--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড বাদশ্বাহ শ্বাহৰূখ খানৰ ৰাজকীয় প্ৰাসাদ 'মন্নত'ৰ নতুন নামফলকখন কিছু দিনৰ পৰা চৰ্চাত আছে। এইবাৰ 'মন্নত' লিখা নামফলকৰ মূল্যসহ কেইবাটাও বিৱৰণি প্ৰকাশ পাইছে। মন কৰিবলগীয়া যে, মুম্বাইৰ সমাদৃত স্থান সমূহৰ ভিতৰত অন্যতম  হৈছে শ্বাহৰূখ খানৰ 'মন্নত'। বহুলোকে দূৰদূৰণিৰ পৰা লৱৰি আহে শ্বাহৰূখৰ ‘মন্নত' চাবলৈ। কিং খানৰ অনুৰাগীসকলৰ বিশেষ আশা নাই। কেৱল 'মন্নত'ৰ সন্মুখত এটা ছেলফীয়ে সুখী কৰি তোলে তেওঁলোকক। এইবাৰ প্ৰিয় তাৰকাগৰাকীৰ প্ৰাসাদৰ সন্মুখত নতুন নামফলক দেখি আৰু অধিক উচ্ছসিত হৈ পৰিছে শ্বাহৰূখ অনুৰাগী।

জানিবলৈ পোৱা মতে,  'মন্নত' লিখা নতুন নামফলকখনৰ ডিজাইন কৰিছে কিং খানৰ পত্নী গৌৰী খানে। গৌৰীৰ তত্বাৱধানতে প্ৰাণ পাই উঠিছে নতুন নামফলকখন। গৌৰী এগৰাকী অতি প্ৰসিদ্ধ ইণ্টেৰিঅ’ৰ ডিজাইনাৰ। বলীউডৰ কেইবাজনো তাৰকাৰ বাসগৃহৰ ডিজাইন কৰি দিছে গৌৰীয়ে। ইফালে, এই নামফলক খনৰ মূল্যও জানিবলৈ পোৱা গৈছে। খবৰ অনুসৰি, নাম ফলকখনৰ মূল্য প্ৰায় ২৫ লাখ টকা। ইনমা মূল্যৰ এই নাম ফলকখন এতিয়া অনুৰাগীৰ বাবে হৈ পৰিছে দৰ্শনীয়। শ্বাহৰূখ অনুৰাগীয়ে আহি ছেলফীৰ বাবে ‘মন্নত’ৰ পদূলিত ভিৰ কৰা বুলি খবৰ ওলাইছে। 

ইফালে শ্বাহৰূখৰ বহু প্ৰতীক্ষিত ছবি 'পাঠান' মুক্তি দিশে। যশ ৰাজ ফিল্মছৰ চলচ্চিত্ৰখনত কিং খানৰ সৈতে যুটি বান্ধিছে দীপিকা পাডুকোনে। 'পাঠান' ছবিখনত খলনায়কৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব জন আব্ৰাহামক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
চাবুৱাত জনতাৰ শিল্পী গাৰ্গৰ আবক্ষমূৰ্তিৰ আধাৰশিলা স্থাপন
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান
কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান দর্শন কৰাৰ পাছত দুয়োখন ৰাজ্যৰ মাজত বন্যপ্রাণী বিনিময়ত আগ্রহ মধ্য প্ৰদেশৰ মুখ্যমন্ত্ৰীৰ
ফ্ৰান্সৰ প্ৰধানমন্ত্ৰী ছেবাষ্টিয়েন লেকাৰ্নুৰ পদত্যাগ, মাত্র ২৭ দিনৰ বাবে কাৰ্যনিৰ্বাহ কৰি অভিলেখ