--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক: জনপ্ৰতিনিধিক নিজ অঞ্চলৰ অভাৱ-অভিযোগৰ আৰ্জী দি দি ভাগৰি পৰিছে সমষ্টিবাসী। নিৰ্বাচনৰ সময়ত দুৱাৰে দুৱাৰে গৈ ভোটভিক্ষা কৰি বিজয়ী হোৱা বিধায়কৰ সময় নাই সমষ্টিবাসীৰ কথা শুনিবলৈ। এটা টেলিকম টাৱাৰ স্থাপনৰ বাবে আৱেদন জনাই দীৰ্ঘদিনে কোনো সুফল নাপালে সমষ্টিবাসীয়ে। অৱশেষত নিজেই টেলিকম টাৱাৰ নিৰ্মাণ কৰি উদঘাটনৰ বাবে নিমন্ত্ৰণ জনালে বিধায়কক।

ওড়িশাৰ কালাহান্দি জিলাৰ বন্ধপৰি পঞ্চায়তৰ লোকসকলে নিজ অঞ্চলত এটা টেলিকম টাৱাৰ স্থাপনৰ বাবে আৱেদন জনাই আহিছে। বন্ধপৰি পঞ্চায়তৰ বাসিন্দাসকলে মোবাইল সংযোগৰ অভাৱত এম্বুলেঞ্চ, শিক্ষাৰ্থীৰ পঢ়া-শুনাকে ধৰি আন তৎকালীন সুবিধাবোৰৰ পৰা বঞ্চিত হোৱা বাবে লাঞ্জিগড়ৰ বিধায়ক প্ৰদীপ কুমাৰ দিশ্বাৰিক এটা বিএছএনএল টাৱাৰ স্থাপনৰ বাবে অনুৰোধ জনাইছিল। বাৰম্বাৰ অনুৰোধ কৰাৰ পাছতো বিষয়টো আওকাণ কৰাৰ অভিযোগ উত্থাপিত হয় বিধায়ক দিশ্বাৰিৰ বিৰুদ্ধে। মঙলবাৰে বিধায়ক দিশ্বাৰি বন্ধপৰি পঞ্চায়তলৈ যায়। বিধায়কৰ আগমনৰ খবৰ পাই স্থানীয় বাসিন্দাসকলে ততাতৈয়াকৈ এটা সাংকেতিক টাৱাৰ নিৰ্মাণ কৰে। বাঁহেৰে নিৰ্মাণ কৰা প্ৰতীকি টাৱাৰটো বিধায়ক দিশ্বাৰিয়ে উদ্বোধন কৰিব বুলি অঞ্চলবাসীয়ে বেনাৰো আঁৰি দিয়ে।

বাঁহেৰে নিৰ্মাণ কৰা প্ৰতীকি টাৱাৰ

বিৰোধীক দোষাৰোপ কৰি বিধায়কগৰাকীয়ে কয় যে টেলিকম টাৱাৰ স্থাপনৰ বাবে ওপৰমহলৰ অনুমোদনৰ প্ৰয়োজন। উপায়ুক্তৰ ওচৰত বিষয়টোৰ প্ৰস্তাব আগবঢ়ায়েই নিজৰ দায়িত্ব শেষ বুলি দোহাৰে প্ৰদীপ কুমাৰ দিশ্বাৰিয়ে।

টেলিকম টাৱাৰ এটা স্থাপন নকৰালৈ কোনো মন্ত্ৰী-বিধায়ককে গাঁৱত প্ৰৱেশ কৰিবলৈ দিয়া নহ’ব আৰু কোনোবা আহিলেও তেওঁলোকলৈ কণী দলিওৱা হ’ব বুলিও স্থানীয় বাসিন্দাই ক্ষোভ উজাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
৫ দিন ধৰি বন্ধ থাকিব দেশৰ বেংক
মাজুলীৰ চৰাইচোঙক এছিয়াৰ প্ৰথমখন সংৰক্ষিত পক্ষী উদ্যানৰূপে স্বীকৃতি গুগলৰ
কামৰূপৰ বামুন্দীত ভূমিকেন্দ্ৰিক সংঘাতৰ চূড়ান্ত ৰূপ; চোকা অস্ত্ৰৰ আক্ৰমণত গুৰুতৰভাৱে আহত দুজন
চেপনৰ জুবিন গাৰ্গৰ বিখ্যাত আমজোপা; গছজোপাৰ তলত বহি জুবিনে লিখিছিল কবিতা, গীত আৰু পাতিছিল কথা
‘জুবিনদা নাই বুলি মোৰ বিশ্বাস নহয়’—মানৱীয়তাৰ ঋণত আৱেগিক শিৱসাগৰৰ শান্তনু বৰা
জুবিনবিহীন এবছৰ; শোকৰ জুইত এতিয়াও দগ্ধ অসমীয়া
গৌৰীসাগৰত ব্ৰইলাৰ কঢ়িওৱা গাড়ী হাইজেক সাতজনীয়া ডকাইতৰ দলৰ
কাছাৰত ১৪ কোটি টকাৰ হেৰ’ইন আৰু য়াবা টেবলেট জব্দ
বিশ্বত এক খর্গযুক্ত গঁড়ৰ সংখ্যা ৪০৭৫টা; কাজিৰঙাতে আছে ২৬শৰো অধিক গঁড়
ডিগবৈত ড্ৰাগছসহ এজন সৰবৰাহকাৰীক আটক
১৬ ছেপ্টেম্বৰত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে এদিনীয়া দল ঘোষণা; সহঃ অধিনায়কৰ দায়িত্বত ৰাহুল
২ কোটি টকাৰে নিৰ্মিত ‘হনুমান অংশ’ই উপাৰ্জন কৰিলে ২৫০ কোটি টকাতকৈও অধিক
পৃথিৱীৰ আটাইতকৈ বিপজ্জনক পক্ষী কেছোৱাৰী! কি বিশেষত্ব আছে পক্ষীবিধৰ?
৯.২%লৈ বৃদ্ধি পাইকাৰী মুদ্রাস্ফীতি