাৰ বিয়া কৰাৰ দৰেই কিৰণ খেৰো দুবাৰ বিবাহপাশত আৱদ্ধ হৈছিল। কিৰণ খেৰৰ প্ৰথম স্বামীৰ নাম গৌতম বেৰী। গৌতম আৰু কিৰণৰ পুত্ৰ ছিকন্দৰ খেৰ। অৰ্থাৎ অনুপম খেৰে তেওঁৰ দ্বিতীয় পত্নী কিৰণ খেৰৰ প্ৰথম স্বামীৰ পুত্ৰ সিকন্দৰ খেৰক তেওঁৰ পুত্ৰৰ মৰ্যাদা প্ৰদান কৰিছে আৰু ছিকন্দৰক তেওঁৰ সকলো সম্পত্তিৰ উত্তৰাধিকাৰী হিচাপে বাছনি কৰিছে।


 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ