--°C
Loading...
Listen to Article
4 min read
80%

In Short

  • ২০১৪ চনৰ পৰা বিজেপিয়ে যুৱ নেতাসকলক লাহে লাহে প্রাধান্য দিয়া পৰিলক্ষিত হৈছে।

ডিজিটেল ডেস্ক: ভাৰতীয় জনতা পার্টিয়ে (বিজেপি) ইয়াৰ দলীয় সাংগঠনিক দিশৰ দায়িত্ব এতিয়া শক্তিশালী কম বয়সৰ নেতাক প্রাধান্য দিয়াটো পৰিলক্ষিত হৈছে। বিশেষকৈ ৪০-৫৫ বছৰ বয়সৰ নেতাক দলটোৰ সাংগঠনিক নেতৃত্বৰ দায়িত্ব দিবলৈ আৰম্ভ কৰিছে বিজেপিয়ে।


শেহতীয়াকৈ কাৰ্যকৰী সভাপতি হিচাপে অখ্যাত কিন্তু সাংগঠনিক ক্ষেত্রত শক্তিশালী ভূমিকা লোৱা বিহাৰৰ নীতিন নবীনক নিযুক্তি দিয়াটোতেই এই বিষয়টো স্পষ্ট হৈ পৰিছে। অহা বৰ্ষৰ আৰম্ভণিতে বিজেপিয়ে ইয়াৰ পূৰ্বৰ নীতিক সলনি কৰি সমগ্র দেশতে কম বয়সৰ শক্তিশালী নেতাসকলক দলটোৰ সাংগঠনিক দায়িত্ব দিয়াৰ সম্ভাৱনা আছে।


বিজেপিৰ এটা ঘনিষ্ঠ সূত্রই প্রকাশ কৰা মতে নীতিন নবীনক দলটোৱে ৰাষ্ট্ৰীয় সভাপতি হিচাপে নিযুক্তি দিয়াৰ সম্ভাৱনা আছে। যদি সেইটোৱে বাস্তৱত হয়, তেনেহ'লে বিজেপিয়ে ইয়াৰ সবাতোকৈ কনিষ্ঠতম সভাপতি লাভ কৰিব। ২০১৪ চনৰ পৰা বিজেপিয়ে যুৱ নেতাসকলক লাহে লাহে প্রাধান্য দিয়া পৰিলক্ষিত হৈছে। বিজেপিৰ সূত্ৰটোৱে প্ৰকাশ কৰা মতে, অহা বৰ্ষৰ ১৫ জানুৱাৰীৰ পাছত দলটোৱে নতুন সভাপতি নিৰ্বাচন কৰাৰ পৰৱৰ্তী সময়ত উপ-সভাপতি, ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদকসকল, সম্পাদক আৰু মুখপাত্ৰসকলৰ নতুন নাম আনুষ্ঠানিকভাৱে ঘোষণা কৰিব।


বিজেপিৰ এজন জ্যেষ্ঠ নেতাই এই বিষয়ত উল্লেখ কৰি কয় যে শেহতীয়া বছৰসমূহত বিজেপিয়ে ৪০ৰ পৰা ৫৫ বছৰ বয়সৰ নেতাসকলক ৰাজ্যিক আৰু ৰাষ্ট্ৰীয় স্তৰত সাংগঠনিক তথা চৰকাৰসমূহত দায়িত্ব দিবলৈ আৰম্ভ কৰিছে। বিশেষকৈ উত্তৰ প্ৰদেশ, বিহাৰ আৰু ছট্টিশগড়ত এই বয়সৰ নেতাসকলক চৰকাৰত মন্ত্ৰীৰ পদো দিয়া হৈছে। সাংগঠনিক দিশত যুৱ-নেতাক প্রাধান্য দিবলৈ ইতিমধ্যে বিজেপিৰ হাইকমাণ্ডে নতুন মুখৰ শক্তিশালী নেতাক বাছনি কৰিছে। পৰৱৰ্তী দশকত যাতে এই যুৱ-নেতাসকলে বিজেপিৰ সাংগঠনিক দিশটো শক্তিশালী কৰি ৰাখিব পাৰে, ইয়াৰ বাবেই দলটোৰ কেন্দ্রীয় নেতৃত্বই এই সিদ্ধান্ত লৈছে। বিজেপিয়ে সদায় প্রজন্মগত পৰিৱৰ্তনত গুৰুত্ব দি আহিছে বুলি সূত্রটোৱে কয়।


২০১৪ চনতো বিজেপিৰ তিনি সর্বোচ্চ নেতা অটল বিহাৰী বাজপেয়ী, এল কে আদবানী আৰু মুৰুলী মনোহৰ যোশীয়েও দলটোৰ সংসদীয় সমিতিত স্থান পোৱা নাছিল আৰু কেন্দ্রীয় নির্বাচন সমিতিতো তেওঁলোকে দখল দিয়া নাছিল। এটা দশকৰ পাছত একে পৰিস্থিতিৰে পুনৰাবৃত্তি হ'ব পাৰে বুলি বিজেপিৰ ঘনিষ্ঠ ৰাজনৈতিক মহলত চর্চা হৈছে।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ