--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড বাদশ্বাহ শ্বাহৰূখ খানৰ ৰাজকীয় প্ৰাসাদ 'মন্নত'ৰ নতুন নামফলকখন কিছু দিনৰ পৰা চৰ্চাত আছে। এইবাৰ 'মন্নত' লিখা নামফলকৰ মূল্যসহ কেইবাটাও বিৱৰণি প্ৰকাশ পাইছে। মন কৰিবলগীয়া যে, মুম্বাইৰ সমাদৃত স্থান সমূহৰ ভিতৰত অন্যতম  হৈছে শ্বাহৰূখ খানৰ 'মন্নত'। বহুলোকে দূৰদূৰণিৰ পৰা লৱৰি আহে শ্বাহৰূখৰ ‘মন্নত' চাবলৈ। কিং খানৰ অনুৰাগীসকলৰ বিশেষ আশা নাই। কেৱল 'মন্নত'ৰ সন্মুখত এটা ছেলফীয়ে সুখী কৰি তোলে তেওঁলোকক। এইবাৰ প্ৰিয় তাৰকাগৰাকীৰ প্ৰাসাদৰ সন্মুখত নতুন নামফলক দেখি আৰু অধিক উচ্ছসিত হৈ পৰিছে শ্বাহৰূখ অনুৰাগী।

জানিবলৈ পোৱা মতে,  'মন্নত' লিখা নতুন নামফলকখনৰ ডিজাইন কৰিছে কিং খানৰ পত্নী গৌৰী খানে। গৌৰীৰ তত্বাৱধানতে প্ৰাণ পাই উঠিছে নতুন নামফলকখন। গৌৰী এগৰাকী অতি প্ৰসিদ্ধ ইণ্টেৰিঅ’ৰ ডিজাইনাৰ। বলীউডৰ কেইবাজনো তাৰকাৰ বাসগৃহৰ ডিজাইন কৰি দিছে গৌৰীয়ে। ইফালে, এই নামফলক খনৰ মূল্যও জানিবলৈ পোৱা গৈছে। খবৰ অনুসৰি, নাম ফলকখনৰ মূল্য প্ৰায় ২৫ লাখ টকা। ইনমা মূল্যৰ এই নাম ফলকখন এতিয়া অনুৰাগীৰ বাবে হৈ পৰিছে দৰ্শনীয়। শ্বাহৰূখ অনুৰাগীয়ে আহি ছেলফীৰ বাবে ‘মন্নত’ৰ পদূলিত ভিৰ কৰা বুলি খবৰ ওলাইছে। 

ইফালে শ্বাহৰূখৰ বহু প্ৰতীক্ষিত ছবি 'পাঠান' মুক্তি দিশে। যশ ৰাজ ফিল্মছৰ চলচ্চিত্ৰখনত কিং খানৰ সৈতে যুটি বান্ধিছে দীপিকা পাডুকোনে। 'পাঠান' ছবিখনত খলনায়কৰ চৰিত্ৰত দেখিবলৈ পোৱা যাব জন আব্ৰাহামক।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ