--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: জনপ্ৰতিনিধিক নিজ অঞ্চলৰ অভাৱ-অভিযোগৰ আৰ্জী দি দি ভাগৰি পৰিছে সমষ্টিবাসী। নিৰ্বাচনৰ সময়ত দুৱাৰে দুৱাৰে গৈ ভোটভিক্ষা কৰি বিজয়ী হোৱা বিধায়কৰ সময় নাই সমষ্টিবাসীৰ কথা শুনিবলৈ। এটা টেলিকম টাৱাৰ স্থাপনৰ বাবে আৱেদন জনাই দীৰ্ঘদিনে কোনো সুফল নাপালে সমষ্টিবাসীয়ে। অৱশেষত নিজেই টেলিকম টাৱাৰ নিৰ্মাণ কৰি উদঘাটনৰ বাবে নিমন্ত্ৰণ জনালে বিধায়কক।

ওড়িশাৰ কালাহান্দি জিলাৰ বন্ধপৰি পঞ্চায়তৰ লোকসকলে নিজ অঞ্চলত এটা টেলিকম টাৱাৰ স্থাপনৰ বাবে আৱেদন জনাই আহিছে। বন্ধপৰি পঞ্চায়তৰ বাসিন্দাসকলে মোবাইল সংযোগৰ অভাৱত এম্বুলেঞ্চ, শিক্ষাৰ্থীৰ পঢ়া-শুনাকে ধৰি আন তৎকালীন সুবিধাবোৰৰ পৰা বঞ্চিত হোৱা বাবে লাঞ্জিগড়ৰ বিধায়ক প্ৰদীপ কুমাৰ দিশ্বাৰিক এটা বিএছএনএল টাৱাৰ স্থাপনৰ বাবে অনুৰোধ জনাইছিল। বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো বিষয়টো আওকাণ কৰাৰ অভিযোগ উত্থাপিত হয় বিধায়ক দিশ্বাৰিৰ বিৰুদ্ধে। মঙলবাৰে বিধায়ক দিশ্বাৰি বন্ধপৰি পঞ্চায়তলৈ যায়। বিধায়কৰ আগমনৰ খবৰ পাই স্থানীয় বাসিন্দাসকলে ততাতৈয়াকৈ এটা সাংকেতিক টাৱাৰ নিৰ্মাণ কৰে। বাঁহেৰে নিৰ্মাণ কৰা প্ৰতীকি টাৱাৰটো বিধায়ক দিশ্বাৰিয়ে উদ্বোধন কৰিব বুলি অঞ্চলবাসীয়ে বেনাৰো আঁৰি দিয়ে।

বাঁহেৰে নিৰ্মাণ কৰা প্ৰতীকি টাৱাৰ

বিৰোধীক দোষাৰোপ কৰি বিধায়কগৰাকীয়ে কয় যে টেলিকম টাৱাৰ স্থাপনৰ বাবে ওপৰমহলৰ অনুমোদনৰ প্ৰয়োজন। উপায়ুক্তৰ ওচৰত বিষয়টোৰ প্ৰস্তাব আগবঢ়ায়েই নিজৰ দায়িত্ব শেষ বুলি দোহাৰে প্ৰদীপ কুমাৰ দিশ্বাৰিয়ে।

টেলিকম টাৱাৰ এটা স্থাপন নকৰালৈ কোনো মন্ত্ৰী-বিধায়ককে গাঁৱত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব আৰু কোনোবা আহিলেও তেওঁলোকলৈ কণী দলিওৱা হ’ব বুলিও স্থানীয় বাসিন্দাই ক্ষোভ উজাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
দ্রুত গতিত গলিছে হিমালয়ৰ হিমবাহ, হিমালয়ান অঞ্চলত ডাৱৰ বিস্ফোৰণ
স্বদেশলৈ উভতিল শুভাংশু শুক্লা ; প্ৰধানমন্ত্ৰী মোদীক সাক্ষাৎ কৰাৰ সম্ভাৱনা শুভাংশুৰ
উত্তৰ প্ৰদেশৰ এই জিলাৰ নাম হ’ব সলনি! যোগী আদিত্যনাথক অনুৰোধ মধ্য প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীৰ
পাকিস্তানত ২৪ ঘণ্টাত ১৩ শিশুসহ ৩৪০জনৰ মৃত্যু, খাইবাৰ পাখতুনখাৱাত আকস্মিক বানৰ তাণ্ডৱ
২৩ আগষ্টত শনি অমৱস্যা ! এই প্ৰতিকাৰ কৰিলে সকলো সমস্যা হ'ব দূৰ
কোটিপতি অৰ্জুন তেণ্ডুলকাৰ! আপুনি জানেনে জুনিয়ৰ শচীনৰ নেট ৱৰ্থ?
নাৰায়ণপুৰত বানৰ তাণ্ডৱ ; দোৰপাং-দিহিৰি নদীৰ বানত বুৰিল কেবাখনো গাঁও
উৰিয়ামঘাট সীমান্তত উত্তেজনা! সন্দেহজনক লোকৰ ঘৰত দুষ্কৃতিকাৰীৰ অগ্নিসংযোগ, শূন্যলৈ গুলীচালনা নগাৰ
অসমত কৰ্কট চিকিৎসাৰ অভাৱনীয় মাচুল বৃদ্ধি
অহা মাহত ট্ৰাম্পৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক! ভাৰত আৰু আমেৰিকাৰ মাজত উত্তেজনা কমিবনে?
'ঢাকাইপট্টি' হ'লগৈ 'ৰূপকোঁৱৰ চ'ক', মুখ্যমন্ত্ৰীৰ নিৰ্দেশত নগাঁৱৰ আয়ুক্তৰ ব্যৱস্থা
ভাৰতলৈ ভাবুকি নমাই চীন-পাকিস্তানৰ নৌ-সেনাৰ অনুশীলন
ৰঙা খয়েৰৰ অবাধ ক'লা বেপাৰ, বনদস্যুৱে তহিলং কৰিছে সোৱণশিৰিৰ পাৰ
জিৰাৰ পানীয়ে আপোনাক ফিট আৰু স্বাস্থ্যকৰ কৰি তুলিব, এই ৪টা ধৰণে ব্যৱহাৰ কৰক