--°C
Loading...
Listen to Article
3 min read
80%

In Short

  • অসম ভেলী ফার্টিলাইজাৰ কেমিকেলছ কোম্পানী লিমিটেডৰ অধীনত প্রায় ১১ হাজাৰ কোটি টকা ব্যয়ৰে ১২ লাখ মেট্রিকটন ইউৰিয়া উৎপাদক্ষম প্রকল্প হ'ব নামৰূপত।

ডিজিটেল ডেস্ক: এক দীঘলীয়া সংগ্ৰামৰ অন্ত পেলাই এক ঐতিহাসিক ক্ষণৰ সাক্ষী হ'বলৈ গৈ আছে নামৰূপবাসী। নামৰূপত উপস্থিত হ'ব প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী। বহু প্রত্যাশিত নামৰূপ সাৰ কাৰখানাৰ নতুন ইউৰিয়া প্রকল্পৰ শিলান্যাস কৰিব প্রধানমন্ত্রী মোদীয়ে।


অসম ভেলী ফার্টিলাইজাৰ কেমিকেলছ কোম্পানী লিমিটেডৰ অধীনত প্রায় ১১ হাজাৰ কোটি টকা ব্যয়ৰে ১২ লাখ মেট্রিকটন ইউৰিয়া উৎপাদক্ষম প্রকল্প হ'ব নামৰূপত। প্ৰধানমন্ত্ৰীৰ প্ৰস্তাৱিত নামৰূপ আগমন উপলক্ষে এতিয়া একপ্ৰকাৰ অভেদ্য দুর্গত পৰিণত হৈছে নামৰূপ।


কটকটীয়া নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে নামৰূপৰ হাপজানৰ সভাস্থলী। ডেৰলক্ষাধিক লোক সমৱেত হ'ব পৰাকৈ সাজু কৰি তোলা হৈছে সুবিশাল মণ্ডপ। মোতায়েন কৰা হৈছে হাজাৰ হাজাৰ আৰক্ষীৰ জোৱান। প্রধানমন্ত্রী আহিবলগা বায়ুসেনাৰ বিশেষ হেলিকপ্টাৰ যাতে সুকলমে অৱতৰণ কৰিব পাৰে, তাৰ বাবে বায়ুসেনাৰ তিনিখন বিশেষ হেলিকপ্টাৰ সভাস্থলীৰ কাষতে সাজু কৰি তোলা অস্থায়ী হেলিপেডত অৱতৰণৰ অনুশীলন চলোৱাৰ লগতে আকাশমাৰ্গৰ পৰাই সভাস্থলীৰ নিৰাপত্তাৰ দিশসমূহ সূক্ষ্মভাৱে নিৰীক্ষণ কৰে।


ইফালে অসম আৰক্ষীৰ আইন-শৃংখলাৰ আই জি পি অখিলেশ সিঙৰ নেতৃত্বত ৰাজ্যৰ উচ্চ পদস্থ আৰক্ষী বিষয়াসকলে ঘনাই ঘনাই বৈঠকত মিলিত হৈ সভাস্থলীৰ নিৰাপত্তাৰ দিশসমূহত যাতে কোনোধৰণৰ সুৰুঙা থাকিব নোৱাৰে তাৰ বাবে চোকা দৃষ্টি ৰাখিছে। প্রধানমন্ত্রীয়ে সভাস্থলীত প্ৰৱেশ কৰিবলগীয়া পথত তন্ন তন্নকৈ তালাচী চলাইছে এছ পি জিয়ে।


আনহাতে, কালি সভাস্থলীৰ অগ্ৰগতিৰ বুজ ল'বলৈ হাপজানত উপস্থিত হয় ৰাজ্য চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী বিমল বড়া আৰু স্থানীয় বিধায়ক তৰংগ গগৈ। ছেমিকণ্ডাক্টৰ উদ্যোগ স্থাপনৰ পাছত ৰাজ্যৰ উদ্যোগ ক্ষেত্ৰত নামৰূপৰ এই নতুন ইউৰিয়া প্ৰকল্প এক মাইলৰ খুঁটি হিচাপে চিহ্নিত হ'ব বুলি মন্ত্রী বিমল বড়াই উল্লেখ কৰি কংগ্ৰেছৰ দিনত কিবা পাবলৈ জনতাই কেৱল সংগ্রাম কৰিবলগা হৈছিল আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ কাৰ্যকালত উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতি থকা দায়বদ্ধতাৰ ফচল এই নামৰূপৰ নতুন প্রকল্প বুলি উল্লেখ কৰে। ইফালে বিধায়ক তৰংগ গগৈয়ে কয় যে কংগ্ৰেছৰ আমোলত অসমৰ পৰাই কেন্দ্ৰীয় সাৰমন্ত্ৰী আছিল, কিন্তু কোনেও নামৰূপ সাৰকাৰখানাৰ সমস্যা সমধান নকৰিলে। কেৱল মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচেষ্টাত দীর্ঘদিনীয়া সংগ্ৰামৰ অন্ত পেলাই নামৰূপৰ এই নতুন প্রকল্প স্থাপন হৈছে আৰু ৩ বছৰ ৬ মাহৰ ভিতৰত ই সম্পূর্ণ হৈ উঠিব।


আনহাতে, তেওঁ প্ৰধানমন্ত্ৰীৰ সভাস্থলীৰ বাবে মাটি অধিগ্রহণক লৈ সৃষ্টি হোৱা বিতর্ক সন্দৰ্ভত প্রতিক্রিয়া ব্যক্ত কৰি কয় যে প্ৰধানমন্ত্ৰীৰ সভা প্ৰথমবাৰ পথাৰত অনুষ্ঠিত হোৱা নাই। ইয়াৰ পূৰ্বেও হৈছে। কিছু নীতি-নিয়ম থাকে, প্রট'কল থাকে। পথাৰৰ গৰাকীক উচিত ক্ষতিপূৰণ দিয়া হৈছে আৰু আনহতে, সভা শেষ হ'লে পথাৰৰ গৰাকীক পূৰ্বৰ দৰে খেতি কৰিব পৰাকৈ ব্যৱস্থা কৰি দিয়া হ'ব বুলিও তেওঁ ব্যক্ত কৰে।


এই প্রকল্প ৰূপায়িত হ'লে অসম আৰু চুবুৰীয়া ৰাজ্যকেইখনৰ সাৰৰ প্ৰয়োজনীয়তা পূৰণ, আমদানি হ্রাস আৰু নিয়োগ সৃষ্টিৰে অঞ্চলটোৰ উন্নয়নত বিশেষ ভূমিকা গ্রহণ কৰিব।


প্রণিধানযোগ্য যে প্ৰধানমন্ত্ৰীৰ এই ভ্ৰমণৰ পাছতেই ৰাজ্যখনলৈ অহা ২৯ ডিচেম্বৰত আহিব কেন্দ্রীয় গৃহ মন্ত্রী অমিত শ্বাহ। কেন্দ্রীয় মন্ত্ৰী শ্বাহেও বৰদোৱা প্ৰকল্পকে ধৰি কেইবাটাও প্রকল্প মুকলি কৰিব। ক'বলৈ গ'লে বিজেপিয়ে ইতিমধ্যে ৰাজ্যত আৰম্ভ কৰা এই নির্বাচনী ৰণডংকাক লৈ এতিয়া উদ্বিগ্ন হৈ পৰিছে বিৰোধী।


উৎসঃ দৈনিক জনমভূমি



FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰাইমোনা ৰাষ্ট্ৰীয় উদ্যানত বন বিভাগৰ গুলীত নিহত কাঠ মাফিয়া ফুংখা বসুমতাৰী
ষষ্ঠ দিনতো বন্যাৰ্তৰ সাৰথিৰ ৰূপত প্ৰাগ-জনমভূমি পৰিয়াল
প্ৰ’টিনৰ অভাৱ দূৰ কৰে এইকেইবিধ ফলে; আজিয়েই সংযোগ কৰক খাদ্য তালিকাত
নদীবান্ধৰ পানী এৰিলে উজনি অসমত হ’ব ধ্বংসলীলা; দিবাং জলবিদ্যুৎ প্রকল্পক লৈ শংকিত ৰাইজ
মানুহে মানুহৰ বাবে...; বন্যাৰ্তৰ কাষে কাষে প্রাগ-জনমভূমি পৰিয়াল
হিমবাহ গলি উত্তৰাখণ্ডত ৫০০টা নতুন হ্রদ
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ
শোণিতপুৰ কৃষি বিজ্ঞান কেন্দ্ৰৰ কৃষক সজাগতা কৰ্মশালা
সৰ্ব তিৱা ছাত্ৰ সন্থাৰ প্ৰতিনিধি দলৰ মুখ্যমন্ত্ৰীৰে সাক্ষাৎ: জনগোষ্ঠীৰ সমস্যা আলোচনা
ভাৰতৰ বৈদেশিক মুদ্ৰা ভাণ্ডাৰৰ নতুন অভিলেখ: ৬৭৬.২৪ বিলিয়ন ডলাৰলৈ বৃদ্ধি
অসম সাহিত্য সভাৰ গোলাঘাট আৰু যোৰহাটত বান সাহায্য বিতৰণ