--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • যোৱা ১১ বছৰে আমি উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে কাম কৰি আছোঁ আৰু এই অঞ্চলটো ভাৰতৰ বিকাশৰ ইঞ্জিন হ'বলৈ গৈ আছে বুলি মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ।

ডিজিটেল ডেস্কঃ ভাৰতত প্রথম ৰে'ল লাইন নিৰ্মাণৰ ১৭২ বছৰ পাছত শনিবাৰে গুৱাহাটী, কলকাতা আৰু দিল্লীৰ সৈতে ৰে'লযোগে প্রত্যক্ষ যোগাযোগৰ যোগেদি মিজোৰামৰ নাম দেশৰ ৰে'ল মানচিত্ৰত অন্তৰ্ভুক্ত হ'ল। শনিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মিজোৰামৰ প্ৰথমটো ৰে'ল লাইন বৈৰাবী-ছায়ৰংগ ৰে'ল লাইন উদ্বোধন কৰে।


এই ৰে'ল পথটোত আছে ৪৫টা সুৰংগ আৰু ৮৮খন সৰু-বৰ দলং। ইয়াৰ উপৰি এই ৰে'লপথতে আছে ১১৪ মিটাৰ উচ্চতাৰ দেশৰ দ্বিতীয় সর্বোচ্চ পিয়েৰ ব্রীজ। এই দলংখন হৈছে কুটুব মিনাৰতকৈ (৭২ মিটাৰ) ওখ। ২০০৮-২০০৯ চনত অনুমোদন জনোৱা উক্ত ৰে'লপথৰ নিৰ্মাণ আৰম্ভ হৈছিল ২০১৫ চনত। ৫১.৩৮ কিল'মিটাৰ দৈৰ্ঘ্যৰ এই ৰে'লপথটো অসমৰ বৈৰাবীৰ পৰা মিজোৰামৰ ছয়ৰঙলৈ নিৰ্মাণ হৈছে।


আইজলৰ পৰা ২০ কিল'মিটাৰ নিলগৰ ছাইৰং ষ্টেছনৰ উপৰি এই পথত আছে মুৱানখাং, কাউনপুই আৰু হোৰোটকী ষ্টেছন। ৮,০৭০ কোটি টকা ব্যয় সাপেক্ষ এই ৰে'লপথ উদ্বোধন কৰি প্ৰধানমন্ত্ৰী মোদীয়ে শনিবাৰে কয়, 'এয়া কেৱল ৰে'লৰ সংযোগ নহয়, ই হৈছে পৰিৱৰ্তনৰ জীৱনৰেখা। এতিয়াৰ পৰা মিজোৰামৰ কৃষক আৰু ব্যৱসায়ীয়ে দেশৰ অধিক বজাৰৰ সৈতে সম্পৰ্ক কৰিব পাৰিব। শিক্ষা আৰু স্বাস্থ্যৰ বাবে জনসাধাৰণৰ হাতত অধিক বিকল্প থাকিব। ই পর্যটন, পৰিবহণ আৰু আতিথ্য (হস্পিটেলিটি) খণ্ডত কর্মসংস্থানৰ সুযোগ সৃষ্টি কৰিব।' প্রধানমন্ত্রীয়ে আজি আইজলৰ সৈতে দিল্লী (ৰাজধানী এক্সপ্ৰেছ), গুৱাহাটী আৰু কলকাতা সংযোগী তিনিখন এক্সপ্ৰেছ ৰে'লৰো যাত্ৰাৰ শুভাৰম্ভণি কৰে।


প্রধানমন্ত্রী মোদীয়ে আজি মিজোৰামত আৰু কয়, 'বহুদিন ধৰি আমাৰ দেশৰ কিছু ৰাজনৈতিক দলে ভোট বেংকৰ ৰাজনীতি কৰি আহিছে। তেওঁলোকৰ চকু আছিল সেইবোৰ ঠাইত য'ত অধিক ভোট আৰু আসন আছে। মিজোৰামকে ধৰি সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলেই এই দৃষ্টিভংগীৰ বাবে যথেষ্ট ভুগিলে।'


মোদীয়ে আৰু কয়, 'কিন্তু আমাৰ দৃষ্টিভংগী সম্পূর্ণ বেলেগ। যি আগতে অৱহেলিত আছিল, সি এতিয়া সবাতোকৈ আগত। যি আগতে প্রান্তীয় আছিল, তেওঁলোক এতিয়া মূলসুঁতিত। যোৱা ১১ বছৰে আমি উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়নৰ বাবে কাম কৰি আছোঁ আৰু এই অঞ্চলটো ভাৰতৰ বিকাশৰ ইঞ্জিন হ'বলৈ গৈ আছে।' আজি লামুৱাল খেলপথাৰত অনুষ্ঠিত সভাত ৰাজ্যখনৰ ৰাজ্যপাল ভি কে সিং, মুখ্যমন্ত্রী লালডুহোমা আৰু কেন্দ্ৰীয় ৰে'ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱো উপস্থিত আছিল। প্রধানমন্ত্রী মিজোৰামত ৫০০ কোটি টকা ব্যয়সাপেক্ষ আইজল বাইপাছ পথকে ধৰি কেইবাটাও পথ প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ