--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লীঃ ‘কন্যাদান নহয় কন্যামান!’ সম্প্ৰতি নামী পোছাকৰ ব্ৰেণ্ড্ৰৰ বিজ্ঞাপনত সমাজৰ প্ৰচলিত নিয়মক প্ৰত্যাহ্বান জনাই সামাজিক মাধ্যমত যোগাত্মক বাৰ্তা প্ৰেৰণ কৰি বিতৰ্কত অভিনেত্ৰী। বিজ্ঞাপনটোৰ অভিনয় বলীউড অভিনেত্ৰী আলিয়া ভাটৰ। শেহতীয়াকৈ বিতৰ্কৰ বিবাদত সোমাই পৰিছে ভাট কন্যা। উল্লেখ্য যে, এই বিজ্ঞাপনটোৰ জৰিয়তে পুৰুষতান্ত্ৰিক সমাজৰ বিৰুদ্ধে বিশেষ বাৰ্তা প্ৰেৰণৰ উদ্যোগ হাতত লোৱা হৈছিল বুলি সদৰী কৰিছে বিজ্ঞাপন নিৰ্মাতা কোম্পানীটোৱে।

কিন্তু সাম কটা নাই উত্তেজনাৰ। বাৰ্তা দিবলৈ গৈ এইবাৰ জনতাৰ ৰোষত জনপ্ৰিয় অভিনেত্ৰীগৰাকী। আলিয়াক ‘হিন্দুবিৰোধী’ বুলিও একাংশই কটাক্ষ কৰিছে। শেহতীয়াকৈ চলি থকা বিতৰ্কক লৈ সৰব হৈ পৰা দেখা গ’ল কংগনা ৰানাৱটক। জ্বলা জুইকুৰাত যেন ঘিহে ঢালিলে কংগনাই। আলিয়াৰ বিৰুদ্ধে ‘হিন্দুবিৰোধী’ অভিযোগৰ ছিটিকনি পৰাৰ পাছতে একে সুৰতে সুৰ মিলাইছে বলীউড কন্ট্ৰ'ভাৰ্ছী কুইনে। সহজ সৰল মানুহখিনিক ঠগিবলৈ ধৰ্মক সজুঁলি হিচাপে ব্যৱহাৰ নকৰিবলৈ সকীয়নি কংগনাৰ। ইয়াৰোপৰি, ‘হিন্দুসকলৰ ৰীতি-নীতি অতি সংবেদনশীল আৰু বৈজ্ঞানিক।

আমাৰ বৈবাহিক ৰীতিমতে এগৰাকী মহিলাই নিজৰ তেজৰ সম্পৰ্ক, গোত্ৰ এৰি আন এটা পৰিয়ালত প্ৰৱেশ কৰে। যাৰ বাবে তেওঁ কেৱল তেওঁৰ পিতৃৰ পৰাই নহয় তেওঁৰ পূৰ্বপুৰুষৰ পৰাও অনুমতি ল'ব লাগিব। যি পূৰ্বপুৰুষৰ তেজ তেওঁৰ শৰীৰত প্ৰবহমান। আৰু পিতৃয়েও কন্যাৰ নতুন জীৱনৰ বাবে অনুমতি তথা আশীৰ্বাদ দিয়ে।‘ কংগনাই এটা পোষ্টত এইদৰে ব্যাখ্যা আগবঢ়ায়। ইয়াৰোপৰি এনে ধৰণৰ বিজ্ঞাপন বৰ্জন কৰাৰ লগতে তেওঁলোকক নাকি লগাব লাগে বুলিও সদৰী কৰে অভিনেত্ৰীগৰাকীয়ে। অৱশ্য়ে এই বিতৰ্ক সন্দৰ্ভত এতিয়াও মুখ খোলা নাই ভাট কন্যাই।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ