--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ২০১৪ চনৰ পৰা বিজেপিয়ে যুৱ নেতাসকলক লাহে লাহে প্রাধান্য দিয়া পৰিলক্ষিত হৈছে।

ডিজিটেল ডেস্ক: ভাৰতীয় জনতা পার্টিয়ে (বিজেপি) ইয়াৰ দলীয় সাংগঠনিক দিশৰ দায়িত্ব এতিয়া শক্তিশালী কম বয়সৰ নেতাক প্রাধান্য দিয়াটো পৰিলক্ষিত হৈছে। বিশেষকৈ ৪০-৫৫ বছৰ বয়সৰ নেতাক দলটোৰ সাংগঠনিক নেতৃত্বৰ দায়িত্ব দিবলৈ আৰম্ভ কৰিছে বিজেপিয়ে।


শেহতীয়াকৈ কাৰ্যকৰী সভাপতি হিচাপে অখ্যাত কিন্তু সাংগঠনিক ক্ষেত্রত শক্তিশালী ভূমিকা লোৱা বিহাৰৰ নীতিন নবীনক নিযুক্তি দিয়াটোতেই এই বিষয়টো স্পষ্ট হৈ পৰিছে। অহা বৰ্ষৰ আৰম্ভণিতে বিজেপিয়ে ইয়াৰ পূৰ্বৰ নীতিক সলনি কৰি সমগ্র দেশতে কম বয়সৰ শক্তিশালী নেতাসকলক দলটোৰ সাংগঠনিক দায়িত্ব দিয়াৰ সম্ভাৱনা আছে।


বিজেপিৰ এটা ঘনিষ্ঠ সূত্রই প্রকাশ কৰা মতে নীতিন নবীনক দলটোৱে ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনা আছে। যদি সেইটোৱে বাস্তৱত হয়, তেনেহ'লে বিজেপিয়ে ইয়াৰ সবাতোকৈ কনিষ্ঠতম সভাপতি লাভ কৰিব। ২০১৪ চনৰ পৰা বিজেপিয়ে যুৱ নেতাসকলক লাহে লাহে প্রাধান্য দিয়া পৰিলক্ষিত হৈছে। বিজেপিৰ সূত্ৰটোৱে প্ৰকাশ কৰা মতে, অহা বৰ্ষৰ ১৫ জানুৱাৰীৰ পাছত দলটোৱে নতুন সভাপতি নিৰ্বাচন কৰাৰ পৰৱৰ্তী সময়ত উপ-সভাপতি, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকসকল, সম্পাদক আৰু মুখপাত্ৰসকলৰ নতুন নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰিব।


বিজেপিৰ এজন জ্যেষ্ঠ নেতাই এই বিষয়ত উল্লেখ কৰি কয় যে শেহতীয়া বছৰসমূহত বিজেপিয়ে ৪০ৰ পৰা ৫৫ বছৰ বয়সৰ নেতাসকলক ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় স্তৰত সাংগঠনিক তথা চৰকাৰসমূহত দায়িত্ব দিবলৈ আৰম্ভ কৰিছে। বিশেষকৈ উত্তৰ প্ৰদেশ, বিহাৰ আৰু ছট্টিশগড়ত এই বয়সৰ নেতাসকলক চৰকাৰত মন্ত্ৰীৰ পদো দিয়া হৈছে। সাংগঠনিক দিশত যুৱ-নেতাক প্রাধান্য দিবলৈ ইতিমধ্যে বিজেপিৰ হাইকমাণ্ডে নতুন মুখৰ শক্তিশালী নেতাক বাছনি কৰিছে। পৰৱৰ্তী দশকত যাতে এই যুৱ-নেতাসকলে বিজেপিৰ সাংগঠনিক দিশটো শক্তিশালী কৰি ৰাখিব পাৰে, ইয়াৰ বাবেই দলটোৰ কেন্দ্রীয় নেতৃত্বই এই সিদ্ধান্ত লৈছে। বিজেপিয়ে সদায় প্রজন্মগত পৰিৱৰ্তনত গুৰুত্ব দি আহিছে বুলি সূত্রটোৱে কয়।


২০১৪ চনতো বিজেপিৰ তিনি সর্বোচ্চ নেতা অটল বিহাৰী বাজপেয়ী, এল কে আদবানী আৰু মুৰুলী মনোহৰ যোশীয়েও দলটোৰ সংসদীয় সমিতিত স্থান পোৱা নাছিল আৰু কেন্দ্রীয় নির্বাচন সমিতিতো তেওঁলোকে দখল দিয়া নাছিল। এটা দশকৰ পাছত একে পৰিস্থিতিৰে পুনৰাবৃত্তি হ'ব পাৰে বুলি বিজেপিৰ ঘনিষ্ঠ ৰাজনৈতিক মহলত চর্চা হৈছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
৩ নৱেম্বৰত আমেৰিকাৰ মধ্যকালীন নির্বাচন; ২৫% দক্ষিণ এছীয় ভোটাৰে সমর্থন দিব ডেমক্রেট প্রার্থীক
৩% মৰগীয়া বানচ ঘোষণা, কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰীলৈ সু-খবৰ
বদৰপুৰ ৰে’লৱে দলঙত শিলচৰ–গুৱাহাটী এক্সপ্ৰেছৰ ইঞ্জিন লাইনচ্যুত; পাহাৰীয়া অঞ্চলত ৰে’ল সেৱা ব্যাহত
ওদালগুৰিত চাঞ্চল্য! হিন্দু পৰিচয়ৰে মুছলমান যুৱকে পলুৱাই নিলে খ্ৰীষ্টান বোৱাৰীক
বাস্তুশাস্ত্ৰৰ বিধান: পাকঘৰৰ স্লেবত এই ৪টা বস্তু ৰাখিলে ঘৰত পৰে নেতিবাচক প্ৰভাৱ
ইণ্ডিয়ান ফিল্ম ফেষ্টিভেল-মেলবর্নলৈ ‘ডিয়েৰ আৱা’; গুৰুত্বপূৰ্ণ চৰিত্ৰত মন্ত্ৰী অতুল বৰা
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
য়ুথ অলিম্পিকলৈ অসমৰ উদীয়মান সন্তৰণবিদ তীর্থাংক পেগু